ETV Bharat / state

কোনো ক্ষতি নকৰে মানস বৰগোহাঁইৰ; পিতৃক ফোনযোগে জনালে পৰেশ বৰুৱাই

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 6:47 PM IST

Manash Borgohain
মানসৰ পিতৃলৈ পৰেশ বৰুৱাৰ ফোনকল

Paresh Baruah: মানস বৰগোহাঁইৰ পিতৃ-মাতৃলৈ ফোন কৰিলে পৰেশ বৰুৱাই ৷ মানসৰ পিতৃ-মাতৃয়ে পৰেশ বৰুৱাক জনালে বিশেষ আহ্বান ৷

মানসৰ পিতৃলৈ পৰেশ বৰুৱাৰ ফোনকল

সৰুপথাৰ, 1 ফেব্ৰুৱাৰী : অৱশেষত যেন শ্বস্তিৰ নিশ্বাস এৰিলে মানস বৰগোহাঁইৰ পিতৃ-মাতৃয়ে ৷ কেৱল পিতৃ-মাতৃহালেই নহয়, মানসেও যেন আজি বিয়লি ল’লে এক দীঘলীয়া উশাহ ৷ কিয়নো আলফা(স্বা)ৰ কেম্পত বন্দী হৈ থকা যুৱকজনৰ পিতৃ-মাতৃলৈ পৰেশ বৰুৱাই কৰিলে ফোনকল ৷

বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত ধনশিৰি মহকুমাৰ মৰাণ গাঁৱৰ আৰক্ষীৰ চোৰাংচোৱা বুলি অভিযুক্ত মানস বৰগোহাঁইৰ পিতৃ দেৱেন বৰগোহাঁইলৈ আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগত টেলিফোনিক বাৰ্তালাপ কৰে । পৰেশ বৰুৱাই মানসৰ পিতৃক জনায় যে মানসৰ বাবে চিন্তাৰ প্ৰয়োজন নাই । মানস বৰ্তমান সোঁশৰীৰে শিবিৰত আছে বুলি জনায় আলফা(স্বা)ৰ সৰ্বাধিনায়কগৰাকীয়ে ।

মানস বৰগোহঁইৰ একো নহয় বুলিও নিশ্চয়তা প্ৰদান কৰে পৰেশ বৰুৱাই । সমান্তৰালকৈ মানস বৰগোহাঁইৰ পিতৃ দেৱেন বৰগোহাঁয়েও পৰেশ বৰুৱাক পুনৰ অনুৰোধ জনায় যাতে সংগঠনটোৱে মানসক দোষী সাব্যস্ত কৰি চৰম শাস্তি প্ৰদান নকৰে ৷

আনহাতে দেৱেন বৰগোহাঁয়ে ইটিভি ভাৰত সন্মুখত দেৰগাঁৱৰ মানস চলিহা নামৰ যুৱকজনৰ বিৰুদ্ধেও মন্তব্য প্ৰকাশ কৰে । তেওঁ কয় যে হাতত পিষ্টল লৈ অসম চৰকাৰৰ ফলক থকা গাড়ীত ঘূৰি-ফুৰা মানস চলিহাৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

উল্লেখ্য যে, ধনশিৰিৰ মানস বৰগোহাঁই নামৰ যুৱকজনে আলফা(স্বা)ই বন্দী কৰি ৰাখিছে আৰক্ষীৰ চোৰাংচোৱাৰ অভিযোগত ৷ ইফালে বন্দী হৈ থকা মানস বৰগোহাঁয়ে মানস চলিহা নামৰ যুৱকজনে তেওঁক প্ৰশিক্ষণ দি আলফা(স্বা)ৰ কেম্পলৈ পঠিওৱা বুলি অভিযোগ উত্থাপন কৰে যদিও মানস চলিহাই সেই কথা অস্বীকাৰ কৰিছে ৷ কিন্তু মানস চলিহাৰ বিৰুদ্ধে বিভিন্ন মহলে একাধিক অভিযোগ উত্থাপন কৰা দেখা গৈছে ৷

আৰক্ষীৰ গুপ্তচৰৰ অভিযোগত মানস বৰগোঁহাইক আলফা(স্বা)ই মানস বৰগোহাঁইক দোষী সাব্যস্ত কৰাৰ পিচৰে পৰা চিন্তিত হৈ আছিল মানসৰ পিতৃ-মাতৃৰ লগতে ৰাজ্যবাসী ৷ সকলোৱে পৰেশ বৰুৱাৰ প্ৰতি আহ্বান জনাইছিল যাতে মানসক চৰম শাস্তি প্ৰদান কৰা নহয় ৷ ইয়াৰ পিচতে বৃহস্পতিবাৰে নিষিদ্ধ সংগঠনটোৰ সৰ্বাধিনায়কগৰাকীয়ে মানসৰ পিতৃ-মাতৃলৈ ফোনকল কৰি অভয়বাণী দিয়ে ৷

লগতে পঢ়ক: এইবাৰ পৰেশ বৰুৱাক মানস চলিহাৰ চেলেঞ্জ, উত্তৰত আলফা স্বাধীনৰ বিবৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.