ETV Bharat / state

‘‘১০ চহৰ এক ৰূপায়ণ’’ পৰিকল্পনাত কেবিনেটৰ অনুমোদন

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 10:49 PM IST

Cabinet decision : ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দিছপুৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় সিদ্ধান্তসমূহ ৷ পিছে কি এই সিদ্ধান্তসমূহ...

Cabinet decision
ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

আজিৰ (শনিবাৰ) কেবিনেটে ১২ ফেব্ৰুৱাৰীত বিধানসভাত দাখিল হ'বলগীয়া ২০২৪-২৫ বৰ্ষৰ বাজেটত অনুমোদন জনায় । কেবিনেটৰ সিদ্ধান্ত অনুসৰি ডিব্ৰুগড়ৰ নামদাং সংৰক্ষিত বনাঞ্চলত নিৰ্মাণ হ'ব মুকলি চিৰিয়াখানা । ইয়াৰ বাবে ব্যয় কৰা হ'ব ২৫৯ কোটি টকা ।

৫০ হাজাৰ লোকক ৰোজগাৰ দিব এই চিৰিয়াখানাই । এই চিৰিয়াখানাই অসমৰ পৰ্যটন ক্ষেত্ৰৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব । সেইদৰে অসম মিউনিচিপাল এক্ট-১৯৫৬ ৰ সংশোধনী বিধেয়কত আজিৰ কেবিনেটে অনুমোদন জনায় । ইয়াত তিনিটা সেৱাৰ কথা সন্নিবিষ্ট কৰা হৈছে ।

আনহাতে কেবিনেটে '১০ খন চহৰ এক ৰূপায়ণ' নামৰ কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনাত অনুমোদন জনায় । ইয়াৰ দ্বাৰা ৰাজ্যৰ দহখন চহৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনি একেলগে ৰূপায়ণ কৰা হ'ব । তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, নগাঁও, তেজপুৰ, উত্তৰ লখিমপুৰ, শিলচৰ, হাফলং, শিৱসাগৰ আদিকে ধৰি ১০ খন চহৰত একেলগে সকলো আঁচনি ৰূপায়ণ কৰা হ'ব । আজিৰ কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

চিকিৎসাৰ নামত হিলিং কৰা তথা সন্মোহন তথা বেজালি কৰাৰ প্ৰচলিত ব্যৱস্থা নোহোৱা কৰিবৰ বাবে এখন বিধেয়ক অনা হৈছে । আসাম হিলিং প্ৰিভেনচন অফ ৰিভিল প্ৰকটিচ বিধেয়ক-২০২৪ ত আজিৰ কেবিনেটে অনুমোদন জনায় । চিকিৎসাৰ নামত বেজালি নাইবা ঠগবাজি কৰা ৰোধ কৰাৰ বাবে অনা এই বিলখনৰ জৰিয়তে কঠোৰ শাস্তি আৰু জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে । তন্ত্ৰ-মন্ত্ৰ বন্ধ কৰাৰ বাবে অনা হৈছে এই বিল ।

আনহাতে, ভিলেজ ডিফেন্স অৰ্গেনাইজেচনৰ সংশোধনী বিধেয়ক আজিৰ কেবিনেটে অনুমোদন জনায় । সেইদৰে আজিৰ কেবিনেটে অসম সচিবালয়ত নতুনকৈ ৩৫২ টাকৈ পদ সৃষ্টিৰ ক্ষেত্ৰত অনুমোদন জনায় । লগতে আন কেতবোৰ পদ বিলুপ্তিৰ ক্ষেত্ৰত অনুমোদন জনায় ।

লগতে পঢ়ক : ১৩ ফেব্ৰুৱাৰীত আকৌ অসম চৰকাৰে ল'ব ৫০০ কোটিৰ ঋণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.