ETV Bharat / bharat

ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী চম্পাই ছোৰেন কোন ?

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 10:49 PM IST

Who is Champai Soren: হেমন্ত ছোৰেনক ইডিয়ে নিজৰ জিম্মাত লোৱাৰ পিচত এতিয়া ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব চম্পাই ছোৰেন ৷ ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰবীণ নেতা তথা পৃথক ঝাৰখণ্ড ৰাজ্য গঠনৰ বাবে হোৱা আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা আছিল চম্পাই ছোৰেন ৷

Who is Champai Soren
JHARKHAND MUKTI MORCHA

নিউজ ডেস্ক, 31 জানুৱাৰী: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক প্ৰৱৰ্তক সঞ্চালকালয়ে নিজৰ জিম্মাত লোৱাৰ ঠিক আগে আগে বুধবাৰে সন্ধিয়া তেওঁ পদত্যাগ কৰে ৷ বৰ্তমান হেমন্ত ছোৰেনৰ স্থলাভিসিক্ত কৰা হ’ব চম্পাই ছোৰেনক ৷ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ লোৱা চম্পাই ছোৰেন ঝাৰখণ্ড মুক্তি মৰ্চাৰ জ্যেষ্ঠ নেতা ।

Who is Champai Soren
ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী চম্পাই ছোৰেন

জনসাধাৰণৰ মাজত এজন সুপৰিচিত নেতা ৬৭ বছৰীয়া চম্পাই ছোৰেন ঝাৰখণ্ডৰ ছেৰাইকেলা খাৰসাৱান জিলাৰ ছেৰাইকেলা বিধানসভা সমষ্টিৰ বিধায়ক । শিবু ছোৰেনে প্ৰতিষ্ঠা কৰা ঝাৰখণ্ড মুক্তি মৰ্চা দলৰ উপ-সভাপতি চম্পাই ছোৰেন ।

জনপ্ৰিয়ভাৱে ‘ঝাৰখণ্ড বাঘ’ নামেৰে পৰিচিত চম্পাই ছোৰেনে ঝাৰখণ্ডক সুকীয়া ৰাজ্য ঘোষণাৰ আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ ১৯৫৬ চনৰ নৱেম্বৰ মাহত ঝাৰখণ্ডৰ ছেৰাইকেলা-খাৰসাৱন জিলাৰ জিলিংগোৰা গাঁৱত জন্মগ্ৰহণ কৰা চম্পাই ছোৰেন মেট্ৰিক ডিগ্ৰীধাৰী আৰু সাতটা সন্তানৰ পিতৃ । তেওঁ এজন খেতিয়কৰ পুত্ৰ আৰু হেমন্ত ছোৰেন পৰিয়ালৰ সৈতে চম্পাইৰ কোনো সম্পৰ্ক নাই ।

ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাপক শিবু ছোৰেন আৰু কাৰ্যবাহী সভাপতি হেমন্ত ছোৰেনৰ আনুগত্যশীল চম্পাই ছোৰেন । হেমন্ত ছোৰেন নেতৃত্বাধীন চৰকাৰৰ পৰিবহণ, অনুসূচিত জনজাতি, অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী আছিল চম্পাই ছোৰেন ।

চাৰিবাৰৰ বিধায়ক হিচাপে পৰিগণিত হোৱা চম্পাই ছোৰেন ২০০৫ চনত প্ৰথমবাৰৰ বাবে ঝাৰখণ্ড বিধানসভালৈ নিৰ্বাচিত হৈছিল । ২০০৯ চনত তেওঁ পুনৰ ঝাৰখণ্ড বিধানসভালৈ নিৰ্বাচিত হয় ।

২০১৪ চনৰ ঝাৰখণ্ডৰ নিৰ্বাচনত ছেৰাইকেলা সমষ্টিৰ পৰা ঝাৰখণ্ড বিধানসভালৈ পুনৰ নিৰ্বাচিত হোৱাত ভোটাৰসকলে পুনৰ চম্পাই ছোৰেনৰ ওপৰত বিশ্বাস বৰ্তাই ৰাখিলে । ২০১৯ চনৰ ঝাৰখণ্ড নিৰ্বাচনত তেওঁ চতুৰ্থবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয় ।

লগতে পঢ়ক: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পদত্যাগ-গ্ৰেপ্তাৰ, পৰৱৰ্তী মুখ্যমন্ত্ৰী চম্পাই ছোৰেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.