ETV Bharat / state

১৪ ফেব্ৰুৱাৰীতহে ৰজাপুখুৰী শ্যাম গাঁৱলৈ যাব মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 5:09 PM IST

CM Visit to in Rajapukhuri : 14 ফেব্ৰুৱাৰীতহে ৰজাপুখুৰীৰ শ্যাম গাঁৱলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীৰ আগমণৰ বাবে ৰজাপুখুৰী শ্যাম গাঁৱৰ ৰাইজে চলাইছে ব্যাপক প্ৰস্তুতি ৷

CM Visit to in Rajapukhuri
ৰজাপুখুৰী শ্যাম গাঁৱত ব্যাপক প্ৰস্তুতি
14 ফেব্ৰুৱাৰীত ৰজাপুখুৰীৰ শ্যাম গাঁৱলৈ আহিব মুখ্যমন্ত্ৰী

সৰুপথাৰ, 11 ফেব্ৰুৱাৰী : 12 ফেব্ৰুৱাৰী নহয়, 14 ফেব্ৰুৱাৰীতহে ৰজাপুখুৰীৰ শ্যাম গাঁৱলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বিশেষ কাৰণত 14 ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছে মুখ্যমন্ত্ৰীৰ ৰজাপুখুৰী শ্যাম গাঁৱৰ কাৰ্যসূচী ৷ এই কথা ৰাইজক আজি অৱগত কৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিয়ে গ্ৰহণ কৰা 'গাঁও চলো' অভিযানৰ অংশস্বৰূপে গোলাঘাট জিলাৰ ৰজাপুখুৰী শ্যাম গাঁৱত 12 ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ কথা আছিল ৷ টুইটযোগে এই কথা সদৰী কৰিছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ কিন্তু দেওবাৰে বিশেষ কাৰণ বশতঃ 12 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 14 ফেব্ৰুৱাৰীতহে ৰজাপুখুৰীত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ’ব বুলি জানিবলৈ দিয়ে স্থানীয় বিধায়কগৰাকীয়ে ৷

ইফালে মুখ্যমন্ত্ৰীৰ আগমণক লৈ ৰজাপুখুৰী শ্যাম গাঁৱৰ ৰাইজে উৎকণ্ঠাৰে বাট চাইছে ৷ মুখ্যমন্ত্ৰীৰ আগমণৰ বাবে ৰজাপুখুৰী শ্যাম গাঁৱৰ ৰাইজে চলাইছে ব্যাপক প্ৰস্তুতি ৷ গাঁওখনত নিশা যাপন কৰিবলগীয়া মুখ্যমন্ত্ৰীগৰাকীৰ বাবে ৰাইজে প্ৰস্তুত কৰিছে বিভিন্ন ধৰণৰ জনজাতীয় খাদ্য সম্ভাৰ ৷ প্ৰশাসনৰ লগতে স্থানীয় বিধায়কগৰাকীৰো তৎপৰতা দেখিবলৈ পোৱা গৈছে ৷

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰজাপুখুৰী শ্যাম গাঁৱত অৱস্থিত অংচা জিলদৈ শ্যাম উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰিছিল চৰকাৰে ৷ এই বিদ্যালয়খনতো উপস্থিত হ’ব মুখ্যমন্ত্ৰীগৰাকী ৷ বিদ্যালয়খনত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সৈতে অন্তৰংগ আলাপত মিলিত হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ইয়াকে লৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ৷

ইতিমধ্যে ৰজাপুখুৰী শ্যাম গাঁৱত বিভিন্ন চৰকাৰী বিষয়া, গোলাঘাট জিলাৰ আৰক্ষী প্ৰশাসন, বিজেপি কৰ্মীকে ধৰি গাঁওবাসীয়ে 14 ফেব্ৰুৱাৰী দিনটোৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে ।
লগতে পঢ়ক : ‘‘১০ চহৰ এক ৰূপায়ণ’’ পৰিকল্পনাত কেবিনেটৰ অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.