ETV Bharat / state

এইবাৰ পৰেশ বৰুৱাক মানস চলিহাৰ চেলেঞ্জ, উত্তৰত আলফা স্বাধীনৰ বিবৃতি - Paresh Baruah

ULFA I: পৰেশ বৰুৱালৈ বুঢ়া আঙুলিমানো ভয় নকৰে বুলি মানস চলিহাই চেলেঞ্জ কৰাৰ লগতে আলফা(স্বা)এ তেওঁক ভাবুকি প্ৰদানৰো অভিযোগ উঠিছে ৷ এই সন্দৰ্ভত বিবৃতিযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা(স্বা)এ ৷

ULFA I
পৰেশ বৰুৱাক মানস চলিহাৰ চেলেঞ্জ
author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 4:53 PM IST

পৰেশ বৰুৱাক মানস চলিহাৰ চেলেঞ্জ

গুৱাহাটী, ১ ফেব্ৰুৱাৰী : আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত আৰক্ষীৰ চোৰাংচোৱাগিৰি বিতৰ্কই নতুন মাত্ৰা লাভ কৰিছে ৷ মানস চলিহা নামৰ এজন ব্যক্তি সোমাই পৰিছে সমগ্ৰ বিতৰ্কৰ মাজত । আলফা(স্বা)ৰ লগতে ম্যানমাৰৰ শিবিৰত বন্দী মানস বৰগোঁহায়ে গুৰুতৰ অভিযোগ তুলিছিল যে আলফা(স্বা)ৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ প্ৰশিক্ষণত বিশেষ ভূমিকা পালন কৰিছে এই মানস চলিহাই ।

তাৰ পিছতেই ‘‘পৰেশ বৰুৱালৈ বুঢ়া আঙুলিমানো ভয় নকৰোঁ’’ বুলি মানস চলিহাই বুধবাৰে নিশা এক ভিডিঅ’যোগে আলফা(স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাক প্ৰত্যাহ্বান জনায় । ইয়াৰোপৰি আলফা স্বাধীনৰ তৰফৰ পৰা ফোন কৰি তেওঁক ভাবুকি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে মানস চলিহাই ৷

তদুপৰি মানস চলিহাই উল্লেখ কৰে যে তেওঁ বা তেওঁৰ পৰিয়ালৰ অনিষ্ট হ’লে তাৰ বাবে পৰেশ বৰুৱাই জগৰীয়া হ’ব । মানস চলিহাই পৰেশ বৰুৱাৰ প্ৰতি মন্তব্য আগবঢ়ায় যে পৰেশ বৰুৱাই জংঘলত থাকি অসমৰ উন্নয়ন কি বুজি পাব ?

উত্তৰত মানস চলিহাৰ অভিযোগসমূহ অস্বীকাৰ কৰি আলফা স্বাধীনেও প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া । এক বিবৃতিতযোগে আলফা স্বাধীনে এইদৰে উল্লেখ কৰিছে “ সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ শিবিৰত বন্দী হৈ থকা মানস বৰগোহাঁইৰ প্ৰসংগত নাম সাঙুৰখোৱা মানস চলিহাই কালি তেওঁৰ ফেচবুক লাইভযোগে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ সভাপতিৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ আৰু অপমানজনক মন্তব্য প্ৰকাশ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে আৰু ইয়াৰ ওপৰত নিশ্চয় বিচাৰ-বিবেচনা কৰা হ’ব ৷’’

বিবৃতিৰ দ্বাৰা সংগঠনটোৱে দাবী কৰে যে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ সভাপতি অথবা সংগঠনৰ কোনো সদস্যই মানস চলিহালৈ টেলিফোন কৰা নাই আৰু কৰাৰো কোনো প্ৰয়োজন নাই ৷ লগতে আলফা স্বাধীনে আত্মপক্ষ সমৰ্থন কৰি বিবৃতিটোত কয়, “ মানস চলিহা যদি অসম প্ৰশাসনৰ সৈতে জড়িত নহয় তেন্তে মানস চলিহাই ব্যক্তিগত বাহনত অসম চৰকাৰৰ নামত নম্বৰপ্লেট কিদৰে ব্যৱহাৰ কৰিব পাৰিলে ৷ সেই সন্দৰ্ভত অসম আৰক্ষীয়ে এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় ? আনহাতে মানস চলিহা যদি অসম আৰক্ষীৰ কোনো নহয় তেন্তে নিজৰ লগত দুটাকৈ মৰাণাস্ত্ৰ মজুত ৰখাৰ অপৰাধত চলিহাক গ্ৰেপ্তাৰ কৰি প্ৰকৃত সত্য উদঘাটন নকৰি মানস চলিহাক ৰক্ষণাবেক্ষণহে দিয়া হৈছে কিয় ?”

মন কৰিবলগীয়া যে বিতৰ্কত সাঙুৰ খোৱা মানস চলিহাৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈ হেছে ৷ লগতে মানস চলিহাই দুটাকৈ পিস্তল জাতীয় মাৰণাস্ত্ৰ লৈ থকা ফটোও ৰাজহুৱা হৈছে ৷ মানস চলিহাই পৰেশ বৰুৱাক জনোৱা প্ৰত্যাহ্বান আৰু আলফা স্বাধীনৰ প্ৰত্যুত্তৰে বিষয়টোক আন এক মাত্ৰা প্ৰদান কৰিছে । তাৰ বিপৰীতে ম্যানমাৰত বন্দী আনজন মানস বৰগোঁহাইৰ জীৱন আৰু মৃত্যুৰ প্ৰসংগ ক্ৰমাৎ যেন তল পৰি ৰ’ল ।

লগতে পঢ়ক: আলফা স্বাধীনৰ ভিডিঅ’ দেখি স্তম্ভিত মানস চলিহা; ক’লে মই আলফাৰ বাতৰিও নাচাও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.