অসমীয়াৰ বাৰীয়ে-হাবিয়ে পৰি থকা ঔ টেঙা বিদেশলৈ ওলাইছে
আন্দামানত সমাদৃত অসমৰ ঔ টেঙা ৷ এইবাৰ জুতি বিলাব বিশ্বৰ প্ৰান্তে প্ৰান্তে ৷

Published : March 9, 2025 at 5:16 PM IST
লখিমপুৰ: অসমৰ থলুৱা খাদ্য সম্ভাৰৰ এক চিনাকি নাম ঔ টেঙা । এইবিধ টেঙাৰ নাম শুনিলেই সকলোৰে জিভাৰ পানী পৰে । অসমৰ গ্ৰামাঞ্চলৰ প্ৰায়ভাগ লোকৰ ঘৰৰ বাৰীতেই হওক বা হাবিয়নীতেই হওক য'তে ত'তে পৰি থকা ঔ টেঙা এইবাৰ ৰপ্তানী হ'ব দেশ-বিদেশলৈ । বিলাব স্বাদ আৰু সুঘ্রাণ । অসমৰ কেইবাবিধো ফল-মূল,পাচলিৰ বিদেশ যাত্ৰাৰ পাছত এইবাৰ ওলাইছে ঔ টেঙা ।
ইতিমধ্যে আন্দামান পাইছেগৈ অসমৰ ঔ টেঙা । দেশৰ বিভিন্ন ৰাজ্যৰ উপৰি ঔ টেঙা বিদেশ যাত্রাৰ বাবেও সাজু হৈছে । অসমৰ পথাৰে-বাৰীয়ে সুলভ ঔ টেঙা সকলোৰে বাবে পৰিচিত । নানা ধৰণৰ সুস্বাদু ব্যঞ্জনত আছে ঔ টেঙাৰ ভূমিকা ।
বহু ঔষধি গুণেৰেও ঔ টেঙা সমৃদ্ধ । একেবাৰে থলুৱা অসমৰ এই ঔ টেঙাই প্ৰথমবাৰৰ বাবে দেশৰ সীমা অতিক্রমী বিদেশ যাত্রাৰ বাবে সাজু হৈছে । এই ঔ টেঙাৰ বিদেশ যাত্রাৰ নেপথ্যৰ ব্যক্তিগৰাকী হৈছে লখিমপুৰ নগৰৰ গাতে লাগি থকা চুকুলিভৰীয়াৰ মুনিন্দ্র কুমাৰ ভাগৱতী ।

কেনেদৰে আৰম্ভ হৈছিল এনে ধাৰণাৰ ?
এইগৰাকী উদ্য়োগীয়ে ঔ টেঙাক লৈ এক উজ্জ্বল সম্ভাৱনীয়তাৰে কাম আৰম্ভ কৰিছে । ঔ টেঙাক বিশ্বমুখী কৰাৰ নেপথ্যৰ কাহিনী বিবৰি মুনিন্দ্র কুমাৰ ভাগৱতীয়ে কয়, "মই দিল্লীত অনুষ্ঠিত হোৱা এখন ৱৰ্ল্ড ফুড ফেষ্টিভেল চাইছিলো । তাত বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ খাদ্য সামগ্রী প্ৰদৰ্শন কৰা হৈছিল । অসমৰ মানিমুনি, জালুক, তেজপাত আদিও আছিল সেই ফুড ফেষ্টিভেলত । তেতিয়াই মোৰ মনলৈ চিন্তা আহিল এনেদৰে ঔ টেঙাক গুৰি কৰি ৰপ্তানি কৰিব পৰা যায় । সেয়াই আৰম্ভণি ।"

তাৰ পিছত অসমলৈ ঘুৰি আহি তেওঁ হাতে-কামে লাগি পৰা বুলি উল্লেখ কৰি ভাগৱতীয়ে কয়, "অসমলৈ আহি মই ঔ টেঙা শুকুৱাই গুৰি কৰি গুণাগুণ অক্ষুন্ন ৰাখি দিল্লীৰ লেব'ৰেটৰীলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলো । তেওঁলোকে অনুমোদন কৰিলে । এনেদৰে ঔ টেঙাৰ গুৰি ৰপ্তানি কৰিবলৈ মই জনোৱা আবেদন গ্ৰাহ্য কৰিলে মিনিষ্ট্ৰি অৱ ফুড প্ৰছেচিং ইণ্ডাষ্টিজৰ অধীনৰ নেচনেল ইন্সটিটিউট অৱ ফুড টেকন'লজিয়ে । মোক অনুজ্ঞাপত্ৰ দিয়া হ'ল। ঔ টেঙাৰ গুৰি কৰি পেকেজিং কৰি দেশৰ বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে । আন্দামানলৈও প্ৰেৰণ কৰা হৈছে । প্ৰচুৰ সমাদৰ লাভ কৰিছে ঔ টেঙাই ।"

তেওঁ পুনৰ কয়, "ইতিমধ্যে গুৰি কৰি, শুকান টুকুৰা কৰা নাইবা কেঁচা ধৰণে ঔ টেঙা প্ৰেৰণ কৰা হৈছে । কেঁচা ঔ টেঙাৰ অধিক মুনাফা আছে যদিও ওজনৰ বাবে ব্যয় বৃদ্ধি পায় ।" তেওঁ আৰু কয়, "যদিও বাহিৰলৈ ঔ টেঙাক বিভিন্ন ধৰণে প্ৰেৰণ কৰা হৈছে তথাপি বতৰ অনুযায়ী শীত বা গৰমত কেনেদৰে ৰাখিব লাগে তাৰ ওপৰত অধ্যয়ন কৰি আছো । পেকেজিঙৰ সৈতে এনেবোৰ কথাৰ লগতে উপাদানসমূহৰ কথাও থাকিব লাগিব । ঔ টেঙাৰ এনে ব্যৱসায়িক সম্ভাৱনাই ক্ৰমে গা কৰি উঠিছে ।"
তেওঁ কয় যে ঔ টেঙা সংগ্রহ কৰাৰ পৰা আৰম্ভ কৰি প্ৰস্তুত কৰা পৰ্বলৈকে মহিলা গোটসমূহ বা মহিলাসকলক জড়িত কৰাৰ লক্ষ্যৰে কাম কৰা হৈছে । এই প্ৰক্ৰিয়াত বহু মানুহ জড়িত হ'ব অদূৰ ভবিষ্যতে । পিছে তেওঁ ইয়াৰ মাজতে কেঁচা মালৰ অভাৱৰ কথাও প্ৰকাশ কৰে ।

তেওঁ কয়, "ঔ টেঙাৰ এনে ব্যৱসায়িক যাত্রাত যিমান পৰিমাণৰ পকা ঔ টেঙাৰ প্ৰয়োজন সিমান পৰিমাণৰ পোৱাত অসুবিধা হৈছে । এনেবোৰ কাৰণতে ভৱিষ্যতে ঔ টেঙাৰ গুৰি হজমোলাৰ দৰে টেবলেট আকাৰৰ কৰি ৰপ্তানি কৰাৰ পৰিকল্পনা কৰা হৈছে ।"
ৰপ্তানি ব্যয় সংকোচন কৰাৰ বাবে তেওঁ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি আছে । সকলোখিনি ঠিকে ঠাকে আগবাঢ়িলে ঔ টেঙাই স্বাৱলম্বী হোৱাৰ দিশত বহু লোকক উপকৃত কৰিব । লগতে বাৰীৰ চুকৰ অথবা পথাৰৰ মাজৰ ঔ টেঙা কেইটাই দেশে- বিদেশে কঢ়িয়াই নিব অসমৰ সুনাম ।
লগতে পঢ়ক: এদিন অসম এৰি গুচি গৈছিল বিৰিণাবাৰীৰ ৰণজিৎ কলিতাও... আৰু আজি ?

