ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাক চিকিৎসাৰ প্ৰয়োজন বুলি ক’লে গৌৰৱ গগৈয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 8:27 PM IST

Gaurav Gogoi: বিৰোধীয়ে শাসকক সমালোচনা কৰাটো স্বাভাৱিক, কিন্তু শেহতীয়াকৈ শাসক পক্ষইহে বিৰোধীক অধিক সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ আৰম্ভ হৈছে এক্সযুদ্ধও ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী X একাউণ্টত ৰাহুল গান্ধীৰ ভিডিঅ’ই অধিক দেখিবলৈ পোৱা গৈছে ৷ এইবাৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি পোষ্ট দিছে গৌৰৱ গগৈয়েও ৷

Himanta Biswa Sarma
MP Gaurav Gogoi

গুৱাহাটী, 25 জানুৱাৰী : ‘‘আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মানসিক চাপত পৰিছে ৷ সেয়ে এইকেইদিন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিন-দুপৰতে দুজন ৰাহুল গান্ধীক দেখা পাইছে ।’’ এই মন্তব্যৰে হিমন্ত বিশ্ব শৰ্মাক মেডিকেল চেক-আপ কৰিবলৈ পৰামৰ্শ দিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ৷

  • I advise the Assam Chief Minister Himanta Biswa Sarma to get a medical check up. He is seeing two Rahul Gandhi during the day. Maybe the truth of being #MostCorruptCMHimanta is too stressful. Get well soon.

    — Gaurav Gogoi (@GauravGogoiAsm) January 25, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

তিতা-মিঠা অভিজ্ঞতাৰে অসমত ৰাহুল গান্ধীৰ ৮ দিনীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সামৰণি পৰাৰ পিচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে সাংসদ গৌৰৱ গগৈ ৷ এই আঠদিনীয়া অসমত ন্যায় যাত্ৰাত প্ৰায় প্ৰতিটো দিনতে ৰাহুল গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মাক দেশৰ সবাতোকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীৰূপে সমালোচনা কৰি গ’ল ।

কেৱল ৰাহুলেই নহয়, জ্যেষ্ঠ কংগ্ৰেছী নেতা জয়ৰাম ৰমেশ, ভূপেন বৰা, গৌৰৱ গগৈ আদিয়েও একে অভিযোগেৰেই মুখ্যমন্ত্ৰীক সমালোচনা কৰে ৷ তাৰ পিচতেই আজি কংগ্ৰেছৰ ন্যায় যাত্ৰা পশ্চিমবংগত প্ৰৱেশ কৰে ।

পুনৰবাৰ আজি বিয়লি সামজিক মাধ্যম X-ত মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কটাক্ষভৰা পোষ্ট দিয়ে গৌৰৱ গগৈয়ে ৷ সামিজিক মাধ্যম Xত গৌৰৱ গগৈয়ে লিখিছে- “অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মেডিকেল চেক-আপ কৰিবলৈ পৰামৰ্শ দিওঁ ৷ দিন-দুপৰতে তেওঁ দুজনকৈ ৰাহুল গান্ধীক দেখা পাইছে । হয়তো #MostCorruptCMHimanta হোৱা সত্যটোৰ মানসিক চাপ বহুত । সোনকালেই আৰোগ্য লাভ কৰক ৷”

মন কৰিবলগীয়া যে, ৰাহুল গান্ধীৰ অসমৰ ন্যায় যাত্ৰা কালচোৱাৰ প্ৰধান আকৰ্ষণীয় বিষয় হৈ পৰিছিল ৰাহুল গান্ধী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰস্পৰক কৰা কঠোৰ সমালোচনা । ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা অসমৰ পৰা প্ৰস্থানৰ পিচত এতিয়া অসম আৰক্ষীয়ে থানাত হাজিৰ হ’বলৈ একাদিক্ৰমে চমন জাৰি কৰিছে ভূপেন বৰা, দেৱব্ৰত শইকীয়াকে ধৰি কেইবাগৰাকীও কংগ্ৰেছ নেতাক৷

ইফালে আজি দুপৰীয়া দিছপুৰত সংবাদমেল পাতি ৰাহুল গান্ধীয়ে অসমত সাম্প্ৰদায়িক সংঘাত লগোৱাৰ পৰিকল্পনা কৰাৰ অভিযোগ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তাৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এইদৰে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ কৈ কটাক্ষ কৰি আক্ৰমণাত্মক হৈ পৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে নাভূত-নাশ্ৰুত কথা কৈছে : প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.