ETV Bharat / state

ইউ পি পি এল আৰু বি পি এফ বিজেপিৰ পকেটত: ভূপেন বৰা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 10:56 PM IST

LS Election in Assam: কংগ্ৰেছৰ গৰ্জন মুছাহাৰী আৰু অবড়ো সুৰক্ষা সমিতিৰ জোন দাসৰ মনোনয়ন পত্ৰ দাখিল । মনোনয়ন পত্ৰ দাখিল পৰ্বত উপস্থিত হৈ ইউপিপিএল আৰু বিপিএফ বিজেপিৰ পকেটত বুলি উল্লেখ কৰি ভূপেন বৰাই ৷ মুক্ত,নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত হ'লে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিৰ আসন শূণ্য হ'ব বুলি বৰাই দাবী কৰে ।

UPPL and BPF are in BJP's pocket says Bhupen Bora
কংগ্ৰেছৰ গৰ্জন মুছাহাৰীৰ মনোনয়ন দাখিল
কংগ্ৰেছৰ গৰ্জন মুছাহাৰীৰ মনোনয়ন দাখিল

কোকৰাঝাৰ১৭ এপ্ৰিল: অহা ৭ মেত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া এক নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বুধবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰী আৰু অবড়ো সুৰক্ষা সমিতিৰ নিৰ্দলীয় প্ৰাৰ্থী জোন দাসে মনোনয়ন পত্ৰ দাখিল কৰে ৷ কংগ্ৰেছ প্ৰাৰ্থী গৰ্জন মুছাহাৰীয়ে মনোনয়ন দাখিল কৰাৰ পূৰ্বে কোকৰাঝাৰ চহৰৰ হাতীমাথাস্থিত স্বৌৰাং হাইস্কুল খেল পথাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ এক নিৰ্বাচনী সভা ৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জীতেন্দ্ৰ সিঙে নিৰ্বাচনী সভাত অংশ লৈ গৰ্জন মুছাহাৰীৰ হৈ প্ৰচাৰ চলায় ৷ উক্ত সভাৰ পিচতেই কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীয়ে জিলা ৰিটাৰ্ণিং তথা নিৰ্বাচনী বিষয়াৰ হাতত নিজৰ মনোনয়ন দাখিল কৰে ৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত সাংবাদিকৰ আগত মুছাহাৰীয়ে নিজৰ জয় নিশ্চিত বুলি দাবী কৰে ৷

আনহাতে কংগ্ৰেছ প্ৰাৰ্থী গৰ্জন মুছাহাৰীৰ হৈ কোকৰাঝাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই ইউপিপিএল আৰু বিপিএফ বিজেপিৰ পকেটত আৰু বিজেপিৰ বি টিম বুলিও কটাক্ষ কৰে ৷ সাংবাদিকৰ এক প্ৰশ্নত্তোৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন নিকা, স্বচ্ছ আৰু মুক্তভাৱে অনুষ্ঠিত হ'লে বিজেপিৰ আসন শূণ্য হ'ব বুলি মন্তব্য কৰে ভূপেন বৰাই ৷

আনহাতে নিৰ্বাচনী সভাত উপস্থিত থকা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জীতেন্দ্ৰ সিঙে ইউপিপিএল আৰু বিপিএফ দলে বিজেপিৰ এজেন্টৰ দৰে কাম কৰি আছে বুলি কটাক্ষ কৰে ৷ উল্লেখ্য যে বুধবাৰে মনোনয়ন দাখিল কৰা অবড়ো সুৰক্ষা সমিতিৰ নিৰ্দলীয় প্ৰাৰ্থী জোন দাসে বিটিআৰ এলেকাৰ অবড়ো ৰাইজৰ মাটি-বাৰীৰ সমস্যা সমাধান কৰাটোৱেই মূল ইচ্ছ্যু হিচাপে লৈ ৰাইজৰ কাষলৈ যাব বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক: বদৰুদ্দিন আজমলৰ মনোনয়ন দাখিল, জিলা আয়ুক্তৰ বিৰুদ্ধে ক্ষোভ শুকুৰৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.