ETV Bharat / state

প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি - Dhubri Medical College Hospital

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 8:52 PM IST

Allegation against DMCH : ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উত্তেজিত ৰাইজে অধ্যক্ষৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ । চিকিৎসা সেৱাৰ নামত কি চলিছে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ?

Dhubri Medical College Hospital
ধুবুৰী চিকিৎসা মহাবিদ্যালয়
ধুবুৰী চিকিৎসা মহাবিদ্যালয়

ধুবুৰী, ২৩ এপ্ৰিল: ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালতখন চিকিৎসক অবিহনেই চলাৰ অভিযোগ উত্থাপন কৰি এই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় । ৰোগী বিচনাত ছটফটাই থাকিলেও, ঘণ্টাৰ পিচত ঘণ্টা অপেক্ষা কৰি থাকিলেও পাবলৈ নাই চিকিৎসক । উপযুক্ত চিকিৎসাৰ অভাৱত প্ৰসূতিৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰসূতিগৰাকীৰ আত্মীয়ই মঙলবাৰে এনে পৰিস্থিতিৰ সৃষ্টি কৰে । তদুপৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধেও ৰোগীৰ আত্মীয়ই অভিযোগ উত্থাপন কৰিছে ।

উল্লেখ্য় যে, কালি ধুবুৰীৰ ভাষানীৰ চৰ অঞ্চলৰ শুকুৰজান নেছা নামৰ এগৰাকী মহিলাক সন্তান প্ৰসৱৰ বাবে ভৰ্তি কৰোৱা হয় ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত । প্ৰথমে চিকিৎসকে এবাৰ মহিলা গৰাকীৰ স্বাস্থ্যৰ বুজ লয় যদিও নিশাৰে পৰা পুৱালৈকে কোনো চিকিৎসকে মহিলা গৰাকীৰ খবৰ নোলোৱাৰ অভিযোগ উঠিছে । মহিলা গৰাকীয়ে এটি সন্তান প্ৰসৱৰ পিছতেই শেষ নিশ্বাস ত্যাগ কৰে ।

ইপিনে, মহিলাগৰাকীয়ে মৃত্যুৰ সৈতে যুঁজি থকা সময়ত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত ছিকিউৰিটি গাৰ্ডে মহিলাগৰাকীৰ পিতৃ-মাতৃ তথা আত্মীয়ক ভিতৰলৈ প্ৰৱেশৰ অনুমতি নিদিয়াৰ গুৰুতৰ অভিযোগ উঠিছে । কিন্তু মহিলাগৰাকীৰ মৃত্যুৰ পিচত মৃতদেহ অনিবলৈহে আত্মীয়ক ভিতৰলৈ মাতি পঠিয়ায় বুলি অভিযোগ উত্থাপন কৰা হৈছে । ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসা ব্যৱস্থা আৰু চিকিৎসকৰ গাফিলতিৰ বাবেই মহিলা গৰাকীৰ মৃত্যুৰ অভিযোগ উত্থাপন কৰিছে আত্মীয়ই ।

ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত ৰোগীৰ আত্মীয়ক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপিত হৈছে । এই ঘটনাটো সংঘটিত হোৱাৰ পিচতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাৰ ফলত আৰক্ষী প্ৰশাসনৰ লোক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলায় ।

আজিৰ এই ঘটনাটোৱেই এনে প্ৰথম ঘটনা নহয় । ধন নিদিলে চিকিৎসকে চিকিৎসাৰ ক্ষেত্ৰত বেছি গুৰুত্ব নিদিয়াৰো অভিযোগ উঠিছে । ইয়াৰ বিপৰীতে ধনৰ লোভত বেছিভাগ গৰ্ভৱতী মহিলাক অস্ত্ৰপচাৰ কৰি সন্তান প্ৰসৱ কৰোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰোগীসকলৰ একাংশ আত্মীয়ই ।

লগতে পঢ়ক:চৰকাৰী চিকিৎসালয়ত খোপনি পুতিছে দালাল, ধুবুৰীত দুই মহিলা দালালক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.