ETV Bharat / politics

ঝাৰখণ্ডৰ দ্বাদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ চম্পাই ছোৰেনৰ

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 2:07 PM IST

Champai Soren takes oath as CM : ঝাৰখণ্ডৰ ৰাজনীতিৰ ব্যাপক কৌতূহলৰ মাজত শুকুৰবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে চম্পাই ছোৰেনে । শপত গ্ৰহণৰ পূৰ্বে ছোৰেনে তেওঁৰ গুৰু শিবু ছোৰেনক সাক্ষাৎ কৰে ।

Champai Soren takes oath as CM
ঝাৰখণ্ডৰ দ্বাদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ চম্পাই ছোৰেনৰ

নেশ্যনেল ডেস্ক, ২ ফেব্ৰুৱাৰী : ঝাৰখণ্ডৰ ৰাজনৈতিক নাটৰ অন্ত পেলাই অৱশেষত মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে চম্পাই ছোৰেনে । ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণৰ দ্বাৰা জেএমএম বিধায়িনী দলৰ নেতা হিচাপে মনোনীত হোৱাৰ এদিন পিচতে শুকুৰবাৰে ছোৰেনে শপত গ্ৰহণ কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক গ্ৰেপ্তাৰৰ পিচতে ৰাজ্যখনত ৰাজনৈতিক অস্থিৰতাই দেখা দিছিল ।

অৱশ্যে চম্পাই ছোৰেনৰ শপত গ্ৰহণে এই অস্থিৰতাৰ অৱসান ঘটাৰ ইংগিত দিছে । মুখ্যমন্ত্ৰী হিচাপে চম্পাই ছোৰেনৰ শপত গ্ৰহণৰ পিচতে জেএমএমৰ সাংসদ মহুয়া মাজিয়ে কয় যে এয়া দলটোৰ বাবে এক বৃহৎ জয় । কিয়নো বিজেপিয়ে ৰাষ্ট্ৰপতি শাসন জাপি দিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত আছিল কিন্তু বিজেপিৰ সেই ষড়যন্ত্ৰ বিফল হ'ল ।

তেওঁৰ মতে আদালতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন সোনকালেই ঘূৰি আহিব । নেতাগৰাকীৰ মতে সোমবাৰে সংসদৰ মজিয়াত চম্পাই ছোৰেনে সংখ্যাগৰিষ্ঠতা প্ৰমাণ দিব লাগিব । শপত গ্ৰহণৰ পূৰ্বে শিবু ছোৰেনক সাক্ষাতৰ পিচত চম্পাই ছোৰেনে কয় যে শপত লোৱাৰ পূৰ্বে তেওঁ গুৰুজী আৰু মাতাজী ৰূপী ছোৰেনৰ আশীৰ্বাদ ল'বলৈ তাত উপস্থিত হৈছিল ।

চম্পাই ছোৰেনৰ মতে তেওঁলোক তেওঁৰ আদৰ্শ । তেওঁ যেতিয়া ঝাৰখণ্ড আন্দোলনত যোগদান কৰিছিল তেতিয়া তেওঁ শিবু ছোৰেনৰ শিষ্য আছিল । উল্লেখ্য যে বুধবাৰে হেমন্ত ছোৰেনৰ পদত্যাগৰ পিচত মুখ্যমন্ত্ৰী অবিহনে ৰাজ্যখনত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল । সেই সময়ত চম্পাই ছোৰেনে ৰাজ্যপালক চৰকাৰ গঠনৰ দাবী অতি সোনকালে গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ কেইঘণ্টামান পিচতে মনোনয়ন অনুষ্ঠিত হয় । ফলস্বৰূপে ৰাজনৈতিক সংকটৰো সামৰণি পৰে ।

ইয়াৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰাজেশ ঠাকুৰে কৈছিল যে চম্পাই ছোৰেনক তেওঁৰ চৰকাৰৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ১০ দিন সময় দিয়া হৈছে । কংগ্ৰেছ মিত্ৰজোঁটৰ এটা মুখ্য অংশ । ইয়াৰ পূৰ্বে, হৰ্ছ ট্ৰেডিঙৰ আশংকা কৰি সংখ্যাগৰিষ্ঠ মিত্ৰজোঁটে বিধায়কসকলক ঝাৰখণ্ডৰ পৰা দুখন চাৰ্টাৰ্ড বিমানেৰে স্থানান্তৰ কৰিছিল ।

লগতে পঢ়ক : ঝাৰখণ্ডৰ দ্বাদশ মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল’ব চম্পাই ছোৰেনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.