ETV Bharat / politics

ঝাৰখণ্ডৰ দ্বাদশ মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল’ব চম্পাই ছোৰেনে

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 7:23 AM IST

Updated : Feb 2, 2024, 9:26 AM IST

Champai Soren will take oath : আজি চম্পাই ছোৰেনে ঝাৰখণ্ডৰ দ্বাদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । বৃহস্পতিবাৰ নিশা সোৰেনক শপত গ্ৰহণ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনায় ৰাজ্যপালে ।

take oath
take oath

নেশ্যনেল ডেস্ক, 2 ফেব্ৰুৱাৰী : শুকুৰবাৰে ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰবীণ নেতা চম্পাই ছোৰেনে ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । ৰাজ্যপালে আজি বিয়লিৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীক শপত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে ৷ পূৰ্বৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক ধন সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ 24 ঘণ্টাৰো অধিক পিচত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ।

বৃহস্পতিবাৰে চম্পাই ছোৰেনে ৰাজ্যপালক সাক্ষাৎ কৰিছিল । ৰাজ্যপাললৈ লিখা এক পত্ৰত চম্পাই উল্লেখ কৰে, "18 ঘণ্টা ধৰি (ৰাজ্যত) কোনো চৰকাৰ নাই । পৰিস্থিতি বিভ্ৰান্তিকৰ হৈ পৰিছে । সাংবিধানিক মুৰব্বী হোৱাৰ বাবে আমি আশা কৰিছো যে আপুনি অতি সোনকালে লোকপ্ৰিয় চৰকাৰখন গঠনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব’’ ।

ঝাৰখণ্ডৰ শাসকীয় জেএমএম-কংগ্ৰেছ-আৰজেডি মিত্ৰজোঁটৰ 81 জনীয়া সদনখনত 47 জন বিধায়ক আছে ৷ য’ত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা 41 । বৰ্তমান 43 জন বিধায়কে চম্পাই ছোৰেনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ।

বিজেপিৰ 25 জন বিধায়ক আৰু আজেছু বা সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থাৰ আছে তিনিজন বিধায়ক । বাকী আসনসমূহ এন চি পি আৰু এটা বাওঁপন্থী দলৰ মাজত বিভক্ত আৰু তিনিজন নিৰ্দলীয় বিধায়ক আছে । ক্ষীণ সংখ্যাগৰিষ্ঠতাই শাসকীয় মিত্ৰজোঁটৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছিল । বুধবাৰে হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰাৰ আগৰে পৰাই চৰকাৰ গঠনৰ সংখ্যা তেওঁলোকৰ হাতত আছে বুলি দাবী কৰি আহিছিল নেতাসকলে ।

চম্পাই ছোৰেনে কয়, "আমি আমাৰ সমৰ্থনত 43 জন বিধায়কৰ সৈতে প্ৰতিবেদন দাখিল কৰিছো । আমি আশা কৰিছো যে সংখ্যা 46-47 হ'ব ৷ গতিকে কোনো সমস্যা নাই । আমাৰ 'মিত্ৰজোট' অতি শক্তিশালী’’ । সূত্ৰই জনোৱা মতে, ৰাজ্যপালক 49 ছেকেণ্ডৰ এটা ভিডিঅ’যোগে বিধায়কসকলে চম্পাই ছ’ৰেনৰ প্ৰতি সমৰ্থন আছে বুলি দেখুৱাই দিয়া হৈছিল ।

বুধবাৰে বিয়লি ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰাৰ পাচতে হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰে বলবৎকাৰী সঞ্চালকালয়ে । সঞ্চালকালয়ে 600 কোটি টকাৰ ভূমি কেলেংকাৰী আৰু ইয়াৰ পৰা পোৱা ধন লুণ্ঠনৰ লগত জড়িত থকাৰ অভিযোগ তুলিছিল ছোৰেনৰ বিৰুদ্ধে ।

লগতে পঢ়ক : ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী চম্পাই ছোৰেন কোন ?

Last Updated : Feb 2, 2024, 9:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.