ETV Bharat / state

প্ৰেমৰ নগৰীত প্ৰেমিকৰ ব্লেকমেইলিং: তেজপুৰত কিশোৰীৰ আত্মহনন

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 8:24 PM IST

Tezpur News
তেজপুৰত কিশোৰীৰ আত্মহনন

Tezpur News: প্ৰেমিকৰ ব্লেকমেইলিঙৰ বলি হৈ এগৰাকী কিশোৰীয়ে আত্মহননৰ অভিযোগ উত্থাপিত হৈছে তেজপুৰত ৷ চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যো-জা চলাই আছিল কিশোৰীগৰাকীয়ে ৷

তেজপুৰত কিশোৰীৰ আত্মহনন

তেজপুৰ, ৩০ জানুৱাৰী : এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে আত্নহননৰ পথ বাচি লোৱা ঘটনাক কেন্দ্ৰ কৰি তেজপুৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰেমৰ জালেৰে একান্ত ব্যক্তিগত ফটো সংগ্ৰহ কৰাৰ পাছত প্ৰেমিকে ব্লেক মেইলিং কৰাৰ পৰিণতিত এই ঘটনাৰ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷

তেজপুৰ চহৰৰ নেপালীপট্টি অঞ্চলৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সোমবাৰে সংগ্ৰহ কৰিছিল পৰীক্ষাৰ এডমিট কাৰ্ড ৷ কিন্তু সোমবাৰে সন্ধিয়া ৬ মান বজাত নিজৰ কোঠাত পঢ়িবলৈ বুলি কিশোৰীগৰাকী যোৱাৰ কিছু সময়ৰ পাচত উক্ত কোঠাটোৰ চিলিং ফেনত উড়নাৰে চিপ লৈ থকা অৱস্থাত কিশোৰীগৰাকীক উদ্ধাৰ কৰা হয়৷

ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ দলে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মঙলবাৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ অন্তত মৃতদেহ আজি বিয়লি পৰিয়ালক মৃতদেহটো অৰ্পণ কৰাৰ সময়ত এক অভাৱনীয় শোকাচ্ছন্ন পৰিৱেশে বিৰাজ কৰে ৷

উল্লেখ্য যে, দুৰ্ভগীয়া মাতৃগৰাকী আৰু পৰিয়ালৰ সদস্যৰ লগতে ওচৰ-চুবুৰীয়াই স্থানীয় সাংবাদিকৰ আগত কিশোৰীগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ উত্থাপিত অভিযোগ অনুসৰি তেজপুৰ লালমাটিৰ নিবাসী কপিল চক্ৰৱৰ্তী নামৰ প্ৰেমিকগৰাকীয়ে কিশোৰীগৰাকীৰ একান্ত ব্যক্তিগত আৰু গোপন ফটো মোবাইল ফোনৰ জৰিয়তে সংগ্ৰহ কৰিছিল ৷

ইয়াৰ পাছত যুৱতীগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিছিল ৷ আনকি কালি কিশোৰীগৰাকীৰ সৈতে সাক্ষাতো হৈছিল কপিল নামৰ প্ৰেমিকগৰাকীৰ ৷ মানসিকভাৱে ভাঙি পৰা কিশোৰীগৰাকীয়ে এই সকলো কথাৰ বিৱৰণ এগৰাকী বান্ধৱীকো ব্যক্ত কৰিছিল বুলি জানিবলৈ দিয়ে ৷

প্ৰেমিক কপিলৰ ব্লেক মেইলিঙৰ পৰিণতিতে কিশোৰীগৰাকীয়ে আত্নহননৰ পথ বাচি ল’বলৈ বাধ্য হ’ল বুলি পৰিয়ালবৰ্গই অভিযোগ উত্থাপন কৰে৷ ইয়াৰোপৰি ঘটনাৰ উচিত তদন্ত বিচাৰি ‘আমাক ন্যায় লাগে’ বুলি কান্দোনত ভাগি পৰে দুৰ্ভগীয়া পৰিয়ালটো ৷

আনহাতে, অঞ্চলটোৰ নিবাসীসকলে জনোৱা অনুসৰি কিশোৰীগৰাকী অতি সহজ-সৰল আৰু সকলোৰে প্ৰিয় আছিল ৷ উক্ত ঘটনাৰ উচিত বিচাৰৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷ ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে দাখিল কৰা এজাহাৰ ভিত্তিত সম্প্ৰতি আৰক্ষীয়ে অভিযুক্ত কপিলৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: মই জে ই ই কৰিব নোৱাৰিলোঁ...পৰীক্ষাৰ নোট লিখা কলমটোৰে নীহাৰিকাই লিখিলে আত্মহননৰ টোকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.