ৰহা মহাবিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ
Raha College : ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত ৰহা মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ ৰাজশ্ৰী বৰাৰ "ৰামায়ণ প্ৰভা" গ্ৰন্থ উন্মোচন ৷

Published : February 9, 2024 at 10:02 PM IST
ৰহা, 9 ফেব্ৰুৱাৰী : অসমীয়া সাহিত্য সন্মিলনীৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সাহিত্য উৎসৱ উদযাপনৰ উপলক্ষে ৰহা মহাবিদ্যালয়স্থিত জোঙালবলহু প্ৰেক্ষাগৃহত অসমীয়া সাহিত্য সন্মিলনী আৰু ৰহা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ যুটীয়া উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ ৰহস্য সাহিত্য: "বিৱৰ্তন আৰু প্ৰত্যাহ্বান" শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই আলোচনা চক্ৰৰ শুকুৰবাৰৰ পৰা শুভাৰম্ভ হয় । এই আলোচনা চক্ৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 48 গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷
- " class="align-text-top noRightClick twitterSection" data="">
এই উপলক্ষে শুকুৰবাৰে পুৱা ১০ বজাত অসম সাহিত্য সন্মিলনীৰ মুখ্য সচেতক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড৹ দিলীপ বৰাই এই আলোচনা চক্ৰৰ উদ্বোধন কৰে ৷ আলোচনা চক্ৰ ৰহা মহাবিদ্যালয় অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান ড৹ ৰাজশ্ৰী বৰাই আদৰণি ভাষণ প্ৰদান কৰে ৷ এই আলোচনা চক্ৰৰ মাজতেই শিক্ষাবিদ ড৹ বৰাৰ এখন গ্ৰন্থও উন্মোচন কৰা হয় ৷
ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বেদ কুমাৰ চলিহাৰ দ্বাৰা বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা আলোচনা চক্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অৱসৰ প্ৰাপ্ত মূৰব্বী অধ্যাপক ড৹ মুকুল চক্ৰৱৰ্তীয়ে ৰহা মহাবিদ্যালয়ৰ অধ্যপিকা ড৹ ৰাজশ্ৰী বৰাৰ গ্ৰন্থ "ৰামায়ণ প্ৰভা" উন্মোচন কৰে ৷ এই আলোচনা চক্ৰত বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অসমীয়া সাহিত্য সন্মিলনীৰ কাৰ্যকৰী সভাপতি ড৹ বিৰিঞ্চি কুমাৰ দাস, বিশিষ্ট সাহিত্যিক উৎপল দত্ত, ৰহা মহাবিদ্যালয়ৰ উপাধ্যক্ষা মনিকা দাসসহ ৰহা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক : ডিফুত 'চালকৰ আসনত মহিলা' শীর্ষক আলোচনা চক্র

