ETV Bharat / state

বিজেপিত যোগদান কৰা কাৰ্য আছুৰ সত্তা-আদৰ্শৰ প্ৰতি বিশ্বাসঘাতকতা : সমুজ্জল কুমাৰ ভট্টাচাৰ্য

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 6:14 PM IST

AASU leaders switch to BJP : আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথৰ লগতে কেইবাগৰাকীয়ো প্ৰাক্তন নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া আছুৰ মুখ্য উপদেষ্টাৰ ৷ দলীয় আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু অসমীয়াৰ তথা খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে তেওঁ কাম কৰি যাব বুলি উল্লেখ কৰে ৷

AASU leaders switch to BJP
ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য
আছুৰ মুখ্য উপদেষ্টাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 31 জানুৱাৰী : "প্ৰাক্তন সভাপতি আৰু ছাত্ৰ সন্থাৰ কেইজনমান বিষয়ববীয়া-সদস্যই বিজেপি দলত যোগদান কৰা কাৰ্য সদৌ অসম ছাত্ৰ সন্থাৰ সত্তা, দৰ্শন আৰু আদৰ্শৰ প্ৰতি চূড়ান্ত বিশ্বাসঘাতকতা ৷ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ সৈতে কথা পাতি এই কাম কৰা বুলি যি বাতৰি প্ৰকাশ পাইছে সেয়া গোকাট মিছা, অদ্ভূত আৰু অবান্তৰ ৷" এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ ৷ আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথৰ লগতে কেইবাগৰাকীয়ো প্ৰাক্তন নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰা সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে ৷

এই সন্দৰ্ভত আছুৰ সকলো সদস্য-সদস্যা তথা সকলোকে হতাশ নহ’বলৈ অনুৰোধ জনায় মুখ্য উপদেষ্টা গৰাকীয়ে কয় যে, সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অতি কম সংখ্যক লোকেই সক্ৰিয় ৰাজনীতিলৈ যায় ৷ সংগঠনটোৰ প্ৰাক্তন এক শতাংশ লোকে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰে ৷ বাকী 99 শতাংশ ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা-কৰ্মী বিদ্যালয়, মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ৰ শিক্ষক, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বাতৰি কাকতৰ সম্পাদক, ভাল খেতিয়ক, ব্যৱসায়ী, সাংবাদিক, খেলুৱৈ, দক্ষ প্ৰশাসনিক বিষয়া হয় বুলি উল্লেখ কৰে তেওঁ ৷

ভট্টাচাৰ্যই লগতে কয় যে, সমাজৰ সকলো স্তৰতে প্ৰাক্তন এই 99 শতাংশই সফলতাৰে, দক্ষতাৰে নেতৃত্ব দি আহিছে ৷ ছাত্ৰ সন্থাৰ যি এই 99 শতাংশ প্ৰাক্তন কৰ্মী-বিষয়ববীয়াই সমাজত সফলতাৰে, দক্ষতাৰে নেতৃত্ব দি আহিছে তেখেত সকলেহে সদৌ অসম ছাত্ৰ সন্থাৰ সত্তাটোক প্ৰতিনিধিত্ব কৰে ৷ বিশ্বাসঘাতকতা কৰা এই এক শতাংশই ছাত্ৰ সন্থাৰ সত্তাটোক প্ৰতিনিধিত্ব নকৰে বুলি মন্তব্য কৰে তেওঁ ৷ লগতে দলীয় আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু অসমীয়াৰ তথা খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে তেওঁ কাম কৰি যাব বুলিও উল্লেখ কৰে ৷

উল্লেখ্য যে, বিগত দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ, প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাসৰ লগতে সংগঠনটোৰ কেইবাজনো বিষয়ববীয়াই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰাক লৈ বিভিন্নজনে নেতাকেইজনৰ লগতে আছুক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ তাৰ মাজতেই এই বিষয় সন্দৰ্ভত আজি এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছুৰ উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷

লগতে পঢ়ক : বিজেপিৰ প্ৰতি বিৰোধীৰ দুৰ্বলতা বৃদ্ধি পাইছে; অশোক ভট্টৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.