ETV Bharat / state

বহিঃৰাজ্য়ৰ বজাৰ দখল কৰিবলৈ সাজু মিঠাআম চাপৰিৰ ৰঙালাও

১০০০ বিঘা মাটিত ৰঙালাও খেতি । প্ৰায় ১২ কোটি টকাৰ ৰঙালাও প্ৰেৰণৰ বাবে সাজু ।

GOLAGHAT PUMKIN EXPORT
১০০০ বিঘা মাটিত ৰঙালাও খেতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 3, 2025 at 6:26 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট : ৰাজ্য চৰকাৰৰ কৃষি বিভাগে প্ৰৱৰ্তন কৰা কেতবোৰ অভিলাষী আঁচনিয়ে কৃষিখণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰাত গৰিষ্ঠসংখ্যক কৃষকে বাণিজ্যিক মূল্য থকা কৃষিত মনোনিৱেশ কৰিছে । শিক্ষিত নিবনুৱাসকলে স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হৈছে এনে আঁচনিৰে ।

১০০০ বিঘা মাটিত ৰঙালাও খেতি :

নুমলীগড়ৰ কাষৰীয়া দৈগ্ৰোঙৰ মিঠাআম চাপৰিত উভৈনদী হৈ পৰিছে ৰঙালাও । সৰবৰাহৰ বাবে ‌কেইবাখনো ট্ৰাকত ভৰ্তি কৰা হৈছে ৰঙালাও । নুমলীগড় শোধনাগাৰৰ সহায়ত অঞ্চলটোৰ কৃষক বলিন শৰ্মা, প্ৰশান্ত গগৈৰ লগতে মিঠাআম চাপৰিৰ কাষ্টম হিয়েৰিং চেন্টাৰৰ উদ্যোগত কেইবাজনো কৃষকে প্ৰায় এহেজাৰ বিঘা মাটি সামৰি ৰঙালাও খেতি কৰিছিল । ইয়াৰে ৰঙালাওৰ ৭৫ টন প্ৰথম পৰ্যায়ত কলকাতালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ।

১০০০ বিঘা মাটিত ৰঙালাও খেতি (ETV Bharat Assam)

তিনিখন বাহনেৰে বহিঃৰাজ্য়লৈ প্ৰেৰণ ৰঙালাও:

অঞ্চলটোৰ কৃষকসকলে ছেপ্তেম্বৰৰ পৰা এই ৰঙালাও খেতিৰ লগত জড়িত হৈ অৱশেষত আজিৰ পৰা সফলতাৰ মুখ দেখিছে । এই সম্পৰ্কে এজন কৃষকে কয়, "এই ধনশিৰি নদীৰ দুটি পাৰৰ বৃহৎ অঞ্চলত ৰঙালাও খেতি বেছিকৈ হৈছে । এই খেতি কৰিবলৈ যাওঁতে নুমলীগড় শোধনাগাৰে যি সহযোগিতা আগবঢ়ালে তাৰবাবে এইবাৰ খেতিৰ পৰিমাণ বৃদ্ধি পাইছে । ইয়াৰ উপৰি অঞ্চলটোৰ কাষ্টম চেন্টাৰে আমাক বহু সহায় সহযোগিতা কৰিছে । প্ৰায় এহেজাৰ বিঘা মাটিত ৰঙালাও খেতিৰ আজি তিনিখন বাহনেৰে পঠিয়াইছো আৰু প্ৰতিদিনে দুখন, তিনিখন বাহনেৰে গৈ থাকিব । লগতে কিছু লাভান্বিত হ'ব বুলি ভাবিছো ।"

GOLAGHAT PUMKIN EXPORT
১০০০ বিঘা মাটিত ৰঙালাও খেতি (ETV Bharat Assam)

আনহাতে, এই সম্পৰ্কে আন এজন কৃষকে কয়, "বৰ্তমান ভালেই লাগিছে । এই ক্ষেত্ৰত নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ পৰা আমাক সাৰ, বীজ, যোগান ধৰাৰ উপৰি এই অঞ্চলটোত হাতী ওলাই যাব পৰা ব্যৱস্থা কৰিছিল । আজি তিনিখন বাহনেৰে ৰঙালাও কলকাতালৈ ৰাওনা হৈছে । আমাৰ এই সফলতাৰ আঁৰত নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ প্ৰৱন্ধক মিন্টু সন্দিকৈ, কাষ্টম চেন্টাৰৰ ৰূপজ্যোতি বৈশ্য আৰু বিশেষকৈ দিবাকৰ শইকীয়া আৰু সঞ্জয় গুপ্তাই আমাক প্ৰতিটো ক্ষেত্ৰত সহায় সহযোগিতা কৰিছে। বৰ্তমানলৈকে ৭৫ টন সৰবৰাহ হৈছে আৰু বাৰীত আছেই ।"

নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ সহযোগিতা :

ইফালে, এই সম্পৰ্কে নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ প্ৰৱন্ধক মিন্টু সন্দিকৈয়ে কয়, "আমাৰ ৰাজ্যখন কৃষি প্ৰধান আৰু সৰহসংখ্যক লোকেই কৃষিজীৱী । এই কৃষি ব্যৱস্থাক কেনেকৈ বিজ্ঞানসন্মতভাৱে আগবঢ়াই লৈ যাব পাৰে, লগতে নতুন প্ৰজন্মক কেনেকৈ ইয়াৰ লগত সংযুক্ত কৰিব পাৰি তাৰ বাবে নুমলীগড় শোধনাগাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে । আমাৰ এই প্ৰচেষ্টাত কে ভি কে খুমটাই, কৃষি বিভাগৰ সৈতে লগ লাগি কেনেকৈ এই ক্ষেত্ৰত আগবঢ়াই যাব পাৰি তাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো ।"

GOLAGHAT PUMKIN EXPORT
১০০০ বিঘা মাটিত ৰঙালাও খেতি (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "আমি ১০০০ বিঘা মাটিত ৰঙালাও খেতিৰ এক প্ৰকল্প হাতত লৈছিলো । তাৰে আজি বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা বাহন উদ্ধোধন কৰিলো । অনাগত দিনত এনে প্ৰচেষ্টা অব্যাহত থাকিব আৰু সামগ্ৰিকভাৱে কেনেকৈ এই কৃষি পদ্ধতি আৰু আগুৱাই নিব পাৰি সেই বিষয়ে চিন্তা চৰ্চা কৰিছো ।" উল্লেখ্য যে বিগত বৰ্ষত এই কৃষকসকলে প্ৰায় ছয় কোটি টকাৰ ৰঙালাউ বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিছিল । এইবাৰ প্ৰায় ১২ কোটি টকাৰ ৰঙালাও প্ৰেৰণৰ বাবে সাজু হৈছে ।

লগতে পঢ়ক:'২৫ ত কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিৰ পৰা বহিঃৰাজ্যলৈ যাব ১২ কোটি টকাৰ ৰঙালাও - SELF RELIANT CULTIVATOR

বিদেশৰ বজাৰ দখল কৰিবলৈ সাজু নলবাৰীৰ ৰঙালাও - NALBARI RED PUMPKIN EXPORT