ETV Bharat / state

চৰকাৰৰ কামকাজত সন্তুষ্টি প্ৰকাশ ইউ পি এছ চি উত্তীৰ্ণ ঈশ্বৰীৰ: যুৱ প্ৰজন্মক ভোটদানৰ আহ্বান - UPSC results

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 9:12 PM IST

UPSC rank holder: ইউ পি এছ চিত সফলতা অৰ্জন কৰা ঈশ্বৰী ডেকাক তেজপুৰত উষ্ম আদৰণি । ঈশ্বৰীৰ সফলতাত উৎফুল্লিত পৰিয়ালবৰ্গৰ লগতে ওচৰ-চুবুৰীয়া । নৱ প্ৰজন্মৰ ভোটাৰক ভোটদানৰ বাবে ওলাই আহিবলৈ আহ্বান ঈশ্বৰীৰ ।

UPSC rank holder
UPSC results
চৰকাৰৰ কাম-কাজত সন্তুষ্টি প্ৰকাশ ইউ পি এছ চি উত্তীৰ্ণ ঈশ্বৰীৰ

তেজপুৰ, ১৭ এপ্ৰিল: গণতন্ত্ৰত ভোটদান অতি প্ৰয়োজনীয় । সেয়ে নৱ প্ৰজন্মৰ ভোটাৰক ভোটদান কৰিবলৈ আহ্বান জনাইছে ইউ পি এছ চি পৰীক্ষাত সফলতা অৰ্জন কৰা ঈশ্বৰী ডেকাই । মঙলবাৰে ঘোষণা হোৱা ইউ পি এছ চি পৰীক্ষাৰ ফলাফলৰ পিচত বুধবাৰে তেজপুৰৰ নিজগৃহত উপস্থিত হোৱা ডেকাই এই মন্তব্য কৰে । অশেষ কষ্টৰ পিচত অৱশেষত সুফল লাভ কৰা বুলি সংবাদ মাধ্যমৰ সমুখত উল্লেখ কৰে ঈশ্বৰীয়ে ।

তেওঁ কয় যে মৌখিক পৰীক্ষাত তেওঁক অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল । আত্মসহায়ক গোট, গৰুখুটি প্ৰকল্প আদিৰে কেনেদৰে স্বাৱলম্বী হ'ব পৰা যায় সেই সম্পৰ্কেও তেওঁক প্ৰশ্ন কৰা হৈছিল । তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ কামকাজত যথেষ্ট সন্তুষ্ট । বিশেষকৈ মহিলা সৱলীকৰণৰ ওপৰত চৰকাৰে লোৱা পদক্ষেপত সন্তুষ্ট ঈশ্বৰী ।

গুৱাহাটীৰ নতুন পদত কৰ্তব্যৰ দায়িত্ব লৈ আজি তেজপুৰৰ ঘৰলৈ উভতি আহোঁতে চুবুৰীয়া ৰাইজে মাজগাঁৱৰ পৰা চিত্ৰলেখা নগৰৰ নিজগৃহলৈ ঢোলে-দগৰে আদৰি আনে ঈশ্বৰীক । তেজপুৰৰ চিত্ৰলেখা নগৰ নিবাসী তথা ৰঙাপৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডঃ ৰণেন্দ্ৰ মোহন ডেকা আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ভাৰতী দাসৰ কন্যা ঈশ্বৰী ডেকাই মঙলবাৰে ঘোষিত ইউ পি এ চি পৰীক্ষাত ৩২০ স্থানেৰে পুনৰ তেজপুৰৰ লগতে সমগ্ৰ ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত বিত্ত বিভাগত উত্তীৰ্ণ হৈ মঙলবাৰে চাকৰিত যোগদান কৰিবলৈ পিতৃ-মাতৃৰ সৈতে গুৱাহাটীত উপস্থিত থকাৰ সময়তে এই সংবাদ লাভ কৰি উৎফুল্লিত হৈ পৰিছে ঈশ্বৰীৰ লগতে পৰিয়ালবৰ্গ ।

লগতে পঢ়ক: UPSCৰ ফলাফলত জিলিকিল অসমৰ কেবাগৰাকীও প্ৰাৰ্থী - UPSC Result 2023

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.