ETV Bharat / state

অসম এৰিলে আনন্দ মিশ্ৰই, ন্যায় পালেনে কীৰ্তিকমল বৰাই ?

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 8:09 PM IST

Nagaon encounter Kirtikamal Bora : আনন্দ মিশ্ৰৰ বিৰুদ্ধে ক্ষোভ নগাঁৱৰ এটা পৰিয়ালৰ । কিন্তু কিয় ক্ষোভ থাকি গ’ল আনন্দ মিশ্ৰৰ বিৰুদ্ধে ? ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

nagaon encounter victim kirtikamal boras family react on ips anand mishras role
কীৰ্তিকমল বৰাৰ শেহতীয়া খবৰ
কীৰ্তিকমল আৰু পৰিয়ালৰ মত

নগাঁও, 27 জানুৱাৰী : এগৰাকী সুদক্ষ বিষয়া হিচাপে সমগ্ৰ ৰাজ্যতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা সদ্য অব্যাহতি লোৱা আই পি এছ বিষয়া আনন্দ মিশ্ৰই শনিবাৰে এৰিলে অসম । শনিবাৰে অসম এৰি স্বভূমি বিহাৰলৈ ৰাওনা হ’ল আনন্দ মিশ্ৰ । আনন্দ মিশ্ৰৰ বদলিক লৈ সৰ্বত্ৰে চর্চা হৈছে ৷

এগৰাকী সুদক্ষ বিষয়া হিচাপে ৰাজ্যজুৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল আই পি এছ আনন্দ মিশ্ৰই । আনন্দ মিশ্ৰৰ চাকৰি ত্যাগৰ পিচতেই বিষয়াগৰাকীক চৌদিশে প্ৰশংসা কৰিছে বিভিন্নজনে । কিন্তু আনন্দ মিশ্ৰই অসম এৰি যোৱাৰ পিচতো বিষয়াগৰাকীৰ বিৰুদ্ধে ক্ষোভ থাকি গ’ল নগাঁৱৰ এটা পৰিয়ালৰ ।

পৰিয়ালটো নগাঁৱৰ কচলখুৱাৰ কীৰ্তিকমল বৰাৰ পৰিয়াল । ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কীৰ্তিকমল বৰা সেই সময়ত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ ঘূণীয়া হৈ পৰিছিল, যি সময়ত নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল আনন্দ মিশ্ৰ । নগাঁৱত যোগদান কৰাৰ পিচৰ পৰাই নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ সক্ৰিয় হৈ পৰিছিল আনন্দ মিশ্ৰ । লাভ কৰিছিল যথেষ্ট সফলতাও । কিন্তু ড্ৰাগছ বিৰোধী অভিযানৰ নামত আনন্দ মিশ্ৰৰ আৰক্ষীয়ে কীৰ্তিকমল বৰাক ড্ৰাগছৰ সৈতে জড়িত থকাৰ সন্দেহত গুলীয়াই আহত কৰিছিল ।

অভিযুক্ত আৰক্ষীক সুৰক্ষা দিয়াৰ স্বাৰ্থতেই তদানীন্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰয়ো লগে লগে কীৰ্তিকমল বৰাৰ গাত ড্ৰাগছৰ দাগ লগোৱাৰ চেষ্টা কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত অসম চৰকাৰে ঘোষণা কৰা তদন্ত আৰু চি আই ডিৰ তদন্তই ড্ৰাগছৰ দাগ আঁতৰাইছিল কীৰ্তিকমল বৰাৰ গাৰ পৰা । আনন্দ মিশ্ৰৰ অভিযোগ মিছা আছিল বুলি তদন্ত কমিটীয়ে প্ৰমাণ কৰাৰ পিচতো আজি পৰ্যন্ত আনন্দ মিশ্ৰই নিজ মুখেৰে কীৰ্তিকমল বৰা দোষমুক্ত বুলি উল্লেখ নকৰাক লৈ ক্ষোভ কীৰ্তিকমল বৰাৰ পৰিয়ালৰ ।

উক্ত গোচৰ আজিও বিচৰাধীন আদালতৰ মজিয়াত । ইয়াৰ মাজতেই আনন্দ মিশ্ৰই অসম এৰিলে যদিও আনন্দ মিশ্ৰৰ বিৰুদ্ধে আজিও ক্ষোভ থাকি গ’ল কীৰ্তিকমল বৰাৰ লগতে পৰিয়ালৰ ।

লগতে পঢ়ক : আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক উপযুক্ত শাস্তি দিলেহে সুখী হম: কীৰ্তিকমল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.