ETV Bharat / state

তেজপুৰত এছ এছ বিৰ ফায়াৰিং ৰেঞ্জৰ গুলীত আঘাতপ্ৰাপ্ত এজন

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 12:23 PM IST

Updated : Feb 9, 2024, 11:32 AM IST

Tezpur SSB Firing range: তেজপুৰৰ এছ বিৰ দেৱেন্দ্ৰ নগৰত অঘটন । সীমা বলৰ দেৱেন্দ্ৰ নগৰৰ শিবিৰত চলি থকা ফায়াৰিং অনুশীলনৰ সময়ত গাৰ্ড ৱালৰ ওপৰেদি অহা এটা গুলীয়ে মানশিৰীৰ পথাৰত কৰ্মৰত লোকক আঘাত কৰে । বৰ্তমান চিকিৎসাধীন হৈ আছে আহত লোকজন ৷

ফায়াৰিং ৰেঞ্জৰ গুলীত আঘাতপ্ৰাপ্ত এজন
ফায়াৰিং ৰেঞ্জৰ গুলীত আঘাতপ্ৰাপ্ত এজন

তেজপুৰ, ৮ ফেব্ৰুৱাৰী : তেজপুৰ সশস্ত্ৰ সীমা বলৰ (এছ এছ বি) দেৱেন্দ্ৰ নগৰত অঘটন । সশস্ত্ৰ সীমা বলৰ ফায়াৰিং ৰেঞ্জৰ গুলীয়ে সাধাৰণ লোকক আঘাত কৰাৰ অভিযোগ উত্থাপিত হৈছে । আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মাৰ্টিন নাগ নামৰ ৫৪ বছৰীয়া লোকজনে মানশিৰীৰ এজন লোকৰ ঘৰৰ পথাৰত দিন হাজিৰা কৰি আছিল ৷ তেনে সময়ত শিবিৰত ফায়াৰিঙৰ অনুশীলন চলি আছিল ৷ সেই শিবিৰৰ ফায়াৰিং ৰেঞ্জৰ গুলীয়ে লোকজনক আঘাত কৰে ।

এই ঘটনাৰ পাচতে স্থানীয় ৰাইজে আহি সশস্ত্ৰ সীমা বলৰ দেৱেন্দ্ৰ নগৰ শিবিৰত অভিযোগ কৰে আৰু আৰক্ষীক এই বিষয়ে অৱগত কৰে । বৰ্তমান চিকিৎসাধীন হৈ আছে আহত লোকজন ৷ জানিব পৰা মতে, স্থানীয় ৰাইজে অভিযোগ কৰাৰ বাবেই আজি (বৃহস্পতিবাৰ) শিবিৰত ফায়াৰিঙৰ অনুশীলন বন্ধ ৰখা হৈছে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰিছে ৷ অৱশ্যে অভিযুক্তৰ তৰফৰ পৰা এই পৰ্যন্ত কোনো গোচৰ ৰুজু কৰাৰ কথা জানিব পৰা হোৱা নাই ।

ঘটনাৰ সন্দৰ্ভত সশস্ত্ৰ সীমা বলৰ এক সূত্ৰই কয় যে গাঁওবাসীয়ে অভিযোগ উত্থাপিত কৰা অনুসৰি উক্ত স্থান এছ এছ বিৰ তৰফৰ পৰা পৰিদৰ্শন কৰা হয় ৷ ফায়াৰিং ৰেঞ্জৰ পৰা ১ কিলোমিটাৰ নিলগত গুলী যোৱাটো অসম্ভৱ ৷ জানিব পৰা মতে, ভুক্তভোগী ব্যক্তিগৰাকীয়ে কাষলতিৰ তলত আঘাত পাইছে ৷ ইতিমধ্যে এছ এছ বিৰ হাস্পতালত চিকিৎসকে চিকিৎসা কৰি আছে ৷

লগতে তেওঁ কয়, চিকিৎসকে চিটি স্কেন কৰাত ভুক্তভোগী ব্যক্তিগৰাকীৰ শৰীৰৰ কোনো স্থানতে গুলীয়ে আঘাত কৰাৰ চিন প্ৰত্যক্ষ হোৱা নাই । বৰ্তমান আহত ব্যক্তিজন এছ এছ বিৰ হাস্পতালত চিকিৎসাধীন আছে যদিও পৰৱৰ্তী সময়ত তেওঁ ঘৰলৈ যোৱাৰ পিচতো প্ৰয়োজনত যাৱতীয় সকলো চিকিৎসাৰ ব্যৱস্থা কৰিব সশস্ত্ৰ সীমা বলৰ তৰফৰ পৰা ৷

তেওঁ আৰু কয় যে দেৱেন্দ্ৰ নগৰৰ ফায়াৰিং ৰেঞ্জৰ দেৱাল যোৱা ২০২১-২২ বৰ্ষত অতি উচ্চতাৰে নিৰ্মাণ কৰা হৈছে । স্থানীয় লোকৰ মতে, ফায়াৰিং ৰেঞ্জৰ অনুশীলনৰ সময়ত কাষৰীয়া গাঁৱত বহু সময়ত গুলী আহি ঘৰৰ টিঙত পৰে ৷ বহু বছৰ পূৰ্বে এই ফায়াৰিং ৰেঞ্জৰ গুলীত স্থানীয় লোক আহত হোৱাৰ ঘটনা সংঘটিত হৈছিল ।

অৱশ্যে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰাৰ পিচতহে সবিশেষ তথ্য পোহৰলৈ আহিব ।

লগতে পঢ়ক : তেজপুৰত শতাধিক পক্ষীৰ ৰহস্যজনক মৃত্যু

Last Updated : Feb 9, 2024, 11:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.