ETV Bharat / state

লখিমপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা

State based athletics event : লখিমপুৰ জিলাত পোনপ্ৰথমবাৰৰ বাবে অহা 2 ফেব্ৰুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব 45 সংখ্যক সদৌ অসম আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা ।

state based athletics event
লখিমপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যিক ভিত্তিত এথলেটিকছ্ প্ৰতিযোগিতা
author img

By ETV Bharat Assamese Team

Published : January 30, 2024 at 5:36 PM IST

3 Min Read
Choose ETV Bharat
লখিমপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যিক ভিত্তিত এথলেটিকছ্ প্ৰতিযোগিতা

লখিমপুৰ, 30 জানুৱাৰী : লখিমপুৰ জিলাৰ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে অহা 2 ফেব্ৰুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব 45 সংখ্যক সদৌ অসম আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ বিভিন্ন কাৰ্যসূচীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকে ধৰি একাধিক মন্ত্রী বিধায়কে অংশগ্রহণ কৰিব। এই প্ৰতিযোগিতাখনৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই কথা মঙলবাৰে এক সংবাদমেলযোগে ঘোষণা অসম এথলেটিক্স সন্থাই ।

লখিমপুৰ নগৰৰ খেলমাটিস্থিত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰৰ খেলপথাৰত অনুষ্ঠিত হ’ব লগা এই প্ৰতিযোগিতাখনি অহা 3 ফেব্ৰুৱাৰীত উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অসম এথলেটিকছ সন্থাৰ উপ সভাপতি কৰুণাধৰ দত্তই কয় যে, অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্ত মল্ল বৰুৱা আৰু অসম চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোচাৰ উপস্থিতিত 2 ফেব্ৰুৱাৰীৰ পুৱা 6 বজাৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতাখন ৷ এই প্ৰতিযোগিতাত মুঠ 130 টা ইভেন্টত খেল অনুষ্ঠিত হ’ব। প্ৰায় 1500 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিবলগা এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা পাঁচশৰো অধিক ছোৱালী খেলুৱৈয়েও অংশগ্ৰহণ কৰিব । ছোৱালী খেলুৱৈসকলৰ থকা-খোৱাৰ ব্যৱস্থা অসম এথলেটিক্স সন্থাই নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ চৌহদতে কৰিছে বুলি সংবাদমেলখনত সদৰী কৰে ।

আনহাতে ল'ৰা প্ৰতিযোগীসকলৰ থকা-খোৱাৰ বাবে সোৱণশিৰি সেৱাশ্ৰম আৰু টাউন হাইস্কুলত ব্যৱস্থা কৰিছে। সংবাদমেলখনত লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি অৰূপ কুমাৰ দাসে কয় যে, ইয়াৰ পূৰ্বে যিমান কেইখন আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল সেই সকলোবোৰ প্ৰতিযোগিতা ছিনথেটিক ট্ৰেকৰ অভাৱত কেৱল গুৱাহাটীতে অনুষ্ঠিত কৰি আহিবলগীয়া হৈছিল । কিন্তু সেই অভাৱ ইতিমধ্যে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ে পূৰ কৰি দেখুওৱাত এইবাৰ প্ৰথমবাৰৰ বাবে অসম এথলেটিক্স সন্থাই লখিমপুৰ জিলাত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আহিছে । ইয়াৰ বাবে লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ হৈ উপ সভাপতি দাসে নৰ্থ লখিমপুৰ মহাবিদ্যালয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়ক মানৱ ডেকাক ধন্যবাদ জ্ঞাপন কৰে।

সংবাদমেলত অসম এথলেটিক্স সন্থাৰ কাৰিকৰী সমিতিৰ আহ্বায়ক কল‍্যাণ বৰ্মনে কয় যে, এইবাৰ প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত কম্পিউটাৰৰ সহায়ত ফটোগ্ৰাফীৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিযোগিতাত প্ৰতিটো ইভেন্টত যোগদান কৰিব লগা নিম্ন শাখাৰ ল'ৰা-ছোৱালীৰ বয়স 14 বছৰৰ পৰা 20 বছৰৰ ভিতৰত আৰু উচ্চ শাখাৰ ল'ৰা-ছোৱালীৰ বয়স 20 বছৰৰ উৰ্ধৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব ৷

অসম এথলেটিক্স সন্থাৰ প্ৰশিক্ষক সমিতিৰ অধ্যক্ষ গোবিন্দ মালাকাৰে জানিবলৈ দিয়া মতে, এইবাৰ লখিমপুৰত অনুষ্ঠিত হ’ব লগা 45 সংখ্যক আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাত অসমৰ 33 খন জিলাৰ 44 টা গোটে অংশগ্ৰহণ কৰিব, য'ত এন এফ ৰে'লৱে আৰু অসম আৰক্ষী গোটেও অংশগ্ৰহণ কৰিব।

এই প্ৰতিযোগিতাখনি সাফল‍্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত লখিমপুৰবাসীৰ সহায়-সহযোগ অসম এথলেটিকছ সন্থাই কামনা কৰিছে ।

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR শ্বীটৰ ব্যৱস্থা