ধেমাজিত জালিয়াতিৰে লাভ কৰিলে সুৰা বিপণিৰ অনুজ্ঞাপত্ৰ
Dhemaji Liquor shop license case : ধেমাজিত বৃদ্ধি পাইছে সুৰাৰ বিপণিৰ সংখ্য়া । যাৱতীয় নথিপত্ৰ পৰ্যবেক্ষণ নকৰাকৈয়ে অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ।

Published : February 9, 2024 at 5:09 PM IST
ধেমাজি, ৯ ফেব্ৰুৱাৰী: ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাইছে সুৰাৰ বিপণি আৰু ৱাইন বাৰৰ সংখ্যা ৷ ধেমাজি জিলাতো ক্ৰমান্বয়ে এনে বিপণিৰ সংখ্যা বৃদ্ধি পাইছে । পিছে সংশ্লিষ্ট বিভাগে গোপন বুজাবুজিৰে উপযুক্ত যাৱতীয় নথিপত্ৰ পৰ্যবেক্ষণ নকৰাকৈয়ে অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ধেমাজিত ৷ এইক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ধীৰেন দিহিঙীয়াই এনে জালিয়াতিৰ অভিযোগ উত্থাপন কৰি ধেমাজি জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছে ৷
উত্থাপিত অভিযোগ মতে, বিগত ২০১৯ চনতে Govt Sanction Letter No Ex-244/2019/49 dated Dispur, the 23th October 2019 যোগে ধেমাজি জিলা মাছখোৱাৰ বৰপাক নৈকোষৰ মিন্টুৰাজ কামান নামৰ লোকজনে জিলা সংশ্লিষ্ট বিষয়াৰ সৈতে বুজাবুজিৰে সম্পূৰ্ণ ভুৱা নথিপত্ৰ দাখিল কৰি সুৰাৰ বাৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ সংগঠনটোৱে তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্য মতে মিন্টুৰাজ কামানৰ পিতৃ নৱ কামানৰ মাছখোৱা পথলিয়াল মেপৰ ১নং গ্ৰাম সভা ম্যাদী পট্টা ৭৪১ নং দাগত মাছখোৱা চাৰিআলিত ৭৪১ নং দাগ মাটি দেখুৱাই বিলাতী সুৰাৰ ব্যৱসায়িক প্ৰতাষ্ঠান খুলিবৰ বাবে ২ কঠা মাটি আছে বুলি ভুৱা শপতনামা প্ৰস্তুত কৰি দাখিল কৰিছিল ৷ সেইদৰে প্ৰস্তুত কৰিছিল ভুৱা জমাবন্দী ৷
সেয়েহে এইক্ষেত্ৰত অনিয়মৰ তদন্ত কৰি দুনীৰ্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই জিলা আযুক্তক অভিযোগ দাখিল কৰিছে সংগঠনটোৱে ৷ অৱশ্যে অনুসন্ধানৰ পিচতহে পোহৰলৈ আহিব প্ৰকৃত জালিয়াতিৰ তথ্য তথা বিসংগতিৰ ক্ষেত্ৰত কাৰ কাৰ হাত আছে ৷ কাৰ আশিস লাভ কৰি অনুজ্ঞাপত্ৰ লাভ কৰিলে তাক লৈও সৃষ্টি হৈছে ৰহস্য়ৰ ৷
লগতে পঢ়ক:৭ দিনৰ ভিতৰত ক্ষতিপূৰণ নিদিলে বন্ধ হ’ব ইষ্ট ৱেষ্ট ক'ৰিডৰ কাম: ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ'ৰাম

