ETV Bharat / state

ৰাজধানী গুৱাহাটী এবছৰত ২,৭৪৫ টা চুৰিৰ ঘটনা

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 5:50 PM IST

theft incident in guwahati in the year 2023
চুৰিৰ ঘটনা

Guwahati theft incidents: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব নেতৃত্বাধীন গৃহ বিভাগ ব্যৰ্থ হৈছে মহানগৰবাসীক চোৰৰ পৰা সুৰক্ষা দিয়াত ৷ চোৰৰ উপদ্ৰৱত ৰাতিটো বাদেই দিনতে ঘৰৰ পৰা ওলাব নোৱৰা অৱস্থা ৰাইজৰ ৷

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী : আৰক্ষীৰে গিজগিজাই থকা ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত নাগৰিকৰ সম্পত্তিৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন গৃহ বিভাগ ব্যৰ্থ হোৱা দেখা গৈছে । শেহতীয়াকৈ বিধানসভাত এই কথা প্ৰতিফলিত হৈছে । বিধানসভাৰ তথ্য মতে ৰাজধানী চহৰ গুৱাহাটীত দৈনিক গড়ে আঠটাকৈ চুৰিৰ ঘটনা সংঘটিত হয় । তথ্য মতে ২০২৩ বৰ্ষত গুৱাহাটী মহানগৰীত মুঠ ২,৭৪৫ টা চুৰি কাৰ্য সংঘটিত হৈছে । অসম বিধানসভাত শেহতীয়াকৈ বিধায়ক জাকিৰ হুছেইন লস্কৰে সোধা ‘গুৱাহাটী মহানগৰীত বিগত বছৰত কিমানসংখ্যক চুৰি কাৰ্য সংঘটিত হৈছে’ শীৰ্ষক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে । শৰ্মাই বিধানসভাত দিয়া তথ্য‌ মতে ২০২৩ বৰ্ষত গুৱাহাটী মহানগৰীত মুঠ ২,৭৪৫ টা চুৰি কাৰ্য সংঘটিত হৈছে । সকলো চুৰি কাৰ্য ইতিমধ্যে মহানগৰীৰ বিভিন্ন আৰক্ষী থানাত পঞ্জীয়নভুক্ত হৈছে ।

theft incident in guwahati in the year 2023
চুৰিৰ ঘটনা

ইয়াৰ ভিতৰত ১,২৯১টা গোচৰত দোষীক কৰায়ত্ত কৰা হৈছে । আনহাতে, ৯১২টা গোচৰৰ দোষীক বিচাৰি উলিয়াব পৰা হোৱা নাই । তথ্য মতে চান্দমাৰী আৰক্ষী থানাত ১৮৪টা, নুনমাটি আৰক্ষী থানাত ১৯৭টা, গীতানগৰ আৰক্ষী থানাত ১৪২টা, প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত ৫৭টা, সাতগাঁও আৰক্ষী থানাত ৬৩টা, পাণবজাৰ আৰক্ষী থানাত ১৩৫টা, পল্টনবজাৰ আৰক্ষী থানাত ১৮৯টা, লতাশিল আৰক্ষী থানাত ৮৬টা, ভৰলুমুখ আৰক্ষী থানাত ১৩০টা, জালুকবাৰী আৰক্ষী থানাত ২১০টা, গড়চুক আৰক্ষী থানাত ৯৫টা, ফটাশিল আৰক্ষী থানাত ৯৫টা, আজাৰা আৰক্ষী থানাত ৫৮টা, দিছপুৰ আৰক্ষী থানাত ৬৮৮টা, হাতীগাঁও আৰক্ষী থানাত ১৩২টা, বশিষ্ঠ আৰক্ষী থানাত ২০০টা, ভঙাগড় আৰক্ষী থানাত ১১২টা, ক্ষেত্ৰী আৰক্ষী থানাত ২৫টা, সোণাপুৰ আৰক্ষী থানাত ৪৬টা চুৰি গোচৰ পঞ্জীয়ন হৈছে ।

উল্লেখ্য যে, ৬৮৮ টা গোচৰেৰে আটাইতকৈ বেছি গোচৰ ৰুজু হৈছে দিছপুৰ আৰক্ষী থানাত আৰু ২৫ টা গোচৰেৰে আটাইতকৈ কম গোচৰ ৰুজু হৈছে ক্ষেত্ৰী আৰক্ষী থানাত । আনহাতে, যোৱা ১২ জানুৱাৰীত গড়চুক থানাৰ অন্তৰ্গত মইনাখোৰোঙৰ ধ্ৰুৱজ্যোতি ভট্টাচার্যৰ ঘৰত সংঘটিত চুৰিকাণ্ডত প্ৰায় ছয় লাখ টকা মূল্যৰ সোণ চুৰি হৈছিল । কিন্তু এজাহাৰ দিওতে আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন নকৰা সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন লস্কৰে সোধা আন এক প্ৰশ্নৰ উত্তৰত শর্মাই কয় যে এজাহাৰকাৰী ভট্টাচার্যই ঘটনা সন্দৰ্ভত যোৱা ১৬ জানুৱাৰীত গড়চুক আৰক্ষী থানাত এখন এজাহাৰ দিয়ে । উক্ত এজাহাৰৰ ভিত্তিত গড়চুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উপ-পৰিদৰ্শক সুকুমাৰ বৰ্মনক প্ৰাথমিক তদন্তৰ দায়িত্ব দিয়া হৈছিল । তেওঁ ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু চি চি টিভিৰ ফুটেজ সংগ্ৰহ কৰি পৰীক্ষা কৰে । আলমাৰীৰ তলা পর্যন্ত পৰীক্ষা কৰি চুৰি কাৰ্যৰ কোনো প্ৰমাণ লাভ নকৰাৰ বাবে গোচৰটো ৰুজু কৰা হোৱা নাছিল বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক : এখন হালধীয়া স্কুটী আৰু এহাল ছদ্মবেশী পুৰুষ-মহিলা, প্ৰৱঞ্চনাৰ এক কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.