সোৱাদ চাই দাম ! বোম্বাইয়া, বিলাতী, ইলাচী, শ্বাহী... কি খাব আপুনি ?
এবাৰ মুখত দিলে পাহৰিব নোৱৰা তেজপুৰৰ লিচু পুনৰ ওলাইছে লণ্ডনৰ বজাৰলৈ ৷ একোটা লিচুৰ দাম ২৫ ৰ পৰা ১০০ টকা ৷

Published : May 30, 2025 at 7:00 PM IST
তেজপুৰ: শতবৰ্ষ গৰকা এখন লিচু বাগিচা । আজিৰ পৰা ১০৩ বছৰ পূৰ্বেই এই বাগিচাখনত ৰোপণ কৰা হৈছিল কেইজোপামান লিচু গছ । ১৯২২ চনৰ পৰা ১৯২৪ চনৰ ভিতৰত স্থাপিত লিচু পুখুৰী (পল্টন পুখুৰী)ৰ বাগিচাখনত এইকেইজোপা লিচু ৰোপণ কৰিছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাই । এই লিচুকেই ছুইজাৰলেণ্ড, ডুবাইৰ পিছত পুনৰ বিদেশী ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰিবলৈ সাজু হৈছে বাগিচা কৰ্তৃপক্ষ ।
ভৌগোলিক সূচক (GI Tag) লাভ কৰা তেজপুৰ চহৰৰ লিচু বিদেশৰ বজাৰলৈ এই বছৰৰ প্ৰথম ৰপ্তানিৰ বাবে সাজু কৰা হৈছে । প্ৰতিকূল বতৰৰ মাজতে তেজপুৰৰ পৰা লিচু লণ্ডনৰ বজাৰলৈ শনিবাৰে অৰ্থাৎ ৩১ মে'ত প্ৰেৰণ কৰা হ'ব । বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ লিচুৱে কেবাখনো বিদেশী ৰাষ্ট্ৰৰ বজাৰ দখল কৰাৰ সময়তে পুনৰ লণ্ডনলৈ প্ৰেৰণ কৰা হ'ব । উল্লেখ্য় যে পূৰ্বতেও লিচু লণ্ডনলৈ পঠোৱা হৈছিল ।
প্ৰত্যেক বছৰে পৰুৱা আৰু লিচু পুখুৰীৰ পাৰত থকা লিচু বিভিন্ন দেশলৈ ৰপ্তানি কৰা হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈও তেজপুৰৰ লিচু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰেৰণ কৰিছিল । অতি সোৱাদযুক্ত মিঠা মঙহ থকা আৰু সৰু গুটিৰ এই লিচু তেজপুৰ পল্টন পুখুৰীত বেছিকৈ উৎপন্ন হয় । এই লিচু গছ ৰোপণ কৰিছিল সাহিত্য কাণ্ডাৰী অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি তথা তেজপুৰ পৌৰাসভাৰ প্ৰথমগৰাকী পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাই ।
তেজপুৰ পল্টন পুখুৰী বা লিচু পুখুৰীৰ লিচুৰ উপৰি পৰুৱা, ন-পামত বৃহৎ লিচু বাগান আছে । এই ঠাইৰ পৰাও লিচু বিদেশলৈ ৰপ্তানি হয় আৰু একেই সোৱাদযুক্ত । ব্যতিক্ৰমী সোৱাদ আৰু গুণগত মানৰ বাবে বিখ্যাত তেজপুৰৰ লিচু অসমৰ এক প্ৰখ্যাত ফল । বিগত ২০১৫ চনত ইয়াৰ অনন্য উৎপত্তিৰ প্ৰমাণীকৰণ আৰু অন্যান্য লিচু জাতৰ পৰা পৃথক কৰি ভৌগোলিক সূচক (জি আই টেগ) প্ৰদান কৰা হয় । জি আই টেগে নিশ্চিত কৰে যে তেজপুৰ অঞ্চলত বিশেষকৈ পৰুৱা, ন-পাম আৰু তেজপুৰ অঞ্চলত উৎপাদিত লিচুকহে 'তেজপুৰ লিচু' হিচাপে বজাৰত বিক্ৰী কৰিব পৰা যায় । অসমৰ এইবিধ ফলে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি কৰাৰ মূলতে হৈছে এই লিচুৰ ফল আন লিচুতকৈ যথেষ্ট বেছি মঙহাল আৰু ৰসাল ।

তেজপুৰৰ লিচুৰ মূল বৈশিষ্ট্য :
এই অঞ্চলত বোম্বাইয়া, বিলাতী, ইলাচী, শ্বাহীকে ধৰি কেইবাজাতৰো লিচু উৎপাদন হয় । প্ৰত্যেকবিধেই নিজৰ অনন্য সোৱাদৰ বাবে জনাজাত । প্রতিটো লিচুৰ মূল্য দহ টকাৰ পৰা ২৫ টকা আৰু স্থান বিশেষে ইয়াৰ মূল্য ১০০ টকালৈ বৃদ্ধি পায় ।
ৰপ্তানি আৰু অৰ্থনৈতিক প্ৰভাৱ :
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২২ চনৰ জুনত তেজপুৰ কনভেনচন চেণ্টাৰত হোৱা কেবিনেট বৈঠকৰ সময়ত লণ্ডনলৈ পঠোৱা লিচুৰ ফ্লেগ অফ কৰিছিল । সেই বছৰ মুঠ ৬৫০ কেজি তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি কৰা হৈছিল । এই ৰপ্তানিৰ সুবিধা অগ্নিগড় কৃষক উৎপাদক কোম্পানীয়ে কিয়েগা এক্সিমছৰ সহযোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, নাবাৰ্ড আৰু জিলা প্ৰশাসনে কৰিছিল । এই পদক্ষেপৰ লক্ষ্য আছিল অঞ্চলটোৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰি অৰ্থনৈতিক অৱস্থা বৃদ্ধি কৰা ।

সাংস্কৃতিক তাৎপৰ্য :
তেজপুৰত লিচুৰ খেতিৰ ঐতিহাসিক শিপা আছে । ১৯২২ চনৰ পৰা ১৯২৪ চনৰ ভিতৰত স্থাপিত লিচু পুখুৰী (পল্টন পুখুৰী)ৰ বাগিচা পদ্মনাথ গোহাঞি বৰুৱাই ৰোপণ কৰা আৰু ১৯৫৪ চনত স্থাপিত হোৱা পৰুৱা অঞ্চলৰ বাগিচাই অঞ্চলটোৰ কৃষি ঐতিহ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এই ফলৰ বাগিচাসমূহ স্থানীয় অৰ্থনীতি আৰু সাংস্কৃতিক পৰিচয়ৰ কেন্দ্ৰবিন্দু হৈয়েই আছে ।
পল্টন পুখুৰীৰ লিচু বাগিচা পৰিচার্য কৰা অমৃত ঘোষে কয়, "২০২৪ বৰ্ষত এই লিচুত বহুতো ঘাটি খাবলগীয়া হৈছিল আৰু সেয়া প্ৰাকৃতিক কাৰণত । লিচু লগাৰ সময়ত অত্যন্ত শিলাবৃষ্টি হোৱাৰ বাবে অনিষ্ট হয় । আনহাতে লিচু চৰাই আৰু বান্দৰৰ পৰা ৰক্ষা কৰিবলগীয়া হয় আৰু কেৰ্কেটুৱাই বহুত অনিষ্ট কৰে । নিশা বান্দৰ আৰু চোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আঠজন লোকে পহৰা দিবলগীয়া হয় । শনিবাৰে ১৫০০ টা লিচু প্ৰেৰণ কৰ হ'ব লণ্ডনলৈ । এয়া তেওঁলোকে পৰীক্ষামূলকভাৱে নিছে । ২০২৪ চনত চুইজাৰলেণ্ড, অষ্ট্ৰেলিয়া আৰু ডুবাইলৈ পল্টন পুখুৰীৰ লিচু ৰপ্তানি কৰা হৈছিল ।"
পল্টন পুখুৰীৰ আন এগৰাকী পৰিচর্যাকাৰী কল্পজ্যোতি নাথে কয়, "বিভিন্ন ঠাইৰ পৰা লোক আহে আৰু আমাৰ এই লিচু ক্ৰয় কৰি লৈ যায় । ফল বেছি লাগে । লিচুৰ গছসমূহ বহু পুৰণি । একেবাৰে কম বয়সৰ ভিতৰত কমেও ৭০ বছৰ গছ আছে ।"

