ETV Bharat / state

অতি লেহেম গতিত চলিছে উজনি অসমৰ ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 10:39 PM IST

4 lane in Upper Assam
শামুকীয়া গতিতেই চলি আছে ফ'ৰলেনৰ কাম

4 lane in Upper Assam : বিগত এটা দশক ধৰি শামুকীয়া গতিতেই চলি আছে নুমলীগড়ৰ পৰা ডিব্ৰুগড়লৈ নিৰ্মাণ কৰি থকা ফ'ৰলেন পথছোৱাৰ কাম । নুমলীগড়ৰ পৰা ডিব্ৰুগড়লৈকে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো ফ’ৰলেনলৈ উন্নীত কৰাৰ বাবে ২০১৩ চনৰ ২০ ছেপ্টেম্বৰতে অর্থনৈতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল। অনুমোদন লাভ কৰাৰ দহ বছৰৰ পাছতো আজিলৈকে সম্পূৰ্ণ হোৱা নাই পথটোৰ কাম।

গুৱাহাটী, 27 জানুৱাৰী : কেতিয়া সম্পূৰ্ণ হ'ব উজনি অসমৰ জীৱন ৰেখা সদৃশ 37 নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা ফ’ৰলেনলৈ উন্নীতকৰণৰ কাম ৷ বৰ্তমান সময়ত চৰ্চিত হৈছে এই প্ৰশ্ন ৷ কাৰণ দীৰ্ঘদিন ধৰি অতি লেহেম গতিত চলি থকা ফ'ৰলেনৰ কামে জ্বলা-কলা খুৱাই আহিছে জনতাক ৷ উল্লেখ্য যে বিগত এটা দশক ধৰি নুমলীগড়ৰ পৰা ডিব্ৰুগড়লৈ নিৰ্মাণ কৰি থকা ফ'ৰলেন পথছোৱাৰ কাম শামুকীয়া গতিতেই চলি আছে ৷ ইয়াৰ মাজতে কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ আৰু পৰিবহন বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে চলিত বৰ্ষৰ জুন মাহৰ ভিতৰত পথছোৱাৰ কাম সমাপ্ত হ’ব বুলি ঘোষণা কৰিছে যদিও কোনো আশ্বস্ত হ'ব পৰ‍া নাই ৷ কাৰণ এই সময়ছোৱাৰ ভিতৰত পথছোৱাৰ কাম সমাপ্ত হোৱাৰ সম্ভাৱনা নাই ৷

খোদ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি নুমলীগড়ৰ পৰা যোৰহাটৰ মাজৰ পথছোৱাৰ কাম এতিয়ালৈকে সম্পূৰ্ণ হৈছে 96 শতাংশ ৷ অথচ এই পথছোৱাৰ কাম 2018 চনৰ 21 মে’তে সম্পূৰ্ণ হোৱাৰ কথা আছিল ৷ আনহাতে বিভিন্ন সমস্যাৰ বাবে বহু পলমকৈ কাম আৰম্ভ হোৱা দেৰগাঁও অঞ্চলৰ পথছোৱাৰ কাম 95 শতাংশ সম্পূর্ণ হৈছে ৷ যোৰহাট-জাঁজীৰ মাজৰ পথছোৱাৰ কাম মাত্ৰ 35.86 শতাংশ সম্পূর্ণ হৈছে ৷ অথচ এই পথছোৱাৰ কাম 2021 চনৰ ডিচেম্বৰৰ ভিতৰত সমাপ্ত কৰাৰ সময় বান্ধি দিয়া হৈছিল ৷ সেইদৰে 2022 চনৰ ছেপ্টেম্বৰৰ ভিতৰত কাম সম্পূৰ্ণ হ'বলগীয়া জাঁজী-ডিমৌৰ মাজৰ অংশৰ কাম আগবাঢ়িছে মাত্র 30.45 শতাংশ ৷ ডিমৌ আৰু মৰাণ বাইপাছৰ মাজৰ পথছোৱাৰ কামো আগবাঢ়িছে মাত্র 11.12 শতাংশহে ৷ অথচ এইছোৱা পথৰ কাম বিগত বৰ্ষৰ জানুৱাৰী মাহতে সম্পূৰ্ণ হোৱাৰ কথা আছিল ৷

মৰাণ বাইপাছ আৰু ডিব্ৰুগড়ৰ লেপেটকটাৰ মাজৰ অংশৰ কাম 2021 চনতে সমাপ্ত হ’ব লাগিছিল যদিও এতিয়াও এই অংশৰ প্ৰায় 25 শতাংশ কাম সম্পূর্ণ হ’বলৈ বাকী আছে ৷ ইফালে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন কৰ্পৰেশ্যন লিমিটেডে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত যোৰহাট-জাঁজী আৰু মৰাণ বাইপাছ-বগীবিলৰ মাজৰ পথছোৱা নিৰ্মাণৰ দায়িত্বত থকা দুয়োটা প্ৰতিষ্ঠানকে কামৰ পৰা অব্যাহতি দিছিল ৷ ইয়াৰ পাছত নতুন নিবিদা আহ্বান কৰা হৈছে যদিও এতিয়ালৈকে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই ৷ এনে পৰিস্থিতিত এই দুয়োটা অংশৰ নিৰ্মাণৰ কাম যে আৰু অধিক পিছুৱাই যাব সেয়া নিশ্চিত ৷

লক্ষণীয় বিষয় যে নুমলীগড়ৰ পৰা ডিব্ৰুগড়লৈকে 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো ফ’ৰলেনলৈ উন্নীত কৰাৰ বাবে 2013 চনৰ 20 ছেপ্টেম্বৰতে অর্থনৈতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল ৷ কিন্তু আশ্চর্যজনক কথা যে অনুমোদন লাভ কৰাৰ দহ বছৰৰ পাছতো পথটোৰ কাম আজিলৈকে সম্পূৰ্ণ হোৱা নাই ৷ ইফালে ফ’ৰলেন নিৰ্মাণৰ নামত নির্মাণকাৰী প্ৰতিষ্ঠানসমূহে পূৰ্বৰ পথছোৱা মেৰামতি নকৰাৰ ফলত পথসমূহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ যাৰ ফলত নিতৌ বিভিন্ন স্থানত দুর্ঘটনা সংঘটিত হ’বলৈ ধৰিছে ৷

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত এখন পর্যালোচনা সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই পথছোৱাৰ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীজনক অনুৰোধ জনাইছিল যদিও ইয়াৰ পাছতো পথ নিৰ্মাণৰ কাম দ্ৰুত হোৱা নাই ৷ আনকি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়েও ফ’ৰলেন পথ নিৰ্মাণৰ লেহেমীয়া বিষয়টো সদ্য সমাপ্ত সংসদৰ অধিৱেশনতো উত্থাপন কৰিছিল ৷ কিন্তু ইয়াৰ পাছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ যাৰ ফলত যাত্ৰীয়ে অভাৱনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷

লগতে পঢ়ক : অসম এৰিলে আনন্দ মিশ্ৰই, ন্যায় পালেনে কীৰ্তিকমল বৰাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.