ETV Bharat / state

ভেকো-ভাওনাত পৰিণত এ পি এছ চি কেলেংকাৰীৰ তদন্ত

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 9:17 PM IST

APSC Scam
পি এছ চি কেলেংকাৰীৰ তদন্ত

APSC Scam: ভেকো-ভাওনাত পৰিণত হৈছে লোকসেৱা আয়োগৰ তদন্ত প্ৰক্ৰিয়া ৷ তদন্তত ৰৈ গৈছে বহু আসোঁৱাহ । এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা মাত্ৰ এজনেহে জামিন লাভ কৰিবলৈ বাকী আছে ।

গুৱাহাটী, ৩১ জানুৱাৰী: ৰাকেশ পালৰ আমোলত সংঘটিত হৈছিল অসম লোকসেৱা আয়োগৰ বিয়াগোম কেলেংকাৰী । এই ভয়ংকৰ দুর্নীতি আৰু কেলেংকাৰীৰ গোচৰৰ তদন্তত পূৰ্বে ৰৈ যোৱা আসোঁৱাহ দূৰ কৰি তদন্ত আগবঢ়াই নিয়াৰ বাবে ৰাজ্য চৰকাৰে বিশেষ তদন্ত গোটে (এছ আই টি) গঠন কৰিলে । কিন্তু এজন জ্যেষ্ঠ তথা শীর্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত গঠন কৰা এই এছ আই টিয়েও কৰা তদন্ত কার্যত ভেঁকো-ভাওনাত পৰিণত হৈছে ।

এ পি এছ চিৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰি প্ৰাক্তন ন্যায়াধীশ বিপ্লব কুমাৰ শর্মা ন্যায়িক আয়োগে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত এছ আই টিয়ে বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিছে যদিও এই তদন্তত আসোঁৱাহ ৰৈ গৈছে ।

এছ আই টিৰ এই আসোঁৱাৰ বাবে অৰ্থাৎ এই ভুলৰ সুবিধা লৈ অভিযুক্তসকলে জামিন লাভ কৰিছে । বিগত বৰ্ষৰ অক্টোবত চি আই ডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা এছ আই টিয়ে এই পর্যন্ত এ পি এছ চি কেলেংকাৰীৰ ছয় অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে যদিও তাৰে পাঁচজনেই তদন্তকাৰী বিষয়াৰ ভুল আৰু তদন্ত প্ৰক্ৰিয়াত ৰৈ যোৱা আসোঁৱাহৰ বাবেই জামিন লাভ কৰিছে ।

এ পি এছ চি কেলেংকাৰীৰ মূল খলনায়ক, আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ সোঁহাতস্বৰূপ, তদানীন্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিংহৰ লগতে মহানগৰ আৰক্ষীৰ নিলম্বিত অতিৰিক্ত আৰক্ষী আয়ুক্ত (অপৰাধ) সুকন্যা দাস আৰু নগাঁৱৰ নিলম্বিত কৰ অধীক্ষক ৱাহিদা ৰহমান, এ পি এছ বিষয়া ঐশ্বর্য জীৱন বৰুৱা আৰু ছাজাহান সৰকাৰে জামিন লাভ কৰিলে । এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা নিলম্বিত নিয়োগ বিষয়া ৰাকেশ দাসেহে জামিন লাভ কৰিবলৈ বাকী আছে ।

এছ আই টিয়ে তদন্ত আৰম্ভ কৰি প্ৰথমে বিগত বৰ্ষৰ ২২ নৱেম্বৰত ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) ঐশ্বর্য জীৱন বৰুৱা আৰু যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ছাজাহান সৰকাৰক গ্ৰেপ্তাৰ কৰিছিল । দুয়োজনৰ বিৰুদ্ধে এছ আই টিয়ে অভিযোগনামাও দাখিল কৰিছে । কিন্তু দুয়োজনকে গ্ৰেপ্তাৰ কৰা ধাৰা আৰু গ্ৰেপ্তাৰৰ পূৰ্বে এছ আই টিয়ে পালন কৰিবলগীয়া আইনী ব্যৱস্থাত কৰা ভুলৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ২৫ জানুৱাৰীত দুয়োজনলৈ জামিন মঞ্জুৰ কৰে ।

ইপিনে এ পি এছ চি কেলেংকাৰীৰ গোচৰত পূৰ্বে চৰকাৰী সাক্ষী হিচাপে চিহ্নিত কৰা প্ৰাক্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিংহ আৰু এ পি এছ সুকন্যা দাসক এছ হ আই টিয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও তেওঁলোকৰ জামিন ইতিমধ্যে মঞ্জুৰ কৰিছে । আনহাতে কৰ অধীক্ষক ৱাহিদা ৰহমানৰ জামিন আবেদন মঞ্জুৰ কৰে ।

লগতে পঢ়ক: সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া সুকন্যা আৰু তেওঁৰ দুই সহযোগীক গ্ৰেপ্তাৰ CM ভিজিলেন্সৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.