ETV Bharat / politics

বিজেপিৰ প্ৰতি বিৰোধীৰ দুৰ্বলতা বৃদ্ধি পাইছে; অশোক ভট্টৰায়

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 6:56 AM IST

Updated : Jan 30, 2024, 8:27 AM IST

Assam bjp vice president on Loksabha poll 2024: ভাৰত জোড়ো ন্যায় যাত্ৰাক শতিকাৰ সৰ্ববৃহৎ অন্যায় যাত্ৰা আখ্যা অসম বিজেপিৰ ৰাজ্যিক উপ সভাপতি অশোক ভট্টৰায়ৰ ৷ সাধাৰণ নিৰ্বাচনত 12 খন আসন দখল কৰিব বুলি ভট্টৰায়ৰ ৷ অসমত বিজেপি চৰকাৰৰ নেতৃত্বত উন্নয়ন হৈছে বাবেই বিজেপিৰ প্ৰতি বিৰোধীৰ দূৰ্বলতা বৃদ্ধি পাইছে বুলি দাবী কৰে ভট্টৰায়ে ৷

Assam bjp vice president
অসম বিজেপিৰ ৰাজ্যিক উপ-সভাপতি অশোক ভট্টৰায়

বিশ্বনাথ, 30 জানুৱাৰী: এইবাৰ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক শতিকাৰ সৰ্ববৃহৎ অন্যায় যাত্ৰা আখ্যা দিলে অসম বিজেপিৰ ৰাজ্যিক উপ-সভাপতি অশোক ভট্টৰায়ে । সমাগত নিৰ্বাচনক লক্ষ্য কৰি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ নেতৃত্বত সমগ্র ভাৰতত ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷ কংগ্ৰেছ দলটোক পুনৰ উত্থানৰ বাবে এক নতুন ৰণনীতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ৷ এই ভাৰত জোড়ো ন্যায় যাত্ৰাই দেশৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰাৰ সমান্তৰালভাবে শাসনাধিষ্ঠিত কেন্দ্ৰীয় চৰকাৰখনক ইয়াৰ বিৰুদ্ধে প্ৰায়ে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে ৷

এই সন্দৰ্ভত Etv Bharat Assam ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সোমবাৰে বিহালীত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ ৰাজ্যিক উপ-সভাপতি আশোক ভট্টৰায়ে প্ৰতিক্ৰিয়া আগবঢ়ায় কয়, "কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত দেশত চলা ভাৰত জোড়ো ন্যায় যাত্ৰা শতিকাৰ সৰ্ববৃহৎ অন্যায় যাত্ৰা । কাৰণ কংগ্ৰেছ চৰকাৰে 50 বছৰৰো অধিক কাল শাসন চলোৱাৰ সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত যি বিকাশ হৈছিল তাতকৈ অধিক বিকাশ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত থকা বিজেপিৰ চৰকাৰে কৰি দেখুৱাইছে ৷ তেওঁলোকৰ প্ৰথমটো কাৰ্যকালতে দেশৰ জনসাধাৰণে পোহৰ আৰু উন্নয়ন দেখা পাইছে । এই উন্নয়নৰ বিৰুদ্ধে যি যাত্ৰা কৰিছে এই যাত্ৰা অন্যায় যাত্ৰাৰ বাহিৰে আন একো নহয় ।"

ভট্টৰায়ে এই যাত্ৰাই বিজেপিৰ কোনো ক্ষতি নকৰে বুলি দাবী কৰে । অসমৰ বিৰোধী ঐক্য মঞ্চৰ লগতে বিৰোধী গোটৰ একাংশ নেতাই বিজেপিত যোগদান কৰা কাৰ্যই বিজেপি দলটোক অধিক শক্তিশালী কৰিব বুলি ভট্টৰায়ে কয় । ইফালে প্ৰাক্তন আছু নেতা দীপাংক নাথ বিজেপিত যোগাদান কৰা সন্দৰ্ভত ভট্টৰায়ে কয়, "অসমত বিজেপি চৰকাৰৰ নেতৃত্বত উন্নয়ন হৈছে যি কথা বিৰোধীৰ একাংশ নেতা কৰ্মীয়ে এতিয়া বুজি পাইছে ৷ যাৰ ফলত এতিয়া বিজেপিৰ প্ৰতি বিৰোধীৰ দুৰ্বলতা বৃদ্ধি পাইছে ।"

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাক চিকিৎসাৰ প্ৰয়োজন বুলি ক’লে গৌৰৱ গগৈয়ে

Last Updated : Jan 30, 2024, 8:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.