টিংখাঙৰ শালমাৰী-দীঘলীয়া কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ
Technical Training Centre: তাঁতশাল,পানী মেটেকাৰে সামগ্ৰী নিৰ্মাণ কৰি স্বাৱলম্বিতাৰ সপোন গঢ়িব টিংখাঙৰ উদ্যমী মহিলাই । অত্যাধুনিক কাৰিকৰী প্ৰশিক্ষণৰ লগতে উৎপাদিত সামগ্ৰীৰ বজাৰ দখলৰ বাবে আগবাঢ়িব মহিলাই । টিংখাংঙত শুভাৰম্ভ কৰা হ'ল কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ ।

Published : January 26, 2024 at 10:04 AM IST
টিংখাং, ২৬ জানুৱাৰী : দেশৰ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে । বিশেষকৈ মহিলাসকলৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰক । ফলস্বৰূপে স্বাৱলম্বী হোৱাৰ দিশে আগবঢ়িছে অসমীয়া মহিলা ।
নিজৰ কৰ্মৰাজীক ব্যৱসায়ীক ভিত্তিত কৰাৰ মানসেৰে আজিৰ দিনত একাংশ যুৱতী মহিলা ওলাই আহিছে । ইয়াৰ মাজতে দেখা গ'ল টিংখাঙত মহিলা সৱলীকৰণৰ সুন্দৰ প্ৰয়াস । টিংখাঙত মহিলাসকলৰ বাবে আহিছে ভাল খবৰ । বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি বাছি ল'ব পাৰে স্বাৱলম্বিতাৰ বাট । শুভাৰম্ভ কৰা হ'ল টিংখাঙৰ শালমাৰী-দীঘলীয়া কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰৰ ।
কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ শালমাৰী-দীঘলীয়াৰ উদ্যোগত তথা অইল ইণ্ডিয়া লিমিটেডৰ গ্ৰামোন্নয়ন সমিতিৰ সহযোগত মুকলি কৰা হৈছে এই প্ৰশিক্ষণ কেন্দ্ৰ । য'ত স্থানীয় মহিলাসকলক বোৱা-কটা, কাপোৰত ৰঙৰ ব্যৱহাৰ, মেটেকা তথা অন্যান্য প্ৰাকৃতিক উপাদানৰ পৰা সামগ্ৰী প্ৰস্তুত কৰা আদি বিভিন্ন দিশত উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব । ইয়াৰ বাবে কেন্দ্ৰটোত কেইবাখনো আধুনিক তাঁতশাল, চিলাই মেছিনৰ লগতে বিভিন্ন সা-সঁজুলিৰ ব্যৱস্থা কৰা হৈছে । কেন্দ্ৰটোত পৰ্যায়ক্ৰমে ৭৫ গৰাকীকৈ মহিলাক একে সময়তে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ।
কেন্দ্ৰটোত উৎপাদিত গামোচা তথা অন্যান্য সামগ্ৰীসমূহৰ উপযুক্ত বজাৰৰ ব্যৱস্থা কৰিব অইল ইণ্ডিয়া লিমিটেডে । প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ গ্ৰামোন্নয়ন সমিতিৰ সভাপতি ভৈৰৱ ভূঁঞা, যুটীয়া সম্পাদিকা নয়না মধু দত্ত, কোষাধ্যক্ষ অৰূপ তাঁতীৰ লগতে বিশিষ্ট সমাজসেৱক মনিমাণিক গগৈকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক: অসম কৃষি বিশ্ববিদ্যালয়ৰে বড়ো কছাৰী স্বায়ত্তশাসিত কল্যাণ পৰিষদৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

