ETV Bharat / state

প্ৰধানমন্ত্ৰী ৰজাৰ দৰে আহে আৰু বিৰোধীৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ উভতি যায়: গৌৰৱ গগৈ

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 9:03 PM IST

Updated : Feb 2, 2024, 11:02 PM IST

Gourav Gogoi slams PM Narendra Modi
“প্ৰধানমন্ত্ৰীয়ে ৰজাৰ দৰে আহে আৰু বিৰোধীৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ উভতি যায়”-গৌৰৱ গগৈ

Gaurav Gogoi in Parliament: সদনত পুনৰ এবাৰ ক্ষুৰধাৰ সমালোচনা অসমৰ সাংসদ গৌৰৱ গগৈৰ ৷ প্ৰধানমন্ত্ৰীক কঠোৰ সমালোচনাৰ পৰা IT, ED, CBI আদিক লগাই বিৰোধীক হেঁচা প্রয়োগ প্ৰসংগ উত্থাপন সাংসদগৰাকীৰ ৷

প্ৰধানমন্ত্ৰী ৰজাৰ দৰে আহে আৰু বিৰোধীৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ উভতি যায়: গৌৰৱ গগৈ

গুৱাহাটী, ২ ফেব্ৰুৱাৰী : “প্ৰধানমন্ত্ৰীয়ে ৰজাৰ দৰে আহে আৰু বিৰোধীৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ উভতি যায়। তেওঁৰ বাবে যেন এয়া গণতন্ত্রৰ মন্দিৰ স্বৰূপ নহৈ ৰাজতন্ত্ৰহে ! তেওঁ যেন তাৰ মহাৰাজ !” লোকসভাত পুনৰ এবাৰ ক্ষুৰধাৰ ৰূপত অসমৰ সাংসদ গৌৰৱ গগৈ ৷ অসমৰ ৬ জনগোষ্ঠী লোকসকলৰ সংগ্ৰামৰ লগতে দেশৰ সংবিধান, গণতান্ত্রিক পৰম্পৰা, সংসদীয় ব্যৱস্থা ৰক্ষাৰ প্ৰসংগত সদনত সৰৱ হৈ পৰে গৌৰৱ গগৈ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লোকসভাৰ বিৰোধী উপ দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে শুকুৰবাৰে ৰাষ্ট্রপতিৰ অভিভাষণৰ ওপৰত লোকসভাত নিজস্ব শৈলীৰে কংগ্ৰেছ দলৰ হৈ নিজৰ ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ ভাষাৰে আক্ৰমণাত্মক হৈ পৰে ৷ লগতে দেশৰ সংবিধান, গণতান্ত্রিক পৰম্পৰা, সংসদীয় ব্যৱস্থা ৰক্ষা কৰাৰ ক্ষেত্রত কংগ্রেছ দল তথা বিৰোধী ঐক্যৰ দায়বদ্ধতাৰ কথা সাংসদগৰাকীয়ে উল্লেখ কৰে । দেশৰ সংসদীয় ইতিহাসত সংসদত একেদিনাই ১৪৬ গৰাকী সাংসদক নিলম্বিত কৰি মুঠ ১৪ খন বিল পাৰিত কৰাটো এক অভিলেখ বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে, সংসদত এয়া এক নতুন পৰম্পৰা সৃষ্টি কৰা হ’ল । পৃথিৱীখনত ক’তোৱেই এনে উদাহৰণ নাই ।

দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে সংসদীয় ব্যৱস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন নকৰে বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰছেৰ সাংসদ গৰাকীয়ে কয় যে, যদিহে প্ৰধানমন্ত্ৰীয়ে গণতান্ত্রিক পৰম্পৰাৰ সংসদীয় ব্যৱস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিলেহেঁতেন তেন্তে তেওঁ বিৰোধীৰ প্ৰশ্নৰ উত্তৰসমূহ দিলেহেঁতেন । সদনত কোনো আলোচনা বিতৰ্ক নোহোৱাকৈ এশৰো অধিক বিল প্ৰণয়ন নকৰিলেহেঁতেন ।

লগতে, সাংসদ গগৈয়ে কয় যে, চৰ্চাৰ শীৰ্ষত থকা বিজেপি চৰকাৰে বিৰোধী দলৰ বিভিন্ন ৰাজ্যৰ চৰকাৰসমূহ চৰকাৰী তদন্ত সংস্থা IT, ED, CBI আদিক লগাই হেঁচা প্রয়োগ কৰিছে । বিজেপিৰ সৈতে হাত মিলোৱাৰ বাবে বিহাৰত একেদিনাই নীতিশ কুমাৰে পদত্যাগ কৰি শপত গ্রহণ কৰিব পাৰে আৰু আনহাতেদি সম্পূর্ণ বহুমত থকাৰ পাচতো কেইবাদিনো ধৰি ঝাৰখণ্ডত বিৰোধী দলৰ চৰকাৰৰ নতুন মুখ্যমন্ত্রীক শপত গ্রহণ কৰিবলৈ ৰাজ্যপালে অনুমতি প্রদান নকৰাক লৈয়ো সৰৱ হৈ পৰে কংগ্ৰেছৰ সাংসদগৰাকী ।

এই প্ৰসংগত গৌৰৱ গগৈয়ে কয়, “শাসকীয় পক্ষ হোৱাৰ বাবে বিহাৰৰ বাবে এটা নীতি, বিৰোধী হোৱাৰ বাবে এটা নীতি। তথাপি আমি ভয় নকৰো । আমাৰ বিৰুদ্ধে যিমান পাৰা ED, IT, CBI লগোৱা আমি ভয় নকৰো । আমি ৰাইজৰ সৈতে এই অন্যায়ৰ বিৰুদ্ধে যুঁজি যাম ।”

গৌৰৱ গগৈয়ে ভাষণত উল্লেখ কৰে, “দুৰ্নীতিৰ বিৰুদ্ধে মোদী চৰকাৰে কৈছিল যে ’না খাওংগা না খানে দুংগা’ ৷ কিন্তু বাস্তৱত এতিয়া কি হৈছে? বিৰোধীত থাকিলে মহাৰাজে দুৰ্নীতি কৰা বুলি IT, ED, CBI সকলোকে লগাই দিয়ে । বিৰোধীৰ নেতাক জেললৈ প্ৰেৰণ কৰে। কিন্তু সেই দুৰ্নীতিগ্ৰস্ত নেতাজনে বিজেপি চৰকাৰত চামিল হ'লেই মহাৰাষ্ট্রত উপ-মুখ্যমন্ত্রী পাতিলে । আমি বিৰোধীয়ে যদি 'সাৰদা'ৰ কথা কওঁ তেন্তে আমাৰ বিৰুদ্ধে আয়কৰ লগাই দিয়ে । যদি বিজেপিত যোগদান কৰি দিয়ে তেন্তে অসমৰ মুখ্যমন্ত্রী বনাই দিব । এইয়াই হৈছে বিজেপিৰ দুৰ্নীতি ধোৱা ৱাচিং মেচিন।”

ৰাহুল গান্ধীৰ নীতি অনুসৰণ কৰি গৌৰৱে কয় যে ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিম। “ইমানৰ পিচতো আমি ভয় নকৰো। আমি ভাৰতবর্ষক একত্রিত কৰিম। ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিম। অন্যায়ৰ বিৰুদ্ধে ন্যায় প্রদান কৰিম। সকলোকে সম মৰ্যাদা প্ৰদান কৰিম।”

দেশৰ আন আন জাতি-জনজাতিসকলৰ সংগ্ৰামৰ উল্লেখ কৰি অসমৰ ৬ জনগোষ্ঠী লোকসকলৰ সৈতে জনজাতিকৰণৰ প্ৰসংগ সংসদত উত্থাপন কৰি গৌৰৱ গগৈয়ে কয়, “আমি অনুসূচিত জাতি আৰু জনজাতিসকলৰ প্ৰাপ্যৰ বাবে যুঁজ কৰিম, জম্মু-কাশ্মীৰৰ পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰ বাবে যুঁজ দিম, নিবনুৱাসকলৰ প্ৰাপ্যৰ বাবে যুঁজ কৰিম, মহিলাসকলক মূল্যবৃদ্ধিৰ পৰা সকাহ দিবলৈ যুঁজিম, অন্ধ্রপ্রদেশক বিশেষ মৰ্যাদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি আৰু অসমৰ ৬ জনগোষ্ঠী লোকসকলৰ সৈতে জনজাতিকৰণৰ বাবে যুঁজ দিম।”

লগতে পঢ়ক: ঝাৰখণ্ডৰ দ্বাদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ চম্পাই ছোৰেনৰ

Last Updated :Feb 2, 2024, 11:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.