ETV Bharat / state

বিজেপি নেত্ৰী জুনু গগৈয়ে খাইছে কণমানিহঁতৰ বাবে আৱণ্টিত টকা !

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 10:32 PM IST

Updated : Feb 1, 2024, 10:44 PM IST

Golaghat News: কণমাণিহঁতৰ বাবে আৱণ্টিত টকাকেইটাও সাৰি নগ’ল লুভীয়া বিজেপি নেত্ৰীৰ পৰা ৷ দুৰ্নীতি নাই নাই বুলি কৈ থাকিলেও জুনু গগৈৰ দৰে লুভীয়াৰ বিৰুদ্ধে উঠিছে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৷

Golaghat News
গোলাঘাটত বিজেপি নেত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

গোলাঘাট, 1 ফেব্ৰুৱাৰী: ‘‘গোঁসাই ঘৰত কোন মই কল খোৱা নাই ।’’ তেনে এক ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ মৰঙী মৌজাৰ থুৰামুখ অঞ্চলত । থুৰামুখ অঞ্চলৰ এখন চাহ বাগিচাত নতুনকৈ নিৰ্মাণ কৰি থকা এখন আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মীয়মান বিদ্যালয়ত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ গোলাঘাট নগৰৰ এগৰাকী বিজেপি নেতৃত্বৰ বিৰুদ্ধে ।

গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ সভানেত্ৰী জুনু গগৈৰ ওপৰত উঠিছে আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ । দুৰ্নীতি সংঘটিত হৈছে গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত মৰঙী মৌজাৰ থুৰামুখ অঞ্চলত নতুনকৈ নিৰ্মাণ কৰি থকা আদৰ্শ অংগনবাড়ী কেন্দ্ৰটোত ।

অংগনবাড়ী কেন্দ্ৰটো নিৰ্মাণৰ দায়িত্বত থকা বিজেপি নেত্ৰী জুনু গগৈয়ে নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে । নিম্নমানৰ ইটা ব্যৱহাৰ কৰি নিৰ্মাণ অংগনবাড়ী কেন্দ্ৰটো নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । কেৱল ইটাই নহয়, কমকৈ চিমেণ্ট ব্যৱহাৰ কৰাৰ বাবেই হাতেৰে উঠাব পাৰি মজিয়াৰ প্লাষ্টাৰ ৷ ইয়াৰোপৰি ব্যৱহাৰ কৰা হৈছে নিম্নমানৰ টিনপাত ।

চাহ বাগিচা অধ্যুষিত অঞ্চলটোৰ একাংশ সচেতন লোকে অভিযোগ কৰা অনুসৰি নিম্ন মানদণ্ডৰ টিনপাত ব্যৱহাৰ কৰাৰ বাবেই এজন শ্ৰমিক ওপৰৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্তও হ'বলগীয়া হৈছে ।

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল বুলি সততে ভাষণ দি থকা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত কেন্দ্ৰটো নতুনকৈ নিৰ্মাণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে । অভিযুক্ত বিজেপি নেত্ৰীগৰাকীৰ প্ৰতি দল-সংগঠনৰ নেতৃত্বই সকীয়নি প্ৰদান কৰে যে যদিহে তেওঁ অংগবাড়ী কেন্দ্ৰটো পুনৰ নিৰ্মাণ কৰি নিদিয়ে, তেন্তে অঞ্চলটোত তেওঁৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব ৷

লগতে পঢ়ক: সোণাৰি পৌৰসভাৰ কৰ সংগ্ৰাহক বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ

Last Updated : Feb 1, 2024, 10:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.