মুখ্যমন্ত্ৰীক আদৰিবলৈ সাজু সৰুপথাৰ শ্যাম গাঁৱৰ ৰাইজ
CM to visit Shyam village: মুখ্যমন্ত্ৰীক আপ্যায়ন কৰিবলৈ শ্যামসকলে প্ৰস্তুত কৰিছে পৰম্পৰাগত খাদ্য । কেনেদৰে কৰিব মুখ্যমন্ত্ৰীক আপ্যায়ন? কি খুৱাব মুখ্যমন্ত্ৰীগৰাকীক ? চাংঘৰত বাৰু মুখ্যমন্ত্ৰীয়ে পূৰ্বে নিশা কটাইছে নে ? উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে শ্যাম গাঁৱত ।

Published : February 10, 2024 at 12:11 PM IST
|Updated : February 10, 2024 at 12:31 PM IST
সৰুপথাৰ,১০ ফেব্ৰুৱাৰী: 'গাঁও চলো'' অভিযানৰ অংশ হিচাপে ১২ ফেব্ৰুৱাৰীত সৰুপথাৰৰ ১ নং ৰজাপুখুৰী শ্যাম গাঁৱলৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । তাকে লৈ উদুলি-মুদুলি পৰিৱেশ গাঁৱখনত । গাঁওবাসীৰ লগতে স্থানীয় বিধায়ক কিম্বা প্ৰশাসন ব্যস্ত। মুখ্যমন্ত্ৰীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে । কেনেদৰে কৰিব মুখ্যমন্ত্ৰীক আপ্যায়ন? কি খুৱাব মুখ্যমন্ত্ৰীগৰাকীক ? তাকে লৈ সৰুপথাৰৰ শ্যাম গাঁৱৰ জীয়ৰী-মহিলাসকল ব্যস্ত পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰাত ।
পুৱাৰে পৰা তৈয়াৰ কৰিছে বিভিন্ন ধৰণৰ খাদ্য । মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকৰ পৰম্পৰাগত খাদ্যৰে আপ্যায়ন কৰিবলৈ উৎকণ্ঠাৰে বাট চাইছে গাওঁবাসী । টোপোলা ভাত, চুঙাত দিয়া ভাত (খাওলাম), বইল মাছ, খৰিচা দি মাছৰ ব্যঞ্জন, কচু থুৰি, পিঠা সম্ভাৰত, টেংকে পিঠা, হেচা পিঠা, আখৈ (খাওটেক) ইত্যাদিৰে মুখ্যমন্ত্ৰীগৰাকীক আপ্যায়ন কৰিব বুলি গাঁৱখনৰ ৰাইজে জানিবলৈ দিয়ে ।
১২ ফেব্ৰুৱাৰীত সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ১নং ৰজাপুখুৰী শ্যাম গাঁৱলৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ প্ৰায় ২৭ হাজাৰ গাঁৱৰ মাজৰ পৰা সৰুপথাৰ সমষ্টিৰ ৰজাপুখুৰী শ্যাম গাঁৱত এনিশা থাকিবলৈ বাচনি কৰিছে । ১০০% জনজাতি লোকে বাস কৰা ঐতিহ্যপূৰ্ণ ৰজাপুখুৰী শ্যাম গাঁৱৰ ৰাইজৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নৈশ যাপন কৰিব ।
টাইমূলীয় জনজাতিৰ অন্যতম শ্যামসকল । তেওঁলোক আছে এক সুকীয়া বৈশিষ্ট । বিশেষকৈ বৌদ্ধ ধৰ্মাৱলম্বী এই লোকসকলে চাংঘৰত বসবাস কৰি আহিছে । মুখ্যমন্ত্ৰী আহি চাংঘৰত এটা নিশা কটাব গাঁওখনত । ৰাইজে ন-ৰূপত গাঁওখন সজাই তুলিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে । উৎকণ্ঠাৰে বাট চাইছে ৰাইজে । মুখ্যমন্ত্ৰীৰ লগত ৰাইজে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব বুলি জানিব পাৰি উৎফুল্লিত গাঁৱখনৰ ৰাইজ ।
লগতে পঢ়ক: আদৰৰ আলি-আয়ে-লৃগাঙক আদৰিবলৈ সাজু আমগুৰিৰ মিচিং ৰাইজ

