ETV Bharat / state

অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে অস্থায়ী সুৰক্ষা কৰ্মীৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 9:48 AM IST

Protest against OIL : অইল ইণ্ডিয়া লিমিটেডৰ বঞ্চনাৰ বলি উজনি অসমৰ হেজাৰ হেজাৰ যুৱক ৷ ললিপপ দি নিৱনুৱা যুৱকৰ দ্বাৰা গুৰু দায়িত্ব আদায় কৰাৰ কৌশল অইলৰ ৷ প্ৰায় 20 বছৰ ধৰি অইলৰ সম্পত্তিৰ সুৰক্ষাৰ দায়িত্বত থকা অস্থায়ী সুৰক্ষা কৰ্মীসকল আজিও বঞ্চিত প্ৰাপ্য লাভৰ পৰা ৷ ভিডিপি চিকিউৰিটিসকলৰ পৰিতোষিক বৃদ্ধি, চাকৰি নিয়মীয়াকৰণ তথা অইলৰ চতুৰ্থ বৰ্গৰ চাকৰিত মকৰল কৰা, অতি কমেও 3 বছৰৰ বকেয়া ধন প্ৰদান কৰা আদি বিভিন্ন দাবীত বৃহস্পতিবাৰে এখন সংবাদমেলযোগে উত্থাপন কৰিছে ভুক্তভোগী যুৱকসকলে ।

Oil India Limited news
সুৰক্ষা কৰ্মীসকলৰ সংবাদমেল
সুৰক্ষা কৰ্মীসকলৰ সংবাদমেল

2 ফেব্ৰুৱাৰী, মৰাণ : দেশৰ সৰ্ব্বোচ্চ লাভজনক তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ক্ষোভ অইলৰ সুৰক্ষাৰ দায়িত্বত থকা সহস্ৰাধিক অস্থায়ী সুৰক্ষা কৰ্মীৰ । অইলৰ সম্পত্তিৰ সুৰক্ষাৰ দায়িত্বত থকা হাজাৰ হাজাৰ যুৱকৰ জীৱন- জীৱিকাক লৈ হেতালি খেলাৰ অভিযোগ অইলৰ বিৰুদ্ধে । অইলৰ প্ৰতাৰণাৰ বিৰুদ্ধে টিংখাঙত বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰে ভুক্তভোগী সুৰক্ষা কৰ্মীসকলে ।

উল্লেখ্য যে, অইল ইণ্ডিয়া লিমিটেডৰ সা-সম্পত্তি সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছে উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ প্ৰায় 2 সহস্ৰাধিক যুৱক । 2002 চনৰ পৰা প্রায় 22 বছৰ ধৰি ঢাল-তৰোৱালবিহীন নিধিৰাম চৰ্দাৰৰ ভূমিকাত তেওঁলোক অৱতীৰ্ণ হৈ আহিছে বুলি অভিযোগ তুলিছে যুৱকসকলে ।

কোনো ধৰণৰ অস্ত্ৰ তথা সা-সুবিধাৰ অবিহনেই 24 ঘন্টাই অতন্দ্ৰ প্ৰহৰীৰ ভূমিকাত অৱতীৰ্ণ হোৱা এইসকল অস্থায়ী নিৰাপত্তাকৰ্মী আজি বিপাঙত পৰিছে । কাৰণ অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষই অতি কৌশলগতভাৱে এইসকল সুৰক্ষা কৰ্মীক গাঁওৰক্ষী বাহিনীৰ আওতাত পেলাই মাহিলী অতি কম মজুৰিৰ বিনিময়ত নিজৰ কাম আদায় কৰি আহিছে বুলি অভিযোগ উঠিছে ।

যিকোনো প্ৰতিকূল পৰিস্থিতিতো নিজৰ জীৱনকো তুচ্ছ কৰি নিৰস্ত্ৰভাৱে কৰ্তব্য সম্পাদন কৰা এইসকল সুৰক্ষা কৰ্মীয়ে এমাহত লাভ কৰে মাত্ৰ তিনি হাজাৰ টকা । অইলৰ পৰা এক নিশ্চিত নিযুক্তি তথা সুৰক্ষিত ভৱিষ্যতৰ আশাত বছৰ-বছৰ ধৰি দায়িত্ব পালন কৰি অহা এইসকল যুৱকে আজিও নিজৰ প্ৰাপ্য লাভ নকৰাত সংবাদমেলযোগে ক্ষোভ উজাৰে ।

সুৰক্ষা কর্মীসকলক অইল আৰু গেছ কোম্পানীয়ে অতি কৌশলপূর্ণভাৱে সংশ্লিষ্ট আৰক্ষী প্ৰশাসনৰ যোগেদি গাঁওৰক্ষী বাহিনী (VDP) ৰ নামত ব্যৱহাৰ কৰি আহিছে বুলি সংবাদমেলত তেওঁলোকে উল্লেখ কৰে । ফলস্বৰূপে চৰকাৰী অনুমোদিত VDP ৰ নীতি নির্দেশনাৰ আধাৰত দিন-ৰাতি একাকাৰ কৰি 24 ঘণ্টাই কর্তব্য পালন কৰা সুৰক্ষা কৰ্মীসকলে উচিত প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিব লগা হৈছে ।

ইয়াৰ প্ৰতিবাদত কিছুদিন পূৰ্বে দুলীয়াজান অইলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সম্মুখত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত কৰ্মৰত সকলো VDP নামধাৰী সুৰক্ষাকর্মীয়ে ঐক্যমতত উপনীত হৈ অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল । সংবাদমেলযোগে উত্থাপিত এই দাবীসমূহ এমাহৰ ভিতৰত পূৰণ নকৰিলে অইল ইণ্ডিয়াৰ বিৰুদ্ধে ধাৰবাহিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ অইল সুৰক্ষা কৰ্মীসকলে সকীয়াই দিয়ে ।

লগতে পঢ়ক: অইলৰ নিযুক্তি কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী ছাত্র মুক্তিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.