ETV Bharat / state

ক্ৰমাৎ শান্তিৰ পৰিবেশ ঘূৰি আহিছে কাৰ্বি পাহাৰলৈ

Clash in Karbi Anglong: খেৰণিত যোৱা ১৫ ফেব্রুৱাৰীত একাংশ যুৱকে কাৰ্বি ছাত্র সন্থা আৰু আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ যুৱ মৰ্চাৰ এটা প্রতিবাদকাৰী দলক আক্রমণ কৰাক লৈ হোৱা প্রতিবাদৰ পাছত উত্তেজনা অব্য়াহত ।

Tense situation in Kheroni
খেৰণিত উত্তেজনা
author img

By ETV Bharat Assamese Team

Published : February 18, 2024 at 10:59 PM IST

3 Min Read
Choose ETV Bharat
ক্ৰমাৎ শান্তিৰ পৰিবেশ ঘূৰি আহিছে কাৰ্বি পাহাৰলৈ

ডিফু, ১৮ ফেব্ৰুৱাৰী: সংৰক্ষিত বনাঞ্চলৰ ভূমিক কেন্দ্র কৰি বিগত তিনিদিন ধৰি উত্তাল হৈ থকা কাৰ্বি আংলং-পশ্চিম কাৰ্বি আংলং জিলাৰ পৰিস্থিতি কিছু শাম কাটিছে যদিও আজিও অব্যাহত আছে চেপা উত্তেজনা । বিগত দুদিন ধৰি সম্পূর্ণৰূপে বন্ধ হৈ থকা কার্বি আংলং জিলা সদৰ ডিফুত আজি পুৱা দোকান-পোহাৰ খোল খাই আৰু অট'সমূহ ৰাজপথত চলাচল কৰে ।

ডিফু চহৰৰ পৰিস্থিতি স্বাভাৱিক হোৱা পৰিলক্ষিত হয় যদিও জিলাখনৰ বিভিন্ন প্রান্তত এতিয়াও বন্ধ হৈ আছে দোকান-পোহাৰ । ইয়াৰ মাজতেই জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনে আজি বিভিন্ন দল-সংগঠনৰ সৈতে বহু বৈঠক অনুষ্ঠিত কৰে । মূলতঃ পৰিস্থিতি শান্ত কৰিবলৈ এই আলোচনা অনুষ্ঠিত কৰে । তদুপৰি বিভিন্ন দল-সংগঠনেও কেইবাখনো সুকীয়া সংবাদমেল অনুষ্ঠিত কৰি নিজৰ নিজৰ স্থিতি প্রকাশ কৰিছে ।

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত যোৱা ১৫ ফেব্রুৱাৰীত একাংশ যুবকে কাৰ্বি ছাত্র সন্থা আৰু আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ যুৱ মৰ্চাৰ এটা প্রতিবাদকাৰী দলক আক্রমণ কৰাক লৈ হোৱা প্রতিবাদৰ পাছত এতিয়া ডিফু চহৰলৈ স্বাভাবিক জীৱন যাত্রা ঘূৰি আহিছে । আজি এপিএইচএলচিৰ যুৱ মর্চাৰ নেতৃত্বই এখন সংবাদমেল সম্বোধন কৰি এই ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে স্থানীয় এমএচি পৱন কুমাৰ আৰু স্থানীয় বিধায়ক ৰূপছিং টেৰণক কঠোৰ সমালোচনা কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সংবাদমেলত যুৱ সংগঠনটোৰ নেতৃত্বই কয় যে ইমান ভাঙৰ ঘটনা সংঘটিত হৈ যোবাৰ পাছতো দুয়োগৰাকী জনপ্রতিনিধি জনতাৰ কাষলৈ নাহিল । তেওঁলোক বিহাৰী সম্প্ৰদায়ৰ সংগঠন আৰএনএছএছৰ লগত জড়িত নেকি বুলি সংগঠনটোৱে প্রশ্ন উত্থাপন কৰে । লগতে ছাত্র সংগঠনাটোৱে এমএচি পৱন কুমাৰ ৰায়ৰ পদত্যাগ দাবী কৰে ।

আনহাতে, পাহাৰৰ আঞ্চলিক দল এএছডিচিয়ে সংবাদমেলত খেৰণিত সংঘটিত ঘটনাৰ বাবে সামাজিক মাধ্যমত প্রচাৰ হোৱা সংবাদৰ ক্ষেত্ৰত তীব্র অসন্তুষ্টি প্রকাশ কৰি সামাজিক মাধ্যমক নিয়ন্ত্রণ কৰাৰ আহ্বান জনাই দুয়োখন জিলা প্রশাসনক ।

দলটোৰ সভাপতি তথা প্রাক্তন বিধায়ক চন্দ্রকান্ত তেৰাঙে কয়, "আমি স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত আন্দোলন চলাই আহিছো । আমাৰ দলৰ ভাতৃ সংগঠনৰ যুৱ মৰ্চা আৰু কাৰ্বি ছাত্র সন্থাই ভিজিআৰ আৰু পিজিআৰত বসবাস কৰা লোক সকলক উচ্ছেদিত কৰাৰ দাবীত আন্দোলন কৰি ঘূৰি অহাৰ সময়ত বিহাৰী সম্প্রদায়ৰ লোকে তেওঁলোকক আক্রমণ কৰিছিল । গ্রেজিং মাটিত বসবাস কৰাটো অনিয়ম । তেওঁলোকৰ যিদৰে মাটিৰ পট্টা বিচৰাৰ অধিকাৰ আছে, তেনেদৰে আমাৰো ইয়াৰ প্রতিবাদ কৰাৰ অধিকাৰ আছে । কিন্তু ইয়াৰ বাবে আইন হাতত তুলি লোৱাটো অসাংবিধানিক কথা ।’’

এই ঘটনাৰ আলম লৈ একাংশ লোকে ইয়াক সাম্প্রদায়িক ৰূপ দিয়াৰ চেষ্টা চলোৱা পৰিলক্ষিত হোৱা বুলিও তেওঁ অভিযোগ কৰে ৷

আনহাতে, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে এএছডিচি আৰু ভাতৃ সংগঠনসমূহক ১৯ ফেব্রুৱাৰীত আলোচনাৰ বাবে কৰা আমন্ত্রণ তেওঁলোকে গ্রহণ কৰা বুলি উল্লেখ কৰি অহা ২০ ফেব্ৰুৱাৰীত তুলিৰাম ৰংহাঙে আহ্বান জনোৱা সৰ্বদলীয় সভাতো উপস্থিত থাকিব বুলি কয় ৷ ইপিনে, ২৬ ফেব্রুৱাৰীত স্বায়ত্তৰাজ্যৰ দাবীলৈ ডিফুত এএছডিচিৰ গণ বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি কয় নেতাগৰাকীয়ে । উল্লেখনীয় যে জিলাখনৰ বিভিন্ন প্রান্তৰ পৰা উৰা বাতৰি প্রকাশ পাই থকালৈ চাই প্রশাসন অধিক সষ্টম হোৱাৰ প্রয়োজন আছে বুলি স্থানীয় জনতাই মতপোষণ কৰিছে ।

লগতে পঢ়ক: দলীয় শৃংখলাৰ অৱনতি ঘটিছে অসম প্ৰদেশ কংগ্ৰেছত: দেৱব্ৰত শইকীয়া