ETV Bharat / state

তেজপুৰত শতাধিক পক্ষীৰ ৰহস্যজনক মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 1:36 PM IST

Birds Mysterious death
তেজপুৰত শতাধিক পক্ষীৰ ৰহস্যজনক মৃত্যু

Birds Mysterious death : তেজপুৰৰ পাৰ্শ্বৱৰ্তী বিন্দুকুৰিস্থিত ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ কাষৰীয়া অঞ্চলত শতাধিক শালিকা, ঘৰচিৰিকা চৰাই আৰু ফেঁচাৰ অপমৃত্যু ঘটা ঘটনাই সকলোকে হতবাক কৰি তুলিছে ৷ কোনো সামগ্ৰী ভক্ষণ কৰাৰ ফলত চৰাইবোৰৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে ৷

তেজপুৰ,৫ ফেব্ৰুৱাৰী : তেজপুৰত শতাধিক পক্ষীৰ ৰহস্যজনক মৃত্যুৰ এক শোকাৱহ ঘটনা পোহৰলৈ আহিছে ৷ তেজপুৰৰ পাৰ্শ্বৱৰ্তী বিন্দুকুৰিস্থিত ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ কাষৰীয়া অঞ্চলত শতাধিক শালিকা, ঘৰচিৰিকা চৰাই আৰু ফেঁচাৰ অপমৃত্যু ঘটা ঘটনাই সকলোকে হতবাক কৰি তুলিছে ৷ এনেদৰে অকস্মাতে পক্ষীৰ মৃত্যুৰ ঘটনাই প্ৰকৃতিপ্ৰেমীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে, এই হৃদয়বিদাৰক ঘটনাৰ সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীয়ে কয় যে নিমাখিত চৰাইবোৰৰ এনেদৰে মৃত্যু ঘটাটো অতিশয় উদ্বেগজনক ৷ এই অঞ্চলসমূহৰ পথাৰৰ লগতে বিভিন্ন স্থানত এনেদৰে মৃত চৰাইবোৰ পৰি থকাৰ শোকাৱহ ঘটনা অসহনীয় ৷ চৰাইবোৰে কোনো বিষাক্ত দ্ৰব্য ভক্ষণ কৰা বুলি সন্দেহ কৰে প্ৰকৃতিপ্ৰেমীগৰাকীয়ে ৷

বৰ্তমানেও সিঁচৰতি হৈ পৰি থকা মৃত চৰাইবোৰ মৰণোত্তৰ পৰীক্ষা কৰি এই ঘটনাৰ এক তদন্ত কৰাৰ প্ৰয়োজন আছে বুলি দাবী কৰে প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীয়ে ৷ ইতিমধ্যে অঞ্চলটোত তিনি প্ৰজাতিৰ পক্ষীৰ মৃত্যু হোৱাৰ বিপৰীতে অনাগত দিনত মৃত চৰাইৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰিছে বৰকটকীয়ে ৷

তেওঁ লগতে কয়, "আন কোনো মাংসহাৰী পক্ষী তথা জীৱ-জন্তুৱে মৃত এই চৰাইবোৰ ভক্ষণ কৰিলেও এনে ঘটনাৰ সংখ্যা বৃদ্ধি পাব ৷"

এনেস্থলত এনেদৰে পক্ষীৰ মৃত্যুৰ আঁৰৰ ৰহস্য উদঘাটনৰ বাবে বন বিভাগৰ লগতে শোণিতপুৰ প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে বৰকটকীয়ে ৷ যদিহে এই দুষ্কাৰ্যৰে কোনো লোক জড়িত আছে, তেনেহ’লে এই বিষয়েও এক শক্তিশালী তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমীগৰাকীয়ে ৷

উল্লেখ্য যে, দেওবাৰে অঞ্চলটোত প্ৰথমে পক্ষীৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছিল ৷ ইয়াৰ পিচতে আজি পুনৰ পক্ষীৰ মৃত্যুৰ বাতৰিয়ে শংকিত কৰি তুলিছে সাধাৰণ ৰাইজক ৷ প্ৰনিধানযোগ্য যে, বিন্দুকুৰিস্থিত ভাৰতীয় খাদ্য নিগমৰ ভঁৰাল চৌহদত বহু চৰায়ে আশ্ৰয় লৈ থাকে ৷ এনে অৱস্থাত ইয়াতো কোনো সামগ্ৰী ভক্ষণ কৰাৰ ফলত চৰাইবোৰৰ মৃত্যু হোৱাৰো আশংকা কৰা হৈছে ৷

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী গ্ৰেপ্তাৰ, খৰ্গ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.