এতিয়াৰে পৰা অসমৰ জহা চাউলৰ সুগন্ধেৰে আমোলমোলাব পৃথিৱীৰ এখন দেশ
এডভান্টেজ অসম ২.০ৰ সময়ত অসমৰ জহা চাউলৰ ভাত খাইছিল এগৰাকী বিদেশী ব্য়ৱসায়ীয়ে । তাৰ পিচতেই এই চাউল আমদানিৰ সিদ্ধান্ত ।

Published : April 8, 2025 at 9:36 AM IST
|Updated : April 8, 2025 at 10:40 AM IST
গুৱাহাটী: অসমৰ সুগন্ধি জহা চাউলৰ সোৱাদ ল'ব ভিয়েটনামৰ বাসিন্দাই । এই উদ্দেশ্যে অসমৰ সৈতে ভিয়েটনামৰ এটা আগশাৰীৰ কোম্পানী লেখা ডিষ্ট্ৰিবিউটৰ কোম্পানী লিমিটেডে অসমৰ কৃষিজাত উদ্যোগ জিংছাই এন্টাৰপ্ৰাইজৰ সৈতে এক অংশদাৰিত্বৰ বুজাবুজি কৰিছে । ইয়াৰ অংশ ৰূপে জহা চাউলৰ প্ৰথম ১০০০ কিলোগ্ৰাম ভিয়েটনামলৈ সোমবাৰে ৰপ্তানি কৰা হয় ।
অসমৰ কৃষিজাত উদ্যোগ জিংছাই এণ্টাৰপ্ৰাইজে এই চাউলৰ প্ৰথমটো কনচাইনমেণ্ট কালি বিমানেৰে ভিয়েটনামৰ হো চি মিন চহৰলৈ প্ৰেৰণ কৰে । লেখা ডিষ্ট্ৰিবিউটৰ কোম্পানী লিমিটেডে হো চি মিন চহৰত এই চাউলখিনি গ্ৰহণ কৰিব । কৃষিমন্ত্ৰী অতুল বৰাই আজাৰাত থকা জিংছাই এণ্টাৰপ্ৰাইজৰ কাৰ্যালয়ত অনুষ্ঠিত আৰম্ভণি অনুষ্ঠানত ভাৰ্চুৱালভাৱে অংশগ্ৰহণ কৰি এই উন্নয়নৰ বাবে আনন্দ প্ৰকাশ কৰে ।
কৃষিমন্ত্ৰী অতুল বৰাই কয়, "জিংছাই এণ্টাৰপ্ৰাইজে অসমৰ GI টেগযুক্ত জহা চাউল ভিয়েটনামলৈ ৰপ্তানি কৰাৰ ব্যৱস্থা কৰাটো আমাৰ বাবে এক গৌৰৱৰ কথা । চৰকাৰে সক্ৰিয়ভাৱে কাম কৰি আছে, যাৰ ফলত অসমৰ চুবুৰীয়া দেশসমূহৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নত হৈছে । মই জিংছাই এণ্টাৰপ্ৰাইজক শুভেচ্ছা জনাইছো আৰু আশা কৰো যে এই উদ্যোগে অসমৰ যুৱক-যুৱতীসকলক স্বৰ্ণিম সুযোগৰ সদ্ব্যৱহাৰ কৰাত সহায় কৰিব ।"
ভাৰতৰ কৃষি আৰু প্ৰচেছড ফুড ডেভেল'পমেণ্ট অথৰিটি (APEDA)ৰ মুখ্য ৰপ্তানি বিষয়া ত্ৰিৰঙ্গ বি বৰায়ে আজাৰাস্থিত জিংছাই এণ্টাৰপ্ৰাইজৰ পৰা প্ৰথম কনচাইনমেণ্ট জহা চাউল ৰপ্তানি কৰাৰ শুভাৰম্ভ কৰে । জিংছাই এণ্টাৰপ্ৰাইজে যোৱা পাঁচ বছৰ ধৰি কৃষিখণ্ডত কাম কৰি আছে আৰু টাইৱান, ছিংগাপুৰ, অষ্ট্ৰেলিয়া আৰু মধ্যপ্ৰাচ্যৰ কিছুমান দেশৰ সৈতে যোগাযোগ ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি আৰু উদ্যানপালন সামগ্ৰী ৰপ্তানিৰ চেষ্টা কৰি আহিছে ।
ভাৰতৰ কৃষি আৰু প্ৰচেছড ফুড ডেভেল'পমেণ্ট অথৰিটিৰ প্ৰতিনিধিগৰাকীয়ে এই প্ৰসংগত কয়," এইটো অসমৰ GI টেগযুক্ত জহা চাউল,যি ইয়াৰ সুগন্ধৰ বাবে জনাজাত । ভিয়েটনামো এখন চাউল উৎপাদনকাৰী দেশ আৰু তাত চাউল এবিধ মুখ্য খাদ্য । গতিকে অসমৰ চাউল আন এখন চাউল উৎপাদনকাৰী দেশলৈ ৰপ্তানি হোৱাটো এক সুখবৰ । ৰপ্তানিৰ ক্ষেত্ৰত বিভিন্ন সমস্যা যেনে ৰং বাছনি, ভেকুৱাম পেকেজিং আদি আছে; কিন্তু জিংছাই এণ্টাৰপ্ৰাইজে এই সমস্যাসমূহ অতিক্ৰম কৰি ভিয়েটনামলৈ চাউল ৰপ্তানি কৰিবলৈ সক্ষম হৈছে ।"
জিংছাই এণ্টাৰপ্ৰাইজৰ সঞ্চালক ৰাজীৱ মেধিয়ে কয়," মই এজন খেতিয়ক,গতিকে কৃষিখণ্ডৰ সমস্যাসমূহ বুজি পাওঁ । আজি আমি ১০০০ কিলোগ্ৰাম জহা চাউল ভিয়েটনামলৈ পঠাবলৈ সক্ষম হোৱাত আমি অতি সুখী । জহা চাউল অসমৰ গৌৰৱ আৰু আমি ইয়াক আন এখন দেশলৈ পঠাব পৰাটো আমাৰ বাবে এক ডাঙৰ সাফল্য । অসম চৰকাৰক ধন্যবাদ জনাইছো যিয়ে অসমত বাণিজ্যিক পৰিৱেশ সৃষ্টি কৰিছে । আশা কৰো, জিংছাই এণ্টাৰপ্ৰাইজৰ এই সাফল্যে অন্যান্যকো কৃষি আৰু ৰপ্তানি খণ্ডত আগবাঢ়িবলৈ উৎসাহিত কৰিব ।"
তেওঁ পুনৰ কয়," বাণিজ্যৰ ক্ষেত্ৰত অসমৰ পৰিৱেশ পূৰ্বতকৈ বহু উন্নত হৈছে যাৰ ফলত তেওঁৰ দৰে বহু লোকেই উদ্যোগী হোৱাৰ প্ৰেৰণা পাইছে । এডভান্টেজ অসম ২.০ৰ সফলতাৰ পিছত বহু দেশে আমাক লক্ষ্য কৰিছে। এতিয়া আমাৰ ওপৰত নিৰ্ভৰ কৰিছে যে কেনেকৈ আমি ব্যৱসায় কৰি এক স্থায়ী ভৱিষ্যত গঢ়ি তুলিব পাৰো ।”
এই অনুষ্ঠানত এয়াৰ ইণ্ডিয়া লিমিটেড, এয়াৰপ'ৰ্ট অৰ্থৰিটি অৱ ইণ্ডিয়া, ইণ্ডিগো এয়াৰলাইনছৰ বিভিন্ন বিষয়াসকলে অংশগ্ৰহণ কৰে । এই সহযোগিতাৰ জৰিয়তে লেখা ডিষ্ট্ৰিবিউটৰে অসমৰ কৃষিজাত সামগ্ৰীসমূহ ভিয়েটনামৰ গ্ৰাহকসকললৈ লেখামাৰ্টৰ জৰিয়তে উপলব্ধ কৰাৰ লগতে ইয়াক গোলকীয় বজাৰলৈ ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছে ।

