ETV Bharat / state

দাদু টায়েক অপসাৰণৰ সিদ্ধান্ত লৈ খাল খান্দি ঘঁৰিয়াল চপালে নেকি প্ৰদেশ কংগ্ৰেছে

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 7:30 PM IST

Updated : Feb 19, 2024, 8:06 PM IST

Conflict in APCC: অপসাৰিত কংগ্ৰেছ নেতা দাদু টায়েই গোচৰ দাখিল কৰিলে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ৷ অসাংবিধানিকভাৱে দলৰ পৰা অপসাৰণ কৰাৰ অভিযোগ তুলি মল্লিকাৰ্জুন খাৰ্গে, ভূপেন বৰাসহ কেবাগৰাকীও নেতাৰ বিৰুদ্ধে গোলাঘাট সত্ৰ আদালতত গোচৰ দাখিল ৷

Congress leader Dadu Taye
case against Mallikarjun Kharge

আদালতৰ দ্বাৰস্থ দাদু টায়ে

গোলাঘাট, 19 ফেব্ৰুৱাৰী: এইবাৰ অপসাৰিত কংগ্ৰেছীয়ে গোচৰ তৰিলে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ৷ গোলাঘাট কংগ্ৰেছৰ অপসাৰিত জিলা সভাপতি দাদু টায়েই গোলাঘাট জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰ তৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, কেচি বেণুগোপাল, জীতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়া, বিধায়ক ৰকিবুল হুছেইন, বিপুল গগৈৰ বিৰুদ্ধে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কংগ্ৰেছ নেতৃত্বই দাদু টায়েক দলৰ পৰা অপসাৰণ কৰা বিষয়টোক যেন সহজভাৱে ল’ব নোৱাৰিলে নেতাগৰাকীয়ে ৷ সেয়েহে দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে আইনৰ কাষ চাপিল দাদু টায়ে ৷ তেওঁ কয় যে, কোনো কাৰণতে আত্মপক্ষৰ সমৰ্থনৰ সুযোগ দিয়া নহ’ল তেওঁক ৷ দলৰ সংবিধান উলংঘা কৰি তেওঁক ষড়যন্ত্ৰৰে অপসাৰণ কৰা হৈছে বুলি কয় দাদু টায়েই ৷ সেয়ে গোলাঘাটৰ পৰা ডাকযোগে ভূপেন বৰালৈ দলৰ সংবিধানখন প্ৰেৰণ কৰা বুলিও নেতাগৰাকীয়ে জানিবলৈ দিয়ে ৷

মাত্ৰ চাৰিদিন পূৰ্বে চৰ্চালৈ আহিছিল গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে ৷ যোৱা 14 ফেব্ৰুৱাৰীত বিজেপিৰ ‘গাঁও চলো’ অভিযানৰ অংশ হিচাপে সৰুপথাৰৰ শ্যাম গাঁৱলৈ যোৱা মুখ্যন্ত্ৰীক নিশা সাক্ষাৎ কৰিছিল দাদু টায়েই ৷ সেই সময়ত মুখ্যমন্ত্ৰীৰ সৈতে আছিল সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনো ৷ দাদু টায়েই মুখ্যমন্ত্ৰীক এখন গলবস্ত্ৰৰে সম্ভাষণ জনাই কৰমৰ্দন কৰাৰ ফটো পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰে ৷ লগে লগে ৰাজনৈতিক মহলত সৰব চৰ্চা হ’বলৈ ধৰে বিষয়টোক লৈ ৷

কিন্তু 15 ফেব্ৰুৱাৰীত দাদু টায়েই সংবাদ মাধ্যমৰ সমুখত প্ৰকাশ কৰিছিল যে নিজৰ একান্ত ব্যক্তিগত এটা কামৰ বাবে এজন সাধাৰণ নাগৰিক হিচাপেহে তেওঁ লগ ধৰিছিল মুখ্যমন্ত্ৰীক ৷ তাত কোনো ৰাজনৈতিক উদ্দেশ্য নাছিল ৷ আনকি সেই কথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আগতীয়াকৈ জনোৱা বুলিও মন্তব্য কৰিছিল দাদু টায়েই ৷ তাৰ পিচতো দাদু টায়েক প্ৰথমে কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰাৰ পিচত 17 ফেব্ৰুৱাৰীত অপসাৰণ কৰা হয় পদবীৰ লগতে দলৰ পৰা ৷

এই অপসাৰণে যেন দাদু টায়েক বিদ্ৰোহী কৰি তুলিলে দলৰ প্ৰতি ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে অপসাৰিত নেতাগৰাকীয়ে ৷ তেওঁ মন্তব্য কৰে যে সংবিধান নজনাকৈয়ে সভাপতি ভূপেন বৰাই উদ্দেশ্য প্ৰণোদিত তথা ষড়যন্ত্ৰমূলকভাৱে তেওঁক সভাপতি পদৰ পৰা আঁতৰাইছে ৷ তেওঁ লগতে অভিযোগ তোলে যে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে মাত মাতিলে এনেদৰেই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয় ৷

উল্লেখ্য যে ইটোৰ পিচত সিটো বিপৰ্যয়ে কেউফালৰ পৰা বেৰি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছক ৷ প্ৰদেশ কংগ্ৰেছৰ বাহিৰে-ভিতৰে এতিয়া শত্ৰু কোন, মিত্ৰ কোন ধৰা পেলোৱাটো যেন টান হৈ পৰিছে ৷ আগদিনালৈকে কংগ্ৰেছৰ হৈ শ্ল’গান দিয়া নেতাই হয়তো পিচদিনা আন দলতগৈ যোগ দিছে অথবা কংগ্ৰেছৰ বিৰুদ্ধে মুকলিলৈ বিৰুদ্ধাচাৰণ কৰিছে ৷ উপায়হীন হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব ৷ কংগ্ৰেছৰ যে দলীয় শৃংখলাৰ অৱনতি ঘটিছে সেই কথা বাৰুকৈয়ে উপলব্ধি কৰিছে প্ৰদেশ কংগ্ৰেছৰ ‘গুড মেন’ হিচাপে নাম থকা দেৱব্ৰত শইকীয়াই ৷

লগতে পঢ়ক: প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ আখ্যান বখানিলে বিধায়ক কমলাক্ষই

Last Updated : Feb 19, 2024, 8:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.