ETV Bharat / state

ইটা উদ্যোগত বিষ্ফোৰণত প্ৰাণ হেৰুৱালে কৰ্মচাৰীয়ে: এসপ্তাহে ঘটনা গাপ দিলে কৰ্তৃপক্ষই

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 8:31 PM IST

Austin AAC Infratech: পহিলা ফেব্ৰুৱাৰীৰ আবেলি পলাশবাৰীৰ অষ্টিন এএচি ইনফ্ৰাটেক ইটা প্ৰস্তুতকাৰী উদ্যোগত সংঘটিত হৈছিল ভয়ংকৰ বিষ্ফোৰণ । উদ্যোগ কৰ্তৃপক্ষই গাপ দি ৰাখিছিল সমস্ত ঘটনা ।

Mirza explosion in brick industry
পলাশবাৰীৰ অষ্টিন এএচি ইনফ্ৰাটেক
পলাশবাৰীৰ অষ্টিন এএচি ইনফ্ৰাটেক

মিৰ্জা, ৯ ফেব্ৰুৱাৰী : এক ভয়ংকৰ বিষ্ফোৰণৰ দৃশ্য । দক্ষিণ কামৰূপৰ পলাশবাৰী মনপুৰস্থিত অষ্টিন এএচি ইনফ্ৰাটেক ইটা প্ৰস্তুতকাৰী উদ্যোগটোত সংঘটিত হৈছে এই ভয়ংকৰ বিষ্ফোৰণ । পহিলা ফেব্ৰুৱাৰীৰ আবেলি এই ভয়ংকৰ বিষ্ফোৰণটো সংঘটিত হৈছিল যদিও উদ্যোগ কৰ্তৃপক্ষই এই বিষয়ে গাপ দিবলৈ চেষ্টা কৰে । এই ভয়ংকৰ ঘটনাটোত আৰণি দাস নামৰ এজন কৰ্মচাৰীয়ে প্ৰাণ হেৰুওৱাৰ পিচতো কি কাৰণত উদ্যোগ কৰ্তৃপক্ষই এই বিষয়ে গাপ দিবলৈ চেষ্টা কৰিছে সেই লৈ ৰাইজৰ মাজত সন্দেহ ঘণীভূত হৈছে ।

অষ্টিন এএচি ইনফ্ৰাটেক ইটা প্ৰস্তুতকাৰী উদ্যোগটোত নিহত আৰণি দাস দুই কণমানি সন্তানৰ পিতৃ আছিল । পলাশবাৰী থানাৰ অন্তৰ্গত মনপুৰত আছিল নিহত লোকজনৰ ঘৰ । এই ঘটনাটো সংঘটিত হৈছিল যোৱা এক ফেব্ৰুৱাৰীৰ আবেলিতেই ৷ চক্ৰান্তমূলকভাৱে অষ্টিন এএচি ইনফ্ৰাটেক ইটা প্ৰস্তুতকাৰী উদ্যোগ কৰ্তৃপক্ষই এই বিষয়ে আজিলৈকে এই ঘটনাটো গাপ দি ৰাখিছিল ৷ বৃহস্পতিবাৰে আৰণি দাসৰ মৃত্যু হোৱাৰ লগে লগে এই ঘটনাটো পোহৰলৈ আহে ৷ ইয়াৰ পিচতেই সাংবাদিকৰ দল এটাই অনুসন্ধান চলাই এই ঘটনাৰ CCTV ফুটেজ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ এই দুৰ্ঘটনাটোত আহত হৈছিল আৰু পাঁচজন কৰ্মচাৰী ৷ আহত আন কৰ্মচাৰীৰ ক'ত কিদৰে চিকিৎসা চলিছে তাৰ খৱৰ এতিয়ালৈকে লাভ কৰা হোৱা নাই ৷

দক্ষিণ কামৰূপৰ ঔদ্যোগিক কেন্দ্ৰ পলাশবাৰীত সংঘটিত হৈছে গাৰনোম শিয়ৰি উঠা ভয়ংকৰ গৰম পানীৰ বিস্ফোৰণৰ ঘটনাটো ৷ দুটি কণমানি সন্তানৰ পিতৃ আৰণি দাস । অষ্টিন এএচি ইনফ্ৰাটেক নামৰ এই উদ্যোগটোৰ কৰ্মচাৰী আছিল আৰণি ৷ ইপিনে,এতিয়ালৈকে অজ্ঞাত কাৰণত পৰিয়ালৰ লোকে মুখ খোলা নাই ৷

লগতে পঢ়ক:ধেমাজিত জালিয়াতিৰে লাভ কৰিলে সুৰা বিপণিৰ অনুজ্ঞাপত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.