ETV Bharat / state

জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভাৰ্চুৱেলী শিলান্যাস প্ৰধানমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 3:02 PM IST

জাগীৰোড ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভাৰ্চুৱেলী শিলান্যাস প্ৰধানমন্ত্ৰীৰ
জাগীৰোড ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভাৰ্চুৱেলী শিলান্যাস প্ৰধানমন্ত্ৰীৰ

Morigaon Semiconductor Unit : প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে ভাৰ্চুৱেলী শিলান্যাস কৰে অসমৰ ২৭,০০০ কোটি টকাৰ বৃহৎ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ৷ এই উপলক্ষে জাগীৰোডত অনুষ্ঠিত হয় বিশাল সভা ৷

গুৱাহাটী, ১৩ মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰিম'ৰ্টৰ বুটাম টিপি অসমৰ মৰিগাঁও জিলাৰ জাগীৰোডত ভাৰ্চুৱেলী শিলান্যাস কৰে ২৭,০০০ কোটি টকাৰ বৃহৎ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ৷ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বুধবাৰে একেলগে মুঠ ১.২৫ লাখ কোটি টকাৰ জাগীৰোডৰ প্ৰকল্পটোকে ধৰি তিনিটা অৰ্ধপৰিবাহী (ছেমি কণ্ডাক্টৰ) প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷

জাগীৰোড ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভাৰ্চুৱেলী শিলান্যাস প্ৰধানমন্ত্ৰীৰ

গুজৰাটৰ ঢোলেৰাত বিশেষ বিনিয়োগ অঞ্চলত (ডিএছআইআৰ) ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ সুবিধাৰ আধাৰশিলাৰে প্ৰথমটো প্ৰকল্প স্থাপনৰ বাবে আগবঢ়া হৈছে । গুজৰাটৰ সানন্দত আউটছ'ৰ্চড ছেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট (অ'এছএটি) সুবিধাৰ আন এটা প্ৰকল্প স্থাপন কৰা হ'ব ৷ আনহাতে, অসমৰ জাগীৰোডত তৃতীয়টো প্ৰকল্প স্থাপন কৰা হ'ব ৷ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই উপলক্ষে জাগীৰোডত এক বিশেষ সভাৰ আয়োজন কৰা হয় ৷

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলী শিলান্যাস কৰাৰ পিচত আগবঢ়োৱা ভাষণ জাগীৰোডত আয়োজিত বিশাল জনসভাত কেইবা হাজাৰ জনতাই শুনে । নিজৰ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ জনসাধাৰণলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰি কয়— "ভাৰত বিশ্বৰ তৃতীয় বৃহৎ ষ্টাৰ্ট আপ ইক'ছিষ্টেম হৈ পৰিছে ৷ ছেমি কণ্ডাক্টৰৰ ডিজাইনৰ আঁৰত আছে যুৱশক্তিৰ চিন্তা ।"

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে কয়, "একবিংশ শতিকা প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত । ইলেক্ট্ৰ'নিক চিপ নথকা এখন পৃথিৱী আমি কল্পনা কৰিব নোৱাৰোঁ । 'Made in India' আৰু 'Design in India' চিপে ভাৰতক আত্মনিৰ্ভৰতাৰ দিশত নতুন মাইলৰ খুঁটি লাভ কৰাত সহায় কৰিব ৷" ছেমি কণ্ডাক্টৰ উদ্যোগ পৰিবহণ আৰু যোগাযোগৰ দৰে আন বহু খণ্ডৰ সৈতে জড়িত । বিশ্বৰ অৰ্থনীতিত এই উদ্যোগৰ পৰা বিপুল ৰাজহ আৰু কৰ্মসংস্থাপনৰ সৃষ্টি হয় ৷ চিপ নিৰ্মাণ খণ্ডই আমাক কেৱল নিয়োগৰ সুযোগেই নহয়, প্ৰযুক্তিগত উন্নতিৰ দিশতো আগবঢ়াই নিব ।"

টাটা ছেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেডে (টিএছএটি) অসমৰ মৰিগাঁৱত শিলান্যাস হোৱা ছেমি কণ্ডাক্টৰ ইউনিটটো স্থাপন কৰিব । প্ৰতিদিনে ৪.৮ কোটি চিপ উৎপাদনৰ ক্ষমতাৰে ২৭,০০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই প্ৰকল্পটো । আনহাতে, এই প্ৰকল্পই সামৰি ল'বলগীয়া খণ্ডবোৰ হৈছে অটোমোটিভ, ইলেক্ট্ৰিক বাহন, কনজিউমাৰ ইলেক্ট্ৰ'নিকছ, টেলিকম, আৰু মোবাইল ফোন ।

এই তিনিওটা প্ৰকল্পই মুঠ ২০ হাজাৰ উন্নত প্ৰযুক্তিৰ চাকৰিৰ প্ৰত্যক্ষ নিয়োগ আৰু প্ৰায় ৬০ হাজাৰ পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিব । অসমৰ জাগীৰোডত অনুষ্ঠিত শিলান্যাস অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ উপৰি টাটা ছেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেডৰ শীৰ্ষ বিষয়ববীয়াসকলো উপস্থিত থাকে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে এই ইউনিটটোৰ জৰিয়তে প্ৰায় ৩০ হাজাৰ কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব । ইয়াৰে ভিতৰত ১৫ হাজাৰে প্ৰত্যক্ষ আৰু ১৫ হাজাৰে পৰোক্ষ সংস্থাপন লাভ কৰিব ।

লগতে পঢ়ক :নাগৰিকত্ব সংশোধনী আইন; দক্ষিণ এছিয়াৰ 3 দেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ এক অৱলোকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.