ETV Bharat / state

উলহ-মালহেৰে ৰাজ্যত গৰু বিহু পালন - Goru Bihu 2024

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 2:47 PM IST

Updated : Apr 13, 2024, 5:14 PM IST

goru-bihu-celebrated-across-assam
উলহ-মালহেৰে ৰাজ্যত গৰু বিহু পালন

Goru Bihu 2024 : ৰঙালীৰ ৰঙত মতলীয়া অসমবাসী ৷ অসমীয়া বছৰৰ চ’ত মাহৰ শেষৰ দিনটোত ৰাজ্যত পালন কৰা হয় গৰু বিহু ৷ আজিও ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰম্পৰাগতভাবে পালন কৰা হয় গৰু বিহু ৷

উলহ-মালহেৰে ৰাজ্যত গৰু বিহু পালন

ডিব্ৰুগড়/যোৰহাটত গৰু বিহু পালন

নিউজ ডেস্ক, 13 এপ্ৰিল: আজি গৰু বিহু ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিলক্ষিত হৈছে ৰঙালীৰ উছাহ ৷ যোৰহাটৰ মুকুন্দ মূৰাৰী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ঢেকৰগঢ়াবাসী ৰাইজৰ সহযোগত ঢেকৰগঢ়া ঐতিহাসিক ম'হ যুঁজ পথাৰত সমূহীয়াকৈ গৰুক গা ধুওৱা হয় ।

লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা । মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু ৷ এইদৰে চহা কৃষকে গৰুলৈ লাও, বেঙেনা মাৰি নিজৰ গৰুকেইটাৰ শ্ৰীবৃদ্ধি কামনা কৰে ।

আনহাতে, আজি গৰু বিহু উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো পৰিলক্ষিত হয় উখল-মাখল পৰিৱেশৰ ৷ মৰাণৰ আমগুৰি গাঁৱত গৰুক গা-ধুৱাবলৈ পুৱাই ওলাই আহিল গাঁওবাসী ৷ অসমীয়াৰ বাপতি-সাহোন বিহুৰ পৰম্পৰা ৰক্ষা কৰি গাঁৱৰ ল'ৰা-ডেকা-বুঢ়া, জীয়াৰী-বোৱাৰী সকলো ওলাই অহা দেখিবলৈ পোৱা যায় ৷

লাও-বেঙেনা-কেৰেলাৰে গৰুৰ গা ধুৱাই বিহুৰ আনন্দ-উচাহত মতলীয়া হৈ পৰিছে সকলো ৷ আজি ডিব্ৰুগড়ৰ জকাই বৰবিল গাঁৱৰ ৰাইজে পৰম্পৰাগত ৰক্ষা কৰি এইদৰে গৰুক গা ধুৱাই গৰু বিহু উদযাপন কৰিলে । আজি ডিব্ৰুগড়ৰ জকাই বৰবিল, লেজাই কলাখাৰ, খোৱাং, হালধিবাৰী গাঁৱৰ ৰাইজে পৰম্পৰাগত ৰক্ষা কৰি এইদৰে গৰুক গা-ধুৱাই গৰু বিহু উদযাপন কৰিলে ।

উলহ-মালহেৰে ৰাজ্যত গৰু বিহু পালন

লখিমপুৰ / বিশ্বনাথত গৰু বিহু

লগতে, বিশ্বনাথৰ বিহালী ৰাংছালীৰ জুৰিয়া ঘাটত ৰাংছালী গাঁৱৰ ৰাইজে নিজৰ নিজৰ গৰুসমূহ পুৱাতেই ওচৰৰ নৈ-বিল-পুখুৰীত গৰুক গা ধুৱায় গৰু বিহু পালন কৰে । গা ধুৱাই লাওঁ, বেঙেনা, হালধি গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া কৃষিজীৱী লোকে গায় – ‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ।'

গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই গৰুৰ দীৰ্ঘায়ু আৰু ন শক্তি কামনা কৰে ।

লখিমপুৰত লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনে নগৰৰ পৰা নাতিদূৰৈৰ কাকৈ নৈৰ পাৰত সমূহীয়াকৈ উদযাপন কৰে গৰু বিহু । অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজৰ সহযোগত লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনে কাকৈ নৈত গৰু বিহু উদযাপন কৰে । কাকৈ নৈত সমূহীয়াকৈ গৰুক নুওৱা-ধুওৱা হয় । এই উপলক্ষে অঞ্চলটোৰ শিশুৰ পৰা আৱাল-বৃদ্ধ-বনিতা সকলোৱে কাকৈ নৈৰ পাৰত বিহু মাৰি আনন্দত উটি-ভাহি যায় ।

পৰম্পৰাগত সাঁজ, আমৰলি টোপ আদি খাদ্য সম্ভাৰৰো ব্যৱস্থা কৰা হয় কাকৈ নৈৰ পাৰত । উল্লেখ্য যে, লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনে প্ৰতি বছৰে ৰাইজৰ সহযোগত গৰু বিহু পালন কৰি আহিছে । বিগত বৰ্ষত ৰঙানদীৰ পাৰত সন্মিলনে গৰু বিহু উদযাপন কৰিছিল । এইবাৰ কাকৈ নৈৰ পাৰত এই গৰু বিহু পালন কৰে । সন্মিলনৰ এনে উদ্যোগক কাকৈ নৈপৰীয়া অঞ্চলৰ ৰাইজে শলাগ লৈছে ।

উলহ-মালহেৰে ৰাজ্যত গৰু বিহু পালন

জোনাই/টীয়ক/মৰিগাঁৱত গৰু বিহু

সাতামপুৰুষীয়া ৰীতি-নীতিৰে জোনাইৰ বলোকাগুৰি আৰু চিমেনত ৰাইজে পালন কৰিলে গৰু বিহু । স্থানীয় কৃষক ৰাইজে পুৱাই গোহালিৰ পৰা নিজা নিজা গৰুসমূহ ওলাই লৈ আনে লালী নদীৰ পাৰলৈ ৷ লালী নদীৰ পাৰত প্ৰথমে পশুধনৰ মংগল তথা সু-স্বাস্থ্য আৰু শ্ৰীবৃদ্ধিৰ কামনা কৰি ভগৱানৰ ওচৰত পৰম্পৰাগত ৰীতি-নীতিৰে পূজা কৰাৰ পিচতে গৰুবোৰক গা ধুৱাই লাও-বেঙেনা, হালধি গৰুৰ গালৈ মাৰি প্ৰতিজন কৃষিজীৱী কৃষক ৰাইজে গায় – "লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ৷"

ইফালে গীত-মাতেৰে ৰজনজনালে চিমেন নদীৰ পাৰ । পৰম্পৰাগতভাবে চিলাপথাৰ ডিমৌ ডেম গাঁৱত তিনিখন গাঁৱৰ ৰাইজে গৰুক নোৱায়-ধুৱাই বেঙেনা, কেৰেলা, থেকেৰাৰ চাট হাতত হৈ গৰুৰ গাত মাৰি উদযাপন কৰা দেখা গ’ল ৷ সমান্তৰালকৈ পৰম্পৰা মানি কণীযুঁজ খেলাও দেখা গ'ল ৷

টীয়কৰ এজাৰগুৰিত গৰু বিহুৰ দিনা মাহ-হালধিৰে গৰুক নোৱাই সমূহীয়াকৈ জাঁজী নদীত গা ধুৱাই এজাৰগুৰিবাসীয়ে । সেয়ে সকলো ৰাইজে নিজা নিজা চোতালত নীতি নিয়ম অৱলম্বন কৰি সমূহীয়াকৈ গোধন নদী পাৰলৈ আনি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা আদি ধ্বনিৰে জাঁজী নদীত গৰুক গা ধুৱাই বিহু মাৰি আনন্দ কৰা পৰিলক্ষিত হৈছে ।

ইপিনে, আজিৰ পৰা আৰম্ভ কৰি এজাৰগুৰি অঞ্চলৰ যুৱ সমাজে এসপ্তাহ পৰ্যন্ত বিহু উদযাপন কৰিব আৰু এই পৰিৱেশে সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক কটকটীয়া কৰিব বুলি আশা প্ৰকাশ কৰিছে গাঁওবাসীয়ে ।

গৰু বিহুৰ সৈতে সংগতি ৰাখি মৰিগাঁও জিলাত পৰম্পৰাগতভাবে পালন কৰা হয় গৰু বিহু ৷ মাহ-হালধি, থেকেৰা আদিৰে গৰুৰ গা ধুৱাই বছৰটোৰ বাবে সুস্বাস্থ্য কামনা কৰা চহা কৃষকে । দীঘলতী, মাখিয়তীৰ ছাট গৰুৰ গালৈ দলিয়াই নতুন তিনিগুণীয়া পঘা আৰি দিয়া হয় গৰুৰ ডিঙিত ৷ গো-ধনসমূহৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে স্থানীয় লোকে ।

তিনিচুকীয়া জিলাৰ মাকুম জ্যোতি নগৰ ব'হাগী মেলা উদযাপন সমিতি আৰু বৃহত্তৰ মাকুম অঞ্চলৰ ৰাইজৰ সহযোগত গৰু বিহু উদযাপন কৰা হয় ৷ প্ৰতিবছৰৰ দৰে এই বছৰো সম্পূৰ্ণ পৰম্পৰাগতভাবে মাকুমত উদযাপন কৰা হয় গৰু বিহু ৷ পুৱাই ৰাইজে নদীৰ কাষত একত্ৰিত হৈ গৰুবোৰক মাহ-হালধিৰে গা ধুৱাই লাও, বেঙেনা, হালধি, থেকেৰা খুৱাই দীৰ্ঘায়ু কামনা কৰে ।

গৰুক গা ধুওৱাৰ পাচত স্থানীয় লোকসকলে নাচিবাগি আনন্দ উল্লাস কৰাৰ লগতে কণী যুঁজ প্ৰতিযোগিতাৰো আয়োজন কৰে ৷

চ’তৰ সংক্ৰান্তিৰ দিনা ধেমাজিতো গৰু বিহু হিচাপে পালন কৰা হৈছে ৷ ধেমাজিৰ গোঁহাই গাওঁ খজুৱাবাসীয়ে গৰু বিহু পালন কৰে ৷ গাওঁখনৰ সমীপৰ লেচিয়া নৈত গৰুক গা ধুৱায় ৷

লগতে পঢ়ক:আজি গৰু বিহু; বিশ্বাস আৰু পৰম্পৰাৰ বোঁৱতি নৈ - RONGALI BIHU 2024

Last Updated :Apr 13, 2024, 5:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.