ETV Bharat / state

ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে দুই আমেৰিকাৰ পৰ্যটকক জৰিমনা তেজপুৰ আৰক্ষীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 2:02 PM IST

Two US tourists accused of participating in religious ceremonies in Assam
ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে দুই আমেৰিকাৰ পৰ্যটকক জৰিমনা তেজপুৰ আৰক্ষীৰ

Tezpur Police: আমেৰিকাৰ দুই পৰ্যটকক জৰিমনা তেজপুৰৰ কাছাৰীগাঁও আৰক্ষীৰ ৷ দুই পৰ্যটকে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

তেজপুৰ, 3 ফ্ৰেব্ৰুৱাৰী : আমেৰিকাৰ পৰা অসমলৈ আহি আইনৰ ৰোষত পৰিল দুই আমেৰিকাৰ নাগৰিক ৷ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে দুই আমেৰিকাৰ নাগৰিকক জৰিমনা বিহে তেজপুৰ আৰক্ষীয়ে ৷ উল্লেখ্য যে, যোৱা 1 ফেব্ৰুৱাৰীত পৰ্যটক হিচাপে অসমত প্ৰৱেশ কৰিছিল দুই আমেৰিকাৰ পৰ্যটকে ৷ কিন্তু তেজপুৰ বেপ্টিষ্ট খ্ৰীষ্টান মিছনেৰী চিকিৎসালয়ত ধৰ্মীয় প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে দুই পৰ্যটকৰ বিৰুদ্ধে ৷ যাৰ বাবে তেজপুৰৰ কাছাৰীগাঁও আৰক্ষীয়ে দুই পৰ্যটকক 500 মাৰ্কিন ডলাৰ জৰিমনা বিহে ৷

শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে জনোৱা মতে, জন মেথিও ব’নে (Jon Matthew Boone) পাছপৰ্ট নম্বৰ 644539186 আৰু মাইকেল জেমেছ ফ্লিনচোম (Michael James Flinchum)পাছপৰ্ট নং 681022887 ৰে পৰ্যটকৰ ভিছাত ভাৰতলৈ আহিছিল ৷ কিন্তু 1 ফেব্ৰুৱাৰীত তেজপুৰৰ বেপ্টিষ্ট খ্ৰীষ্টান মিছন চিকিৎসালয়, মিছন চাৰিআলিৰ, তেজপুৰৰ কেম্পাছত অনুষ্ঠিত এখন ৰাজহুৱা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷ সেয়ে কাছাৰীগাঁও আৰক্ষীৰ জি ডি ই নং 03/2024 নম্বৰত গোচৰ ৰুজু কৰা হয় ৷

যাৰ বাবে দুয়োজনৰ পৰা 500 মাৰ্কিন ডলাৰ ( ভাৰতীয় টকাৰ মূল্য হ’ব 41,486 টকা) প্ৰতিজনকে জৰিমনা বিহা হয় ৷ তাৰ পাচতে শনিবাৰে আৰক্ষীয়ে যাবলৈ দিয়ে দুই আমেৰিকাৰ পৰ্যটকক ৷ উল্লেখ্য যে, পৰ্যটকৰ লোকে অন্য দেশত সভা সমিতিত অংশগ্ৰহণ কৰাৰ লগতে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰে ৷

বহু সময়ত অভিযোগ উঠে যে, অসমত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ বাবে পৰ্যটকৰ ৰূপত ভিন্ন দেশৰ পৰা আহে ধৰ্ম প্ৰচাৰকসকল ৷ সেয়ে অসমত খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পোৱা বুলি অভিযোগ উঠি আহিছে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী ৰজাৰ দৰে আহে আৰু বিৰোধীৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ উভতি যায়: গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.