ETV Bharat / state

কলিয়াবৰত গ্ৰেপ্তাৰ তিনি গাড়ী চোৰ; উদ্ধাৰ লক্ষাধিক টকা

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 5:31 PM IST

Vehicle Hijacking Kaliabor: কলিয়াবৰত আৰক্ষীৰ জালত পৰিল তিনি গাড়ী চোৰ ৷ বাহনসহ উদ্ধাৰ হ’ল লক্ষাধিক টকা ৷ দম্পতীৰ বাহনত আক্ৰমণৰ ঘটনাতো জড়িত থকাৰ সন্দেহ গ্ৰেপ্তাৰ হোৱা চোৰ দুটা ৷

Kaliabor News
কলিয়াবৰত গ্ৰেপ্তাৰ তিনি গাড়ী চোৰ
কলিয়াবৰত গ্ৰেপ্তাৰ তিনি গাড়ী চোৰ

কলিয়াবৰ, 4 ফেব্ৰুৱাৰী: কলিয়াবৰত আঠমঙলা খাই উভতি অহা দম্পতীৰ বাহনত আক্ৰমণৰ ঘটনাৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই পুনৰ বাহন অপহৰণৰ ঘটনা সংঘটিত হৈছে । কিন্তু এইবাৰ বুঢ়াৰ হাতত চেঙেলী পৰিল । পূৰ্বৰে পৰা সষ্টম হৈ থকা আৰক্ষীৰ জালত পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পুনৰ গাড়ী অপহৰণ কৰা তিনি চোৰ । বাহনসহ উদ্ধাৰ হয় লক্ষাধিক টকা ।

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু চামগুৰি আৰক্ষীৰ অভিযানত শনিবাৰে নিশা আৰক্ষীয়ে আটক কৰে তিনিটাকৈ গাড়ী অপহৰণকাৰী । কলিয়াবৰ আৰক্ষী থানা এলেকাধীন মিছা অঞ্চলৰ পৰা AS 02 CC 7561 নম্বৰৰ এখন টাটা যোদ্ধা বাহন হাইজেক কৰি পলায়ন কৰোতেই আৰক্ষীৰ জালত পৰে দুৰ্ধৰ্ষ গাড়ী অপহৰণকাৰী তিনিটা ।

মিছা আৰক্ষী চকীৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাহনখন অপহৰণ কৰি অপহৰণকাৰী দলটো পলায়ন কৰে । ততাতৈয়াকৈ কলিয়াবৰ আৰক্ষীয়ে গাড়ীখন অনুসৰণ কৰি বেবেজীয়াৰ ডাকৰঘাটৰ পৰা বাহনসহ পাপু বৰা, শ্বৰিফুল ইছলাম আৰু মাহমুদ হুছেইনক আটক কৰে । আটকাধীন তিনি অপহৰণকাৰীৰ পৰা আৰক্ষীয়ে টাটা যোদ্ধা বহনখনৰ লগতে নগদ ১ লাখ ৮০ হাজাৰ টকা উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

আটকাধীন অপহৰণকাৰীকেইটাই ব্যৱহাৰ কৰা AS ২৩ N৬১৭৭ নম্বৰৰ বিলাসী বাহনখনো আৰক্ষীয়ে জব্দ কৰে । এই অপহৰণকাৰীকেইটা আঠমঙলা খাই উভতি অহা বাহন আক্ৰমণৰ লগত জড়িত হয়নে নহয় সেই বিষয়ে আৰক্ষীৰ জেৰাৰ পিচতহে জানিব পৰা হ'ব বুলি জনায় কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই ।

লগতে পঢ়ক: আঠমঙলা খাই ওভতাৰ পথত দুৰ্বৃত্তই প্ৰহাৰ কৰিলে নৱ বিবাহিত দম্পত্তিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.