ETV Bharat / state

আদৰৰ আলি-আয়ে-লৃগাঙক আদৰিবলৈ সাজু আমগুৰিৰ মিচিং ৰাইজ

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 11:09 AM IST

Ali Aye Ligang preparation among mising people : বুধবাৰে ৰাজ্যৰ মিচিং লোকসকলে পালন কৰিব আলি-আয়ে-লৃগাং উৎসৱ ৷ শিৱসাগৰ জিলাৰ লাহদৈগড় কপাহতলি মিচিং গাঁৱত আলি-আয়ে-লৃগাং উৎসৱক লৈ মিচিং ডেকা-গাভৰুৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । গুমৰাগ নৃত্য আৰু ঐনিতমৰ সুমধুৰ ছন্দত মিচিং ডেকা-গাভৰুৱে হেঁপাহ পলুৱাই নচা দেখিবলৈ পোৱা গৈছে ।

preparation for Ali Aye Ligang 2024 in sivasagar amguri
আলি-আয়ে-লৃগাং উৎসৱক লৈ উছাহ-উদ্দীপনা
আলি-আয়ে-লৃগাং উৎসৱক লৈ উছাহ-উদ্দীপনা

আমগুৰি, 10 ফেব্ৰুৱাৰী: বুধবাৰে ৰাজ্যৰ মিচিং লোকসকলে পালন কৰিব আলি-আয়ে-লৃগাং উৎসৱ ৷ অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ অন্যতম পৰম্পৰাগত উৎসৱটি হ’ল আলি-আয়ে-লৃগাং । ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰা এই আলি-আয়ে-লৃগাঙলৈ মাজত মাথো কেইটামান দিন বাকী ।

শিৱসাগৰ জিলাৰ লাহদৈগড় কপাহতলি মিচিং গাঁৱত আলি-আয়ে-লৃগাং উৎসৱক লৈ মিচিং ডেকা-গাভৰুৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । গুমৰাগ নৃত্য আৰু ঐনিতমৰ সুমধুৰ ছন্দত মিচিং ডেকা-গাভৰুৱে হেপাঁহ পলুৱাই নাচিছে । বসন্তৰ আগমনৰ লগে লগে ফাগুন মাহত মিচিং জনগোষ্ঠীয়ে পালন কৰা উৎসৱত আনন্দৰ জোৱাৰ উঠিছে ।

উল্লেখ্য যে, কৃষিজীৱি মিচিং লোকসকলে বসুন্ধৰাৰ বুকু কৰ্ষণ কৰি খাদ্য-শস্য উৎপাদন কৰে আৰু ইয়াৰ পৰাই সৃষ্টি হৈছিল কৃষিভিত্তিক বসন্ত উৎসৱ ‘আলি-আয়ে-লৃগাং’ । ফাগুন মাহ হ’ল বসন্তৰ আৰম্ভণি । এইটোৱেই হ’ল কৃষিজীৱী মিচিংসকলৰ খেতি কৰাৰ বতৰ । এই সময়তে লৃগাং বিহু উদযাপন কৰা হয় ।

আলি-আয়ে-লৃগাঙৰ অৰ্থ হ’ল শস্য ৰোপণৰ আৰম্ভণি । ‘আলি’ -মানে মূল বা কাণ্ড, ‘আঃয়ে’ৰ অৰ্থ হ’ল ফল বা গুটি আৰু ‘লৃগাং’ৰ অৰ্থ হ’ল সিঁচিবলৈ আৰম্ভ কৰা বা সিঁচাৰ প্ৰথম দিন । মিচিং সকলৰ প্ৰধান খেতি হৈছে ধান, মাহ, সৰিয়হ, আলু, কচু ইত্যাদি । ফল-মূল বা কঠীয়া প্ৰজনন শক্তিৰ মাটিত ৰুই বা সিঁচি উৎপাদন বৃদ্ধিৰ কামনা কৰা হয় ।

বুধবাৰৰ দিনটো মিচিংসকলে মাংগলিক দিন হিচাপে বিশ্বাস কৰি আহিছে । সেই কাৰণে ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি-আয়ে-লৃগাং পতা হয় । অৱশ্যে পূৰ্বে সকলো মিচিং সমাজত একেদিনাই আলি-আয়ে-লৃগাং পতা নাছিল । মিচিং বানে কেবাঙৰ সিদ্ধান্ত ক্ৰমে 1956 চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ উদযাপন কৰি আহিছে । আলি-আয়ে-লৃগাঙৰ দিনা প্ৰথমে পথাৰত অথবা বাৰীৰ এচুকত মাংগলিক প্ৰথাৰে মাটিত গুটি সিঁচা আৰম্ভ কৰে ।

প্ৰত্যেক ঘৰৰ মুখিয়ালজনে এই ‘লিগ্‌গত’ সম্পাদনা কৰে । ইয়াৰ পাছত দিনৰ সময়ছোৱাত ঘৰে ঘৰে ভোজৰ আয়োজন চলে । ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৰে ঘৰে ঘৰে পুৰাং, আপং, আলু, কচু আদি খাই ফুৰে আৰু লগে লগে বিহু মাৰি ৰং-আনন্দ কৰে (পুৰাং হৈছে তৰাপাতেৰে টোপোলা কৰা বৰা চাউলৰ এবিধ ভাত)।

দিনৰ ভাগত ঘৰে ঘৰে বিহু মাৰোতে ঢোল-তাল আদি ব্যৱহাৰ নকৰে । মুখেৰে ঢোলৰ চেওবোৰ দি ঐনিতম, কাবান আদি গাই ঘৰৰ চাঙৰ ওপৰত বিহু মাৰে । এই উৎসৱত প্ৰত্যেক মিচিঙেই নিজৰ পৰম্পৰাগত পোছাক পৰিধান কৰে । পুৰুষ সকলে মিবু গালুগ, গন্‌ৰ উগন আৰু মহিলাসকলে লেকে এগে, ৰিঃবি, গাচেং পৰিধান কৰে ।

লগতে পঢ়ক: মিচিং ডেকা-গাভৰুৰ গুমৰাগ-ঐনিঃতমৰ সুৰত উখল-মাখল কাৰেং চাপৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.