ETV Bharat / state

কোনে হত্যা কৰিলে 70 বছৰীয়া ছাব্ টাইক ?

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 4:29 PM IST

Tense situation in Namsai:নামচাইত এগৰাকী বৃদ্ধৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ কাকপথাৰত ডিৰাক গেট পথ অৱৰোধ কৰি প্ৰতিবাদ ৷

Tense situation in Namsai
নামচাইত এগৰাকী বৃদ্ধৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

নামচাইত এগৰাকী বৃদ্ধৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়া, 1 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ নামচাই জিলাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে । ৰাজ্যখনৰ নামচাইৰ এখন ফাৰ্মত কৰ্মৰত এজন লোকে নিজৰ প্ৰাপ্য বিচাৰি যোৱা এজন বৃদ্ধ লোকক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ অৰুণাচলৰ নিউ চালাতুৰ ছাব্ টাই নামৰ প্ৰায় 70 বছৰীয়া এজন লোকক হত্যা কৰাৰ অভিযোগত উত্তপ্ত হৈ পৰিছে নামচাই জিলাৰ ৰাজপথ ।

নিজৰ প্ৰাপ্য টকা বিচাৰি যোৱাৰ এটা ব্যক্তিগত ফাৰ্মৰ স্বত্বাধিকাৰে কেইজনমান যুৱকৰ লগত মিলি বৃদ্ধ লোকজনক মাৰ ধৰ কৰি হত্যা কৰাৰ অভিযোগ উঠিছে । ইতিমধ্যে উত্তেজিত ৰাইজে ছাব্ টাই নামৰ ব্যক্তি গৰাকীৰ মৃত্যুৰ উচিত তদন্তৰ দাবী তুলি অসম-অৰুণাচল সীমান্তৰ কাকপথাৰ ডিৰাক গেটত অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ফলত অসম-অৰুণাচল যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷

এই ঘটনাৰ পিচতে নামচাই আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত অভিযুক্ত তিনিজন লোকক নামচাই আৰক্ষীয়ে আটক কৰিছে ৷ কিন্তু প্ৰতিবাদকাৰীসকলে ব্যক্তিগত ফাৰ্মৰ স্বত্ত্বাধিকাৰীগৰাকীক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে লোকজনৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ 'লেকাং য়ুথ আদি এচ'ছিয়েশ্বন' আৰু লেকাং অঞ্চলৰ সমূহ ৰাইজে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইয়াৰোপৰি মৃত লোকজনৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ লগতে পৰিয়ালক ক্ষতিপূৰণ, পৰিয়ালৰ লোকক সংস্থাপনৰ দাবীৰে প্ৰতিবাদী ৰাইজে পৰিৱেশ উত্তাল কৰি তোলে ৷ আনহাতে মৃতদেহটো চিকিৎসালয়ৰ বিপৰীতে নামচাই আৰক্ষী থানাত উদ্ধাৰ কৰাক লৈও ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

এনেদৰে পথ অৱৰোধ কৰি ৰখাৰ ফলত অসম আৰু অৰুণাচললৈ চলাচল কৰা শ শ যাত্ৰীবাহী, মালবাহী, তৈল পৰিবাহী বাহন আৱদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: মাতৃভাষা মাধ্যমবিৰোধী সিদ্ধান্তক মানি নলয় আছুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.