ETV Bharat / state

বিহুক লতাশিলতেই প্ৰথম মঞ্চলৈ অনা হৈছিল : সমাজকৰ্মী কৈলাশ শৰ্মাই আগবঢ়ালে যুক্তি - Latasil Bihu 2024

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 10:18 PM IST

Stage Bihu controversy: গছতলৰ বিহু মঞ্চলৈ কেতিয়া ক'ত কোনে আনিছিল সেই লৈ বিভিন্ন সময়ত ভিন্ন বিতৰ্কৰ সূচনা হৈ আহিছে । লতাশিল বিহু নে আন ঠাইত প্ৰথম মঞ্চবিহু অনুষ্ঠিত হৈছিল ?

Stage Bihu controversy
বিহুক লতাশিলতেই প্ৰথম মঞ্চলৈ অনা হৈছিল
গছৰতলৰ বিহু মঞ্চলৈ কেতিয়া আহিল

গুৱাহাটী, ১৩ এপ্ৰিল: সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই গাইছিল “ব'হাগ মাথো এটি ঋতু নহয়, নহয় ব'হাগ অতি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই সাহ ....” এই বহাগৰ লগতে জড়িত হৈ আছে অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয় ব'হাগ বিহুটি । কেতিয়াৰ পৰা এই বিহু আৰম্ভ হৈছিল সঠিককৈ জনা নাযায় ৷ কিন্তু এয়া কৃষিকাৰ্যৰ লগত জড়িত হিচাপে অনুমান পাৰি যে যেতিয়াৰে পৰা অসমীয়া ৰাইজে খেতি কৰিবলৈ শিকিছিল তেতিয়াৰে পৰাই এই বিহুৰো আৰম্ভ হৈছিল । অসমত গছতলৰ বিহু মঞ্চলৈ কেতিয়া আহিল সেই লৈ বিতৰ্ক চলি আছে । কোনোবাই যোৰহাটত, কোনোবাই আকৌ তেজপুৰত প্ৰথম মঞ্চবিহুৰ আৰম্ভণি হোৱা‌ বুলি দাবী কৰি আহিছে যদিও গুৱাহাটীৰ লতাশিলত অনুষ্ঠিত বিহুখনেই প্ৰথম মঞ্চবিহু‌ হিচাপে স্বীকৃতি লাভ কৰি আহিছে ।

অৱশ্য়ে এই লৈ বিভিন্ন সময়ত বিভিন্ন বিতৰ্কৰ সূচনা হৈ আহিছে । এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি লতাশিল বিহুৰ লগত জড়িত সমাজকৰ্মী কৈলাশ শৰ্মাই লতাশিলত অনুষ্ঠিত বিহুখনেই অসমৰ প্ৰথম মঞ্চবিহু‌ বুলি দাবী কৰি বিভিন্ন যুক্তি প্ৰদৰ্শন কৰে । তেওঁ কয় যে স্বাধীনতাৰ পিচত অবিভক্ত অসমৰ অসমীয়া জাতিক বিশ্বৰ দৰবাৰত পৰিচয় কৰাৰ‌ মানসিকতাৰে অসমৰ‌ সংস্কৃতিপ্ৰেমী ডাঃ ভূৱনেশ্বৰ বৰুৱা, প্ৰবীণ ফুকন, বিৰিঞ্চি কুমাৰ বৰুৱা, অতুল চন্দ্ৰ হাজৰিকা, ৰাধা গোবিন্দ বৰুৱা, লক্ষ্যধৰ চৌধুৰী, সূৰ্য কুমাৰ ভূঞা, যুগল দাস আদিৰ আশাসুধীয়া প্ৰচেষ্টাত বিহুক মঞ্চবিহুলৈ অনা হৈছিল ।‌

এইসকলৰ প্ৰচেষ্টাতে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰতে মঞ্চবিহুৰ সূচনা হৈছিল । ১৯৫২ত লতাশিল খেলপথাৰতে মঞ্চবিহু অনুষ্ঠিত হৈছিল । তেওঁ কয় যে এই মঞ্চবিহুখন অনুষ্ঠিত কৰাৰ বাবে ১৯৫২ত উজানবজাৰত ডাঃ ভূৱনেশ্বৰ বৰুৱাৰ সভাপতিত্বত উজানবজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত সভা অনুষ্ঠিত হৈছিল । উল্লেখ্য যে অসমৰ মঞ্চমুখী বিহুৰ বাটকটীয়া গুৱাহাটী বিহু সন্মিলনীৰ প্ৰথমগৰাকী সভাপতি ডাঃ ভূৱনেশ্বৰ বৰুৱা আৰু সম্পাদক প্ৰবীণ ফুকন আছিল । বিহু সন্মিলনীৰ পতাকা উত্তোলনৰ গীতটো লিখিছিল পুৰুষোত্তম দাসে । প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা নিপ বৰুৱাই অংকন কৰিছিল পতাকাৰ সৈতে সংলগ্ন হৈ পৰা দীপ্তিময় প্ৰতীকটো । তাহানিতে পুৰুষোত্তম দাসৰ কণ্ঠৰে নিগৰি ওলোৱা "শ্ৰীময়ী অসমী" গীতটো হৈ পৰিছে অসমৰ প্ৰত্যেকটো বিহু সন্মিলনীৰ হিয়াৰ আমঠু ।

লগতে পঢ়ক:উলহ-মালহেৰে ৰাজ্যত গৰু বিহু পালন - Goru Bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.