ETV Bharat / state

তামিলনাডুত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 10:34 PM IST

Minister Sarbananda Sonowal in Tamilnadu
তামিলনাডুত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Minister Sarbananda Sonowal in Tamil Nadu: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তামিলনাডুত ব্যস্ত সৰ্বানন্দ সোণোৱাল । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তামিলনাডুৰ থুথুকুড়িৰ এক চৰকাৰী অনুষ্ঠানত তামিল স্বাভিমানৰ প্ৰতীক পবিত্ৰ 'চেংগোলে'ৰে সন্মানিত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ।

তামিলনাডুত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী : বন্ধ খামত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা লৈ দিল্লীত ব্যস্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ইফালে কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দক্ষিণ ভাৰতত ব্যস্ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে তামিলনাডুলৈ আগবঢ়ালে ১৭,৩০০ কোটিতকৈও অধিক টকাৰ চৰকাৰী উপহাৰ । মুঠ ১৭,৩০০ কোটিতকৈও অধিক ব্যয়ৰে নিৰ্মাণ কৰা বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰীগৰাকীক ৩০,০০০ জনতাৰ উপস্থিতিত 'চেংগোল' প্ৰদান কৰে । এই চেংগোল হ’ল তামিল স্বাভিমানৰ প্ৰতীক স্বৰূপ ।

শেহতীয়াকৈ ৰাজ্যত চৰ্চাত আছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ব্যস্ততা ৷ ফলত এতিয়া প্ৰশ্ন হৈছে যে, ৰাজ্যত ক্ৰমাৎ অপ্ৰাসংগিক হৈ পৰিছে নেকি মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ? অসমৰ লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটৰ পৰা আঁতৰি চলিব লগা হৈছে নেকি সৰ্বানন্দ সোণোৱাল ? হিমন্ত বিশ্ব শৰ্মাৰ অসমত ৰাজনৈতিকভাৱে প্ৰভাৱহীন হৈ পৰিছে নেকি সৰ্বানন্দ সোণোৱাল ? যাৰ বাবে বিজেপিয়ে সোণোৱালক সন্তুষ্ট কৰি ৰাখিবলৈকে ব্যস্ত হৈ কৰি ৰাখিছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ? তাৰেই যেন প্ৰতিচ্ছবি দেখা গ’ল আজি তামিলনাডুত ।

বুধবাৰে তামিলনাডুৰ থুথুকুড়িত প্রধানমন্ত্রীয়ে ভিঅ' চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কন্টেইনাৰ টার্মিনেলৰ আধাৰশিলা স্থাপন কৰে । ইয়াৰ পৰাই প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰে সেউজ জাহাজ উদ্যোগৰ অধীনত ভাৰতৰ প্ৰথমখন থলুৱা সেউজ হাইড্র'জেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজৰো । লগতে ১০ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক সামৰি ৭৫ টা লাইটহাউচত আৰম্ভ কৰা পর্যটন সুবিধাও মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সমবেত লোকসকলক সম্বোধন কৰি বিকশিত ভাৰতৰ যাত্ৰা আৰু তামিলনাডুৰ ভূমিকাক প্ৰশংসা কৰে ৷ ভিঅ' চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টার্মিনেলৰ আধাৰশিলা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, এই প্রকল্পটোত মুঠ ৭,০০০ কোটি টকা বিনিয়োগ কৰা হ'ব ৷

এই অনুষ্ঠানতে বিভাগীয় মন্ত্ৰী হিচাবে সৰ্বানন্দ সোণোৱালক দেখা যায় । কিন্তু লোকসভা নিৰ্বাচনৰ এই ভৰপক সময়ত সোণোৱাল স্বাভাৱিকতে মন্ত্ৰী হিচাবে বিভাগীয় ব্যস্ততাৰ লতগে ব্যস্ত থাকিব লাগিছিল ৰাজ্যৰখনৰ ৰাজনীতিত । আনকি তেওঁ প্ৰতিনিধিত্ব কৰা মাজুলী বিধানসভা সমষ্টিতো মঙলবাৰে বাইক ৰেলী কৰি উপস্থিত হৈ লোকসভা নিৰ্বাচনৰ ৰণডংকা বজায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আনহাতে সোণোৱালক পৰিস্থিতি সাপেক্ষে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা এইবাৰ বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ কৰাব বুলিও বিজেপিৰ ভিতৰ চ’ৰাত ব্যাপক চৰ্চা আৰম্ভ হৈছে ।

লগতে পঢ়ক: জ্যেষ্ঠ সাংবাদিক নগেন বৰাৰ উপন্যাস 'দেউতা ভাল হৈছে' উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.