ETV Bharat / state

কেইবাদিনো ধৰি যোৰহাট চহৰত নাই এজনো যান-বাহন শাখাৰ আৰক্ষী - No traffic police

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 9:58 PM IST

No traffic police in Jorhat
কেইবাদিনো ধৰি যোৰহাট চহৰত নাই এজনো যান-বাহন শাখাৰ আৰক্ষী

No traffic police in Jorhat: যোৰহাটত মহানগৰত অস্তিত্বহীন যান-বাহন শাখা আৰক্ষী । যান-বাহন নিয়ন্ত্ৰণ কৰিবলৈ নাই এজনো আৰক্ষী । যাৰ ফলত চহৰখনত সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতি ।

কেইবাদিনো ধৰি যোৰহাট চহৰত নাই এজনো যান-বাহন শাখাৰ আৰক্ষী

যোৰহাট,২৪ এপ্ৰিল: সদাব্যস্ত এখন মহানগৰ হিচাপে পৰিচিত যোৰহাট । কিন্ত এই যোৰহাট মহানগৰত বিগত কেইবাদিন ধৰি যান-বাহন শাখাৰ এজনো আৰক্ষীক দেখিবলৈ পোৱা নাই । ফলত চহৰখনত যান-জঁটৰ সমস্যা বৃদ্ধি পোৱাৰ লগতে উদণ্ড বাইকচালক তথা গাড়ী চালকৰ দৌৰাত্ম্য বৃদ্ধি পাবলৈ ধৰিছে । ফলত একাংশ চালকে যি ইচ্ছা তাকে কৰিবলৈ লোৱা দেখা গৈছে । কেৱল ইমানেই নহয় পথৰ ওপৰতেই গাড়ী পাৰ্কিং কৰি যাত্ৰী উঠোৱা-নমোৱা কৰি অহাৰ গুৰুত্ব অভিযোগ উথাপিত হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

একাংশ গাড়ী আৰু বাইকৰ গতি অধিক হোৱাত সাধাৰণ লোকসকলে যমৰ যাতনা ভোগ কৰিব লগা হৈছে । আনহাতে বিদ্যালয় খোলা দিন হোৱাৰ বাবে শিক্ষাৰ্থীসকলে বিদ্যালয়-মহাবিদ্যালয়লৈ অহা-যোৱাৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগীয়া হৈছে । ইপিনে বিগত কেইটামান দিন ধৰি যোৰহাটত যান-বাহন শাখাৰ আৰক্ষীৰ অস্তিত্বহীনতাৰ বাবে নগৰখনত সৰু বৰ কেইবাটাও পথ দুৰ্ঘটনা সংখ্যা হৈছে বুলি গুৰুত্ব অভিযোগ উথাপিত হৈছে ।

সদাব্যস্ত যোৰহাট মহানগৰৰ অতি ব্যস্ততাপূৰ্ণ বৰুৱা চাৰিআলি, নিৰ্মল চাৰিআলি, গড়আলি, মাৰোৱাৰী পট্টী, ঠাকুৰবাৰী, ন-আলি, ডাচ এণ্ড কোকে আদি কৰি সকলো টেফ্ৰিক পইন্টত যান-বাহন শাখাৰ আৰক্ষী নথকাৰ বাবে গাড়ী অহা-যোৱা, পথচাৰী অহা-যোৱাৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হোৱাৰ লগতে এক বিশৃংখল পৰিস্থিতি সৃষ্টি হৈছে ।

পিছে সাধাৰণ ৰাইজৰ এনেবোৰ সমস্যাৰ প্ৰতি আৰক্ষী-প্ৰশাসনে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । লক্ষ্যণীয় কথাটো হ'ল যে যোৰহাট চহৰখনৰ যিমানসমূহ টেফ্ৰিক পইন্ট আছে সেই সমুহ পইন্টৰ ছিগনেল লাইট সমূহো বিকল হৈ আছে । সেয়েহে এই অভাৱণীয় পৰিস্থিতি অৱসান ঘটাবলৈ দাবী জনাইছে সচেতন ৰাইজে ।

লগতে পঢ়ক: ৩০ খন বিচনাযুক্ত আজাৰা গ্ৰাম্য চিকিৎসালয়ত অগ্নিকাণ্ড - Fire Breaks Out In Azara FRU

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.