ETV Bharat / state

মোদীৰ সুযোগ্য নেতৃত্বই প্ৰতিগৰাকী নাগৰিকক শক্তিশালী কৰি তুলিছে: সৰ্বানন্দ সোণোৱাল

Ek Baar Phir Se Modi Sarkar: এইবাৰ পেইণ্টাৰৰ ৰূপত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল । 'আকৌ এবাৰ মোদী চৰকাৰ' শ্লোগানৰ দেৱাল লিখন অভিযান অংশগ্ৰহণ কৰি কেবিনেট মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ জ্যোতিকুছিৰ দেৱালত দলৰ প্ৰতীক চিহ্ন পদুম ফুল অংকন কৰে ৷

মোদীৰ সুযোগ্য নেতৃত্বই প্ৰতিগৰাকী নাগৰিকক শক্তিশালী কৰি তুলিছে : সৰ্বানন্দ সোণোৱাল
মোদীৰ সুযোগ্য নেতৃত্বই প্ৰতিগৰাকী নাগৰিকক শক্তিশালী কৰি তুলিছে : সৰ্বানন্দ সোণোৱাল
author img

By ETV Bharat Assamese Team

Published : February 11, 2024 at 9:43 PM IST

2 Min Read
Choose ETV Bharat
মোদীৰ সুযোগ্য নেতৃত্বই প্ৰতিগৰাকী নাগৰিকক শক্তিশালী কৰি তুলিছে : সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী: সমাগত লোকসভা নিৰ্বাচন 2024 ৷ এইবাৰ পেইণ্টাৰৰ ৰূপত দেখা গ'ল কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালক । মন্ত্ৰীগৰাকীয়ে অতি সুন্দৰভাৱে অংকন কৰিলে দলৰ প্ৰতীক চিহ্ন । 'আকৌ এবাৰ মোদী চৰকাৰ' শীৰ্ষক শ্লোগানৰ দেৱাল লিখন অভিযানৰ অংশস্বৰূপে দেওবাৰে গুৱাহাটীৰ জ্যোতিকুছিৰ ২২ নং ৱাৰ্ডৰ আলপাইন পথত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে দেৱালত অংকন কৰিলে দলৰ প্ৰতীক চিহ্ন পদুম ফুল।

এই কাৰ্যসূচীৰ পাচতে অঞ্চলটোত এখন জনসভা সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী চৰকাৰৰ গুণ-গৰিমা ব্যাখ্যা কৰে। সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয় যে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিৰ্দেশত সমগ্ৰ দেশতে দলৰ কাৰ্যকৰ্তাসকলে দেৱাল লিখনত আত্মনিয়োগ কৰিছে । তাৰেই অংশস্বৰূপে ৰাইজৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দহ বছৰে কৰা ভাল কামৰ ফলস্বৰূপে ভাৰতবৰ্ষই আজি বিশ্বৰ বুকুত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হ'ল। বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ ৰাষ্ট্ৰ হিচাপে ভাৰতে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ল ৷ এয়া সম্ভৱ হৈছে কেৱল প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বৰ বাবে ।

তেওঁ লগতে কয় যে মোদীৰ সুযোগ্য নেতৃত্বই আজি দেশৰ প্ৰতিগৰাকী নাগৰিকক শক্তিশালী কৰি তুলিছে । প্ৰতিগৰাকী নাগৰিকে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰাৰ বাবে এটা শক্তিশালী গণতান্ত্রিক পৰিৱেশ প্ৰদান কৰিছে । ভাৰতবৰ্ষই অমৃত কালত পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে নিজকে গঢ়ি তোলাৰ উদ্দেশে মোদীয়ে জনোৱা আহ্বানক সফল কৰাৰ নিমিত্তে ১৪০ কোটি ভাৰতীয় সংকল্পবদ্ধ হৈছে ৷ বিকশিত ভাৰত সংকল্প যাত্রাই এই কথাই প্ৰমাণ কৰিছে ।

লগতে পঢ়ক: ১৪ ফেব্ৰুৱাৰীতহে ৰজাপুখুৰী শ্যাম গাঁৱলৈ যাব মুখ্যমন্ত্ৰী