Bihar Election Results 2025

ETV Bharat / state

ধেমাজিত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত গাঁও পৰিদৰ্শন কংগ্ৰেছৰ - Hailstorm hits Assam

SEVERE HAIL STORM : শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত হোৱা ধেমাজি জিলাৰ আজোহা গাঁও পঞ্চায়তৰ বহু গাঁও পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ ৷ ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক পৰ্যাপ্ত সাহাৰ্য দিয়াৰ বাবে চৰকাৰ তথা প্ৰশাসনক দাবী জনায় দলটোৱে ৷

SEVERE HAIL STORM
শিলাবৃষ্টিত ক্ষতিগ্ৰস্তৰ ঘৰ পৰিদৰ্শন কংগ্ৰেছৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 9, 2024 at 7:00 PM IST

2 Min Read
Choose ETV Bharat
শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত আজোহা গাঁও পঞ্চায়ত পৰিদৰ্শন কংগ্ৰেছৰ (ETV BHARAT ASSAM)

ধেমাজি, 9 মে’ : 30 মে’ত অহা প্ৰৱল শিলাবৃষ্টি, বৰষুণৰ ফলত ধেমাজি জিলা আজোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন হয় ৷ ধুমুহা, শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত হোৱা ধেমাজি জিলাৰ আজোহা গাঁও পঞ্চায়তৰ বিলাসবাৰী, কাৱৈমাৰীকে ধৰি বহু গাঁও অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সম্পাদক ভাস্কৰ দুৱৰাৰ নেতৃত্বত অহা এটি সজাতি দলে বৃহস্পতিবাৰে পৰিদৰ্শন কৰে ৷

উল্লেখ্য যে বিগত 3 মে’ত অহা প্ৰৱল শিলাবৃষ্টি, বৰষুণৰ ফলত ধেমাজি জিলাৰ আজোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত বহু অঞ্চলৰ ঘৰ-বাৰী, খেতিপথাৰ, ভঁৰালৰ বিস্তৰ ক্ষতিসাধন হৈছিল ৷ বহু কষ্টৰে সপোনৰ ঘৰখন সজোৱা কেবাটাও দৰিদ্ৰ পৰিয়ালৰ ঘৰৰ টিনপাত শিলাবৃষ্টিয়ে ফুটা কৰি পেলোৱাত অসহায় হৈ পৰিছে পৰিয়ালকেইটা ৷ আজিও পৰ্যাপ্ত সাহাৰ্য নোপোৱাত শিলাবৃষ্টিয়ে ক্ষতিসাধন কৰা ঘৰখন মেৰামতি কৰিব নোৱৰাত মুকলি আকাশৰ তলতে জীৱন নিৰ্বাহ কৰিব লগা হৈছে পৰিয়ালকেইটাই ৷

আজি এই ভুক্তভোগী পৰিয়াল কেইটাৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয় অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সম্পাদক ভাস্কৰ দুৱৰাৰ নেতৃত্বত অহা সজাতি দলটোৱে ৷ এই সময়চোৱাত উপস্থিত থাকে ধেমাজি ব্লক কংগ্ৰেছৰ সভাপতি দুলাল গগৈ, চিচিবৰগাঁও ব্লক কংগ্ৰেছৰ উপ সভাপতি, চিচিবৰগাঁও ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক লিখন দেউৰী, আজোহা মণ্ডল কংগ্ৰেছৰ সভাপতি নীলমণি গগৈকে ধৰি দলটোৰ কেইবাজনো নেতা-কৰ্মী ৷ দলটোৱে অতি শীঘ্ৰেই ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক পৰ্যাপ্ত সাহাৰ্য দিয়াৰ বাবে চৰকাৰ তথা প্ৰশাসনক দাবী জনায় ৷

উল্লেখ্য যে, 3 মে’ত অহা প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাই ৰাজ্যৰ কেইবাটাও অঞ্চলত ব্যাপক ক্ষতি কৰে ৷ শিলাবৃষ্টি-ধুমুহাই ৰাইজৰ ঘৰ-বাৰীৰ লগতে খেতি পথাৰৰ ব্যাপক ক্ষতি কৰে ৷

লগতে পঢ়ক : কলিয়াবৰত অচিন পোকৰ প্ৰাদুৰ্ভাৱত বিদ্যালয়ৰ পাঠদান ব্যাহত - Bamboo Seed Bugs