ETV Bharat / state

ৰাজ্যিক বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ - SHOW CAUSE NOTICE TO STATE BJP

Show cause notice to state BJP : মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ ৰোষত পৰিল বিজেপি ৷ নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে ৷ ৰাজ্যিক সভাপতিগৰাকীক অভিযোগ সন্দৰ্ভত উত্তৰ দিয়াৰ বাবে ৭২ ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে ৷

Etv BharatSHOW CAUSE NOTICE TO STATE BJP
ৰাজ্যিক বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ
author img

By ETV Bharat Assamese Team

Published : April 5, 2024 at 9:28 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ৫ এপ্ৰিল: নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগত শুকুৰবাৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে বিজেপিৰ ৰাজ্যিক সভাপতিলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে । ঘৰে ঘৰে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত প্ৰ-পত্ৰ বিতৰণৰ বিৰোধীয়ে অনা অভিযোগৰ ভিত্তিত মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ এই জাননী জাৰি কৰে ।

বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ
বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

উল্লেখ্য যে, চি পি আই এম দলে যোৱা ৪ এপ্ৰিলত অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ত লিখিতভাৱে বিজেপি দলে নির্বাচনী বিধি ভংগ কৰাৰ অভিযোগ দাখিল কৰিছিল । বিজেপি দলে ৰাজ্যত উপযুক্ত অৰুণোদয় হিতাধিকাৰী বৃদ্ধি কৰাৰ উদ্দেশ্যে সামাজিক-অর্থনৈতিক সমীক্ষা চলাই থকাৰ অভিযোগ চি পি আই এম দলে উত্থাপন কৰিছিল ।

বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ
বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

দলটোৱে অভিযোগ কৰা মতে, অৰুণোদয় হিতাধিকাৰী অন্তৰ্ভুক্তিকৰণৰ বাবে বিজেপি নেতাৰ ফটো আৰু প্ৰতীক সম্বলিত সমীক্ষা পত্ৰ বিতৰণ কৰিছে । যিয়ে নির্বাচনী বিধি-নির্দেশনাৱলী উলংঘা কৰিছে । চি পি আই এম দলে তথ্যসহ দাখিল কৰা লিখিত অভিযোগৰ ভিত্তিত আজি অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে বিজেপিৰ ৰাজ্যিক সভাপতিলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে । জাননী যোগে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে বিজেপিৰ ৰাজ্যিক সভাপতিক উত্থাপিত অভিযোগ সন্দৰ্ভত উত্তৰ দিয়াৰ বাবে ৭২ ঘণ্টাৰ সময়সীমা বান্ধি দিছে ।

বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ
বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

৮ এপ্ৰিলৰ পুৱা ১০ বজাৰ পূৰ্বে উত্তৰ নিদিলে বিষয়টোত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ একো ক’বলগীয়‍ নাই বুলি ধৰি লৈ কাৰ্যালয়ে য‍াৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি জাননীখনত কোৱা হৈছে । নিৰ্বাচনী বিধি উলংঘা কৰাৰ বিষয়টো সন্দৰ্ভত কিয় ব্যৱস্থা লোৱা নহ’ব তাৰ উত্তৰ বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ৮ এপ্ৰিলৰ পুৱা ১০ বজাৰ পূৰ্বে দিব লাগিব । অন্যথা নিৰ্বাচনী বিধি উলংঘা সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ কঠোৰ পদক্ষেপৰ সন্মূখীন হ'ব লাগিব ৰাজ্যিক বিজেপি । জাননীখনত চি পি আই এম দলে অনা অভিযোগৰ বিষয়ে উল্লেখ কৰা হয় ।

বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ
বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

চি পি আই এম দলে অভিযোগ কৰে যে, বিজেপি দলে নিৰ্বাচনী আদৰ্শ আচৰণ বিধি উলংঘা কৰি ৰাইজৰ মাজত প্ৰধানমন্ত্রী আৰু মুখ্যমন্ত্রীৰ ফটো সম্বলিত বিভিন্ন আবেদন পত্ৰ বিতৰণ কৰি আহিছে । তথাকথিত আৰ্থ-সামাজিক জৰীপ চলোৱাৰ নামত আঁচনি সম্প্ৰসাৰণ কৰি নতুন আবেদনকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে বিজেপি দলে । ভোটাৰক প্ৰলোভিত কৰা বুলি চি পি আই এম দলে অভিযোগ উত্থাপন কৰিছে । যিটো নিৰ্বাচনী আচৰণ বিধিৰ পৰিপন্থী ।

বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ
বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

ইফালে আজি প্ৰদেশ কংগ্ৰেছ তৰফৰ পৰাও বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ তুলি দুখনকৈ লিখিত অভিযোগ মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: ডিফু লোকসভা সমষ্টি : কোনগৰাকী প্ৰাৰ্থীৰ সম্পত্তি কিমান জানো আহক - List of candidate assets