ETV Bharat / state

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাই পৃথিৱীত শান্তি-সমন্বয়-মানৱতাৰ অনুভূতি জগাই তুলিছে : সোণোৱাল - ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা

Pran Pratishtha ceremony : অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰাম মন্দিৰৰ ৷ অযোধ্যাত আয়োজিত এই ধৰ্মীয় অনুষ্ঠান উপলক্ষে টিংখাঙত মন্ত্ৰী বিমল বড়াৰ নেতৃত্বত বাহিৰ কৰা হয় এক বিশাল শোভাযাত্ৰা ৷ ইফালে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাই পৃথিৱীৰ বুকুত শান্তি, সমন্বয় আৰু মানৱতাৰ অনুভূতি জগাই তুলিছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Pran Pratishtha ceremony
অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰাম মন্দিৰৰ
author img

By ETV Bharat Assamese Team

Published : January 22, 2024 at 9:04 PM IST

2 Min Read
অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰাম মন্দিৰৰ

ডিব্ৰুগড়, ২২ জানুৱাৰী : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰতিজন ভাৰতীয়ই ভক্তিভাৱে অংশগ্ৰহণ কৰিছে । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাই কেৱল ভাৰতবৰ্ষতে নহয় পৃথিৱীৰ বুকু শান্তি, সমন্বয় আৰু মানৱতাৰ অনুভূতি জগাই তুলিছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত এয়া সম্ভৱ হৈ উঠিছে বুলি অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোৰ লগত সংগতি ৰাখি আজি ডিব্ৰুগড়ত স্বচ্ছতা কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মন্তব্য কৰে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি চহৰখনৰ থানা চাৰিআলিস্থিত বাবা ৰামদেৱৰ মন্দিৰ আৰু শনি মন্দিৰত হাতত ঝাড়ু লৈ স্বচ্ছতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে । কাৰ্যসূচীত বিধায়ক প্ৰশান্ত ফুকন, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ সভাপতি অসীম হাজৰিকা, পৌৰপতি ডাঃ চৈকত পাত্ৰ আদিকে ধৰি কেইবাগৰাকী বিজেপি নেতাই অংশগ্ৰহণ কৰে । আনহাতে, টিংখাঙৰ ঐতিহাসিক শ্ৰীশ্ৰী যুৰীয়া আই থানৰ পৰা মন্ত্ৰী বিমল বড়াৰ নেতৃত্বত বিশাল শোভাযাত্ৰা উলিওৱা হয় ।

আজি অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক কেন্দ্ৰ কৰি সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে টিংখাঙতো দেখা পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা । এই উদ্দেশ্যে টিংখাঙৰ শ্ৰীশ্ৰী যুৰীয়া আই থানৰ প্ৰাংগণৰ পৰা ৰাজগড় চহৰত এক বিশাল ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰা হয় ।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে টিংখাঙত মন্ত্ৰী বিমল বড়াৰ নেতৃত্বত বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয় । টিংখাঙৰ ঐতিহাসিক শ্ৰীশ্ৰী যুৰীয়া আই থানৰ প্ৰাংগণৰ পৰা উলহ-মালহেৰে বাহিৰ কৰা হয় এই বিশাল শোভাযাত্ৰা । জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈ পৰে টিংখাঙৰ আকাশ বতাহ ৷

লগতে পঢ়ক : ৰাম ভজনেৰে মুখৰিত নিউয়ৰ্কৰ টাইমছ স্কোৱেৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.