ETV Bharat / state

১৩ ফেব্ৰুৱাৰীত আকৌ অসম চৰকাৰে ল'ব ৫০০ কোটিৰ ঋণ

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 5:30 PM IST

Updated : Feb 10, 2024, 10:07 PM IST

Etv Bharat
Etv Bharat

Assam Government: ঋণ লৈ ঘি খোৱা নীতিত বিশ্বাসী বিজেপি নেতৃত্বাধীন অসম চৰকাৰে আকৌ ল’ব ঋণ ৷ হিতাধিকাৰী সৃষ্টিৰে একপ্ৰকাৰে অভিলেখ গঢ়া চৰকাৰখনে অহা 13 ফেব্ৰুৱাৰীত ল’ব ৫০০ কোটি টকাৰ ঋণ ৷ ফলত ৭ বছৰত অসমৰ ঋণৰ পৰিমাণ হ’লগৈ ৮০,৩৬৮ কোটি টকা ৷

Assam Government
আকৌ ৫০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী : এফালে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত হাজাৰ হাজাৰ কোটি টকাৰ হিতাধিকাৰী আঁচনি, আনফালে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ অসম চৰকাৰৰ । এই ফেব্ৰুৱাৰী মাহতো অসমৰ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে মুঠ ১৫০০ কোটি টকা ঋণ ল’বলৈ আগবাঢ়িছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইতিমধ্যে চৰকাৰখনে যোৱা ৬ ফেব্ৰুৱাৰীত ১০০০ কোটি টকাৰ ঋণ লৈছে ৷ অহা ১৩ ফেব্ৰুৱাৰীতো ল’ব আন ৫০০ কোটি টকাৰ ঋণ । এই লৈ শেহতীয়াভাৱে অসম বিধান সভাৰ চলিত বাজেট অধিৱেশনতো বিৰোধীৰ দ্বাৰা সদনৰ বাহিৰে-ভিতৰে কঠোৰভাৱে সমালোচিত হৈছে ৰাজ্য চৰকাৰখন ৷ তাৰ প্ৰত্যুত্তৰ দি ঋণ লোৱাৰ সপক্ষে যুক্তিও আগবঢ়াইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে দেশৰ স্বাধীনতাৰ পিচৰে পৰা তৰুণ গগৈ চৰকাৰৰ শেষলৈকে অসমৰ মুঠ ঋণ ৪১,৯৬৪ কোটি টকাৰ ঋণ আছিল অসম চৰকাৰৰ ৷ 2016 চনত অসমত গঠন হয় সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ ৷ বিজেপিয়ে বৰ্তমানলৈকে ৭ বছৰ ধৰি শাসন চলাইছে অসমত ৷ বিজেপি চৰকাৰৰ ৭ বছৰত অসমৰ ঋণৰ পৰিমাণ ৮০,৩৬৮ কোটি টকা ৷

উল্লেখযোগ্য যে ২০১৬ৰ পৰা ২০২১লৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনৰ ৫ বছৰত অসমৰ ঋণৰ মুঠ পৰিমাণ আছিল ৪৮,৮০১ কোটি টকা ৷ আনহাতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া কাৰ্যকালত ৰাজ্যৰ ঋণৰ পৰিমাণ ৩১,৫৬৭ কোটি টকা ৷ ২০২৩-২৪ বর্ষত ২৫,০৫২ কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য বান্ধি লৈছে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ৷

চলিত বৰ্ষৰ ৩১ জানুৱাৰীলৈকে অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হৈছেগৈ ১,৩৬,২৭৬ কোটি টকা ৷ অসম বিধান সভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা তথ্য এয়া ৷ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অহা ১৩ ফেব্ৰুৱাৰীত পুনৰ ৫০০ কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে । তাৰ বাবে বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নালিকাৰে ভাৰতীয় ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱো দাখিল কৰিছে । এইবাৰো ৰাজ্য চৰকাৰে নিৰ্ধাৰিত বণ্ড বন্ধকত দি এই ঋণ ল'ব ।

যোৱা ৬ ফেব্ৰুৱাৰীত লোৱা এহেজাৰ কোটি টকাৰ ঋণকে ধৰি চলিত মাহৰ এটা সপ্তাহৰ ভিতৰতে ৰাজ্য চৰকাৰে লোৱা ঋণৰ পৰিমাণ হ’বগৈ ডেৰ হেজাৰ কোটি টকা ৷ যোৱা জানুৱাৰী মাহতো ৰাজ্য চৰকাৰে ১৭৫০ কোটি টকাৰ ঋণ লৈছিল ৰাজ্য চৰকাৰে । ২০২৪ বৰ্ষৰ প্ৰথমটো সপ্তাহত এক হাজাৰ কোটিৰ ঋণ লয় অসম চৰকাৰে ৷

১৬ জানুৱাৰীত অসম চৰকাৰে আকৌ ল’লে ৭৫০ কোটি টকা ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত সাংবিধানিক ব্যৱস্থা আৰু জি ডি পিৰ আধাৰত যুক্তি প্ৰদর্শন কৰি ঋণ লোৱাৰ সপক্ষে নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ অন্যান্য ৰাজ্যই লোৱা বৃহৎ ঋণৰ পৰিমাণৰ কথাও সদনত উল্লেখ কৰি তুলনামূলক ব্যাখ্যা আগবঢ়ায় ৷

এফালে ৰাজ্যখনত হিতাধিকাৰী আঁচনিৰ নামত হাজাৰ হাজাৰ কোটি টকাৰ খৰছ কৰিছে চৰকাৰে ৷ কেৱল ‘লাখপতি বাইদেউ’ আঁচনিৰ বাবেই ৰাজ্য চৰকাৰে প্ৰায় ৩৯০০ কোটি টকা খৰচ কৰিবলৈ ওলাইছে ৷ বিধান সভাত দাখিল কৰা চৰকাৰী তথ্য অনুসৰি ৰাজ্য চৰকাৰে কেৱল হেলিকপ্টাৰ-চার্টার্ড বিমান ভাড়াতেই যোৱা আঢ়ৈ বছৰত ৫৮ কোটি টকা ব্যয় কৰিছে ৷

এই বিষয়ক লৈয়ো ৰাজ্যৰ বিৰোধী দলসমূহৰ কঠোৰ সমালোচনাৰ লগতে বিভিন্ন পৰ্যায়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিধানসভাৰ মজিয়াত আকাশী উৰণতে ৰাজ্য চৰকাৰে ৫৮ কোটি টকা ব্যয় কৰা প্ৰসংগতো স্পষ্টীকৰণ দিবলৈ বাধ্য হয় মুখ্যমন্ত্ৰীগৰাকী ৷ তাৰ মাজতেই সকলো সমালোচনা-প্ৰতিক্ৰিয়া আওকাণ কৰি ৰাজ্য চৰকাৰে আকৌ ৫০০ কোটি টকা ঋণ ল’বলৈ আগবাঢ়িছে ।

লগতে পঢ়ক: মেধাৱী ছাত্ৰীক স্কুটী প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ

Last Updated :Feb 10, 2024, 10:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.