ETV Bharat / state

ডিব্ৰুগড়ৰ মোহনবাৰী বিদ্যালয় বন্ধ কৰাক লৈ তীব্ৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 6:32 PM IST

Students and parents protest in dibrugarh against closure of a school
তীব্ৰ প্ৰতিবাদ

Dibrugrah news: ডিব্ৰুগড়ৰ মোহনবাৰী বিদ্যালয় বন্ধ কৰাক লৈ তীব্ৰ প্ৰতিবাদ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ৷ ডিব্ৰুগড়ৰ মোহনবাৰী আই টি বি পি পাব্লিক স্কুল বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ ৷

তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড়, 5 ফেব্ৰুৱাৰী : ৰাজ্য চৰকাৰে শিক্ষাৰ মান উন্নয়নৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তেনে সময়ত কিছুমান ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অবিবেচক কাণ্ডই ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনত ব্যাঘাত জন্মাইছে । ফলত সোমবাৰে ডিব্ৰুগড় মোহনবাৰী বিদ্যালয় বন্ধ কৰাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ।

ডিব্ৰুগড়ৰ মোহনবাৰী আই টি বি পি পাব্লিক স্কুল বন্ধ কৰিবলৈ সিদ্ধান্ত লোৱাত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী । ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা জীৱনৰ অনিশ্চয়তাক লৈ এইদৰে ওলাই আহিল ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক আৰু ৰাইজ । ডিব্ৰুগড়ৰ মোহনবাৰীত থকা চি বি এছ ই অধীনৰ আই টি বি পি পাব্লিক স্কুল বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আই টি বি পি কৰ্তৃপক্ষই । দ্বাদশ শ্ৰেণীলৈকে থকা বিদ্যালয়খন বন্ধ কৰিবলৈ বিগত কেইবাটাও বছৰৰ পৰা চেষ্টা কৰি আহিছে কৰ্তৃপক্ষই । এই সম্পৰ্কত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ সৈতে আলোচনা হোৱাৰ পাচতে ৰাজ্যৰ শিক্ষামন্ত্ৰীক অভিভাৱকৰ লগতে অঞ্চলটোৰ ৰাইজে বিদ্যালয়খন বন্ধ নকৰিবলৈ আহ্বান জনাই সাক্ষাৎ কৰিছিল ।

ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিদ্যালয়খন বন্ধ নকৰি ৰাজ্য চৰকাৰৰ অধীনত চলোৱাৰ ব্যৱস্থা কৰাৰ আশ্বাস দিছিল । কিন্তু আই টি বি পি কৰ্তৃপক্ষই নতুন নামভৰ্তি বন্ধ কৰি অহা বৰ্ষত বিদ্যালয়খন বন্ধ কৰা হ’ব বুলি ঘোষণা কৰাত আজি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে । ডিব্ৰুগড়ৰ পশ্চিম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বিদ্যালয়খন বন্ধ কৰাৰ ক্ষেত্ৰত আই টি বি পি কৰ্তৃপক্ষই কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব পৰৱৰ্তী সময়ত । জানিব পৰা অনুসৰি, বিদ্যালয় থকা স্থানত আই টি বি পি কৰ্তৃপক্ষই অন্য অনুষ্ঠান স্থাপন কৰিব ।

লগতে পঢ়ক : উত্তপ্ত মনোহাৰী চাহ বাগিচা, শ্ৰমিকৰ হুংকাৰ- হিটলাৰী শাসন নচলিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.